৫ কোটি টকীয়া ঢকুৱাখনা নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

৫ কোটি টকীয়া ঢকুৱাখনা নগৰ পানীযোগান আঁচনিৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ দেওবাৰে ৰাজ্য চৰকাৰৰ বিত্ত তথা স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে পুৱা-১০ বজাত ঢকুৱাখনাত উপস্থিত হৈ প্ৰথমে ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ৰ কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে চিকিৎসালয়ৰ চৌহদত এটা অত্যাধুনিক বিনামূলীয়া তেজ পৰীক্ষাগাৰ মুকলি কৰে। ইয়াৰ পিছতে ঢকুৱাখনা উন্নয়ন খণ্ডৰ কাষতে ৫ কোটি -৪০ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'বলগীয়া নগৰীয়া পানী যোগান প্ৰকল্পৰ আধাৰশিলা কৰে মন্ত্ৰী ড০ শৰ্মাই।

সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা সভাখনত মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত কয় যে, ঢকুৱাখনাৰ মানুহে সু চিকিৎসাও পাব লাগিব আৰু সুস্বাস্থ্যৰ গৰাকীও হ'ব লাগিব। আৰু তাৰ বাবেই এই পানী যোগান আঁচনিখন নিৰ্মাণ কৰা হৈছে য'ৰ পৰা ঢকুৱাখনাবাসীয়ে বিশুদ্ধ খোৱাপানী লাভ কৰিব। পানী যোগান আঁচনিখনে বৰ্তমান ২৫০০ লোকক সামৰি লৈছে যদিও অতি সোনকালে সমগ্ৰ নগৰ অঞ্চলৰ লোকে ইয়াৰ পৰা উপকৃত হ'ব। ঢকুৱাখনাৰ চিকিৎসাৰ দিশটোত অধিক গুৰুত্ব দিব বুলি প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে পুনৰ কয় যে, ঢকুৱাখনা মহকুমাত জিলা পৰ্যায়ৰ এখন চিকিৎসালয় অচিৰেই নিৰ্মাণ কৰা হ'ব। যিহেতু লখিমপুৰ সদৰত আমি এখন চিকিৎসা মহাবিদ্যালয়ৰ কাম প্ৰায় সম্পূৰ্ণ কৰি তুলিছো গতিকে একে সময়তে ঢকুৱাখনাত পূৰ্বতে প্ৰতিশ্ৰুতি দিছিলো যদিও মহকুমা চিকিৎসালয় খন উন্নতমানৰ কৰিব পৰা নহ'ল, কিন্তু অতি সোনকালে এই কাম সম্পূৰ্ণ কৰা হ'ব।

লগতে তেওঁ কয়, লখিমপুৰবাসীলৈ সুখবৰ এয়ে যে অহা বছৰৰ ১৫ আগষ্টৰ ভিতৰত লখিমপুৰ মেডিকেল কলেজ সম্পূৰ্ণ কাৰ্যক্ষম হৈ উঠিব৷ আনহাতে তেওঁৰ অধীনৰ গুৰুত্বপূৰ্ণ গৰকাপ্তানি বিভাগতোৰ কথা উল্লেখ কৰি মন্ত্ৰী গৰাকীয়ে লগতে কয় যে- ঢকুৱাখনাৰ পৰা মাজুলীৰ কমলাবাৰী সংযোগী ৮০ কোটি টকীয়া দুইলেনযুক্ত পথৰ নিৰ্মাণকাৰ্য চলি আছে। যিটো পথৰ নিৰ্মাণ অতি সোনকালে সম্পূৰ্ণ হৈ উঠিব। এতিয়া গড়কাপ্তনি বিভাগত বহু পৰিবৰ্তন আহিছে। আগৰ তুলনাত এতিয়া বিভাগটোৰ ফাইলৰ কাম আৰু বিভিন্ন ঠাইত চলি থকাৰ কামৰ মাজত পাৰ্থক্য কমি গৈছে৷

"অসম মালা আচনি"ৰ অধীনত শীঘ্ৰে ২০০ ৰ পৰা ২৫০ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হ'ব এই পথ। এপ্ৰিলৰ ভিতৰত নিবিদা প্ৰক্ৰিয়া চূড়ান্ত কৰি অতি সোনকালে এই পথটি নিৰ্মাণ কৰা হ'ব আঁচনিৰ প্ৰথম পৰ্যায়ত। পাচৰ পয্যায়ত গোগামুখ- বৰদৈ – বেবেজীয়া- জেংৰাই মুখ সংযোগী পথতোও নিৰ্মাণ কৰা হ'ব এই আঁচনিৰ অধীনতে। লগতে ঢকুৱাখনাত পথ সম্প্ৰসাৰণৰ বাবে ৩২ কোটি টকাৰ এক আঁচনি গ্ৰহণ কৰা হৈছে বুলি দেওবাৰে তেওঁ উল্লেখ কৰে। তদুপৰি মন্ত্ৰী শৰ্মাই ৰাজ্যৰ শিক্ষা ব্যৱস্থালৈ অহা পৰিবৰ্তনৰ কথা উল্লেখ কৰি মাধ্যমিক আৰু উচ্চ মাধ্যমিকৰ দৰে স্নাতক শাখাৰ ছাত্ৰ-ছাত্ৰীসকলকো অহা বছৰৰ পৰা বিনামুলীয়াকৈ পাঠ্যপুঠি প্ৰদান কৰিব বুলি কৈ শিক্ষাত সৰ্বসাধাৰণ ৰাইজৰ ব্যয় কমি আহিছে বুলি মন্তব্য কৰে।

