ঢকুৱাখনাত নৱম শ্ৰেণীৰ ২ বন্ধুৱে সাজি উলিয়ালে টাইটানিকৰ আৰ্হিত ভেলাঘৰ… VIDEO

ঢকুৱাখনাত নৱম শ্ৰেণীৰ ২ বন্ধুৱে সাজি উলিয়ালে টাইটানিকৰ আৰ্হিত ভেলাঘৰ… VIDEO

ডিজিটেল সংবাদ, ঢকুৱাখনা: নৱম শ্ৰেণীৰ দুই বন্ধুৱে সাজি উলিয়াইছিল এই ভেলাঘৰ। ঢকুৱাখনাৰ জিয়ামৰিয়া গাঁৱৰ ৰঞ্জন বৰা আৰু লক্ষজ্যোতি দত্ত নামৰ দুই বন্ধুৱে সাজি উলিয়াইছিল এই আকৰ্ষণীয় টাইটানিক আৰ্হিৰ ভেলাঘৰতো। জানুৱাৰীৰ প্ৰথম সপ্তাহৰ পৰাই এই দুই বন্ধুৱে কষ্ট কৰি সাজি উলিয়াইছিল এই সুন্দৰ আটকধুনীয়া ভেলাঘৰতি।

দেশৰ ৰাজনীতি বা "কা" কি তাৰ বিষয়ে বিতংকৈ গম নাপালেও শেহতীয়াকৈ সংবাদ মাধ্যমত কা বিৰোধী আন্দোলনৰ দৃশ্যবোৰ এই দুই বন্ধুৱেও পন লৈছিল তেওঁলোকেও মাঘৰ মেজিৰ জুইত দাহ কৰিব অসমীয়া জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিলিপি।

সেয়ে চুবুৰীৰ বাকী কেইগৰাকীমান কণ কণ শিশুৰ সৈতেই পুৱতি নিশাই কাষতে নিৰ্মাণ কৰা মেজিত দাহ কৰিছিল কাৰ প্ৰতিলিপি। যিসময়ত এচাম সুবিধাবাদী অসমীয়াই এতিয়াও চৰকাৰী সা-সুবিধাৰ আশাত এনে বিতৰ্কিত আইনক লৈ নিমাত হৈ আছে তেনে সময়ত এই কণমানি কেইটাৰ এনে প্ৰচেষ্টা সচাই আদৰণীয়।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in