ঢকুৱাখনাত কেন্দ্ৰীয় টাউন ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি…

ঢকুৱাখনাত কেন্দ্ৰীয় টাউন ৰঙালী বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ প্ৰতিকূল বতৰৰ মাজতো ঢকুৱাখনাত চলিছে এতিয়া বিহুৰ ব্যাপক প্রস্তুতি। এফালে ম'হঘুলি চাপৰিত বতৰৰ বাধা নেওচি উদযাপন সমিতিয়ে ফাটবিহুৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ সমান্তৰালকৈ ঢকুৱাখনাৰ আন এখন অন্যতম বিহু 'কেন্দ্ৰীয় টাউন ৰঙালী বিহু'ৰো ব্যাপক প্ৰস্তুতি চলাইছে উদযাপন সমিতিয়ে। উদযাপন সমিতিৰ সম্পাদক স্বৰাজ শংকৰ গগৈয়ে জনোৱা মতে অহা ১৪ আৰু ১৫ মে'ত আয়োজন কৰা বিহুখনৰ প্ৰথমদিনা ১১ বজাত অনুষ্ঠিত হব টকা বিহু প্ৰতিযোগিতা। আনহাতে বিহু সন্মিলন খনৰ সকলোতকৈ আকৰ্ষণীয় সৰু বিহুৱতী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা সেইদিনা বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হব। প্ৰতিযোগিতা খন উদ্বোধন কৰিব সহকাৰী আয়ুক্ত তথা ঢকুৱাখনাৰ খণ্ড উন্নয়ন বিষয়া গোপাল শৰ্মাই।

১৫ মে' বুধবাৰে দিনৰ ১২ বজাৰ পৰা চূড়ান্ত প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হোৱাৰ পাছত বিয়লি ভাগলৈ বঁটা বিতৰনিৰ লগতে মুখপত্ৰ "ৰঙালী" উন্মোচন কৰা হব। ইফালে সপ্তদশ বছৰত ভৰি দিয়া বিহুখনিৰ সাংস্কৃতিক সন্ধিয়াত গীতৰ লহৰ তুলিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই। সাংস্কৃতিক সন্ধিয়াটি উদ্বোধন কৰিব ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই।

উল্লেখযোগ্য যে এইবাৰ উদযাপন সমিতিয়ে বৰবিহুৱতীৰ প্ৰথম পুৰস্কাৰ হিচাপে এখন স্কুটি দিয়াৰ লগতে দ্বিতীয় পুৰস্কাৰ এটা এল ই ডি টিভি , সৰু বিহুৱতীৰ প্ৰথম পুৰস্কাৰ এটা ৰেফ্ৰিজেৰেটৰ, দ্বিতীয় পুৰস্কাৰ এটা এল ই ডি টিভি আগবঢ়াব। লগতে টকা বিহুৰ শ্ৰেষ্ঠ দলতোৱে ১১০০০ টকা পোৱাৰ লগতে দ্বিতীয় আৰু তৃতীয় দল দুটাই লাভ কৰিব ক্ৰমে ৫০০০ আৰু ৩০০০ টকা। ইচ্ছুক প্ৰতিযোগী সকলক উদযাপন সমিতিৰ সৈতে আগতীয়াকৈ যোগাযোগ কৰিবলৈ সম্পাদক গৰাকীয়ে আহ্বান জনাইছে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in