ইফালে অহা জানুৱাৰীৰ পৰা মাৰ্চৰ ভিতৰত পঞ্চায়তে পঞ্চায়তে সকলো বৃদ্ধ-বৃদ্ধাকে ঘৰে ঘৰে গৈ বৃদ্ধ পেন্সনৰ সুবিধা দিব বুলিও বক্তব্য ৰাখি মন্ত্ৰীজনে কয় যে, অহা বৰ্ষৰ ৩১মাৰ্চৰ ভিতৰত সকলো বিধৱা মহিলাই পাব পেন্সনৰ সুবিধা৷ আৰু বৰ্তমানলৈকে বেংকলৈ নাম যোৱা সকলো আত্মসহায়ক গোটে লাভ কৰিব ৫০ হেজাৰকৈ টকা। অহা বছৰৰ ১ ফেব্ৰুৱাৰীৰ পৰা ছোৱালীৰ বিয়াত ১ তোলাকৈ সোণ দিয়া "অৰুন্ধতী আচনি" আৰম্ভ কৰিব বুলি কৈ এই আঁচনিৰ বাবে বছৰত চৰকাৰে ১০০০কোটি টকা ব্যয় কৰিব৷

উল্লেখযোগ্য যে, অসম চৰকাৰৰ নগৰীয়া পানী যোগান আঁচনিৰ সচিব ৰঞ্জিত হাজৰিকাই অসম চৰকাৰৰ পঞ্চম বৃত্তিয় আয়োগৰ অধীনত ৰূপায়িত আজি আঁচনিৰ আদৰণি ভাষণ আগবঢ়োৱাৰ পাছত অনুষ্ঠানত উপস্থিত থকা বোকাজানৰ বিধায়ক তথা নগৰীয়া পানী যোগান আঁচনিৰ অধ্যক্ষ ডাঃ নুমল মমিনে ঢকুৱাখনাত আৰম্ভ কৰা এই আঁচনিখনে অতি সোনকালে ঢকুৱাখনাৰ মুঠ ১৩০০০ নগৰবাসী ৰাইজক সামৰি ল'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ইফালে স্থানীয় বিধায়ক তথা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী নৱ দলেই অসম চৰকাৰৰ বৃত্ত মন্ত্ৰী গৰাকীৰ ধন্যবাদ জ্ঞাপন কৰে ঢকুৱাখনাত এনে এটা আঁচনিৰ বাবে পইচা মুকলি কৰি দিয়া বাবে।

তেওঁ লগতে পথ, যোগাযোগ, চিকিৎসা, শিক্ষা আদি সকলো দিশতে অসম চৰকাৰৰ বৃত্ত বিভাগৰ পৰা ঢকুৱাখনালৈ অধিক পুঁজি আৱন্তন দিবলৈ আহ্বান জনায়। ধেমাজিৰ বিধায়ক ডাঃ ৰনোজ পেগুকে ধৰি জিলা উপায়ুক্ত ডঃ জীৱন বি, জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোহাঁই, জিলা বিজেপিৰ সভাপতি প্ৰদীপ চমুৱা, নগৰ সমিতিৰ সভানেত্ৰী মীনা হাজৰিকা আদিকে ধৰি ঢকুৱাখনাৰ বহু বিশিষ্ট লোকে অংশগ্ৰহণ কৰা সভাখনত লগতে ভাষণ আগবঢ়ায় লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱাই।

উল্লেখযোগ্য যে, দেওবাৰৰ অনুষ্ঠানতো ঢকুৱাখনা মহকুমা প্ৰশাসনৰ ফালৰ পৰা আয়োজন কৰা হৈছিল যদিও ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই ঢকুৱাখনাৰ সংবাদ মাধ্যমক এই অনুষ্ঠানতোৰ সম্পৰ্কত শনিবাৰে একো অৱগত ঢকুৱাখনাৰ সাংবাদিক সন্থাই তীব্র ক্ষোভ প্ৰকাশ কৰিছে। মহকুমাধিপতি গৰাকীৰ এই কাৰ্যক ঢকুৱাখনাৰ সচেতন মহলে গৰিহণা দি সাংবাদিকৰ ওচৰত তেওঁক ক্ষমা খুজিবলৈ দাবী জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in