ঢকুৱাখনাত বিজেপি নেতাক আক্ৰমণৰ অভিযুক্তক ৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ…

ঢকুৱাখনাত বিজেপি নেতাক আক্ৰমণৰ অভিযুক্তক ৩ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: ঢকুৱাখনা সমষ্টিৰ খেৰকটা পঞ্চায়তৰ এখন দলীয় কৰ্মীৰ সভাত ভাগ লবলৈ যোৱা দুই বিজেপি নেতাক বাটত আগচি ধৰি নি মাৰ-ধৰ কৰাৰ ঘটনাত অভিযুক্ত-খেৰকটা আঞ্চলিক টি.এম.পি.কেৰ সভাপতি-কিশোৰ দলে, সম্পাদক-ৰাজ কুমাৰ দলে আৰু এম,এম,কে'ৰ সদস্য লিজু দলেয়ে ৪ নৱেম্বৰৰ বিয়লি মিচিং জাতীয় সংগঠনৰ শীৰ্ষ নেতাৰ নিৰ্দেশত ঢকুৱাখনা থানাত আত্মসমৰ্পণ কৰাৰ পিছত ঢকুৱাখনা আৰক্ষীয়ে তিনিওৰে স্বাস্থ্য পৰীক্ষা কৰি সোধ-পোচৰ বাবে ৰাখিছিল যদিও মঙলবাৰে তিনিওকে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয়।

আদালতত ঢকুৱাখনা আৰক্ষীয়ে অধিক অনুসন্ধানৰ বাবে তিনিওগৰাকীকে তিনি দিনৰ জিম্মাত বিচাৰি আবেদন দিয়াত সেই আবেদন মঞ্জুৰ কৰে।ফলত তিনিওগৰাকী মিচিং জাতীয় সংগঠনৰ নেতাকে ঢকুৱাখনা আৰক্ষীয়ে তিনিদিনৰ জিম্মাত লৈ আনে। বিশেষ সুত্ৰে জানিব পৰা মতে, একালৰ মিচিং জাতীয় সংগঠন-এম এম কেৰ লগতে সন্মিলিত গণশক্তি অসমৰ কৰ্ণধাৰ সমিতিৰ দুই নেতা-পৰমানন্দ চুংক্ৰাং, বৈদ্যনাথ পাঞাং আৰু মিচিং স্বায়ত্ব পৰিষদৰ প্ৰাক্তন উপাধ্যক্ষ হেমেশ্বৰ পেগুসহ ভালে সংখ্যক মিচিং জাতীয় সংগঠনৰ গুৰি ধৰোতা লোকে যোৱা-২ আগষ্টত আনুষ্ঠানিক ভাৱে বিজেপি দলত যোগদান কৰিছিল।

ইয়াৰ ফলত ক্ষুব্দ মিচিং জাতীয় দল-সংগঠনবোৰে পিছদিনাই সংবাদমেল পাতি এই নেতা সকলক মিচিং বসতি প্ৰধান অঞ্চলত সামাজিক, সাংস্কৃতিক কাম-কখজৰ বাহিৰে ৰাজনৈতিক উদ্দেশ্যে লৈ প্ৰৱেশ নকৰিবলৈ সকিয়ণি প্ৰদান কৰিছিল।মিচিং জাতীয় সংগঠনবোৰৰ মতে এইসকল নেতাই মিচিং জাতিক প্ৰতাৰণা কৰি সুবিধাবাদী চৰিত্ৰৰে বিজেপিলৈ গমণ কৰিছিল।

সেইয়ে তেওঁলোক মিচিং ৰাইজৰ জাতীয় নেতাৰ পৰা গৈ এতিয়খ জাতীয় শত্ৰু পৰিনত হৈছে। এই সকীয়ণিৰ পিছতো উল্লিখিত নেতা কেইজনে মিচিং জাতীয় সংগঠনৰ অনিষ্ট সাধন কৰিব পৰা কাম-কাজত জড়িত হৈ পৰিছিল।ইয়াৰ পৰিনতিতেই ন-বিজেপি নেতা-পৰমানন্দ চুংক্ৰাং আৰু বৈদ্যনাথ পাঞাং দুয়োজনেই যোৱা ৩ নৱেম্বৰত বকুলগুৰিত এসময়ত নিজে নেতৃত্ব দিয়া জাতীয় সংগঠনৰ নেতা-কৰ্মীৰ হাতত আক্ৰমণৰ বলী হ'ব লগা হ'ল।

উল্লেখ্য যে ঢকুৱাখনাত মিচিং জাতীয় সংগঠনৰ নেতা ৰাজনৈতিক হিংসাৰ বলী হোৱাৰ ঘটনা এইয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও-২০০২ চনত ডিমৰুগুৰিত কংগ্ৰেছ নেতা-বীৰেন দলে, পূৱ ঢকুৱাখনাত-গোলাপ কুলিয়ে ৰাজনৈতিক মতভেদৰ বাবেই আক্ৰমণৰ বলী হৈ মৃত্যু বৰণ কৰিব লগা হৈছিল। ঠিক তেনেদৰে ২০০৪ চনতো ৰাজনৈতিক মতভেদৰ বাবেই হোৱা আক্ৰমণত খেৰকটা পঞ্চায়তৰ বকুলগুৰিত-দিব্য দলে আৰু পৱিত্ৰ পাতিৰ নামৰ দুজন সুঠাম মিচিং যুৱকে অকালতে প্ৰাণ হেৰুৱাৰ লগতে ৰাকেশ পাতিৰ নামৰ আন এজন যুৱকে চিৰজীৱনৰ বাবে পংগুত্বক আকোৱালি ল'ব লগা হৈছিল।

ইয়াৰ পৰা এটা কথাই অনুমান হয় যে- পূৰ্বৰ এই দুইটা ঘটনাৰ পৰা একোৱেই অভিজ্ঞতা নল'লে মিচিং জাতীয় সংগঠন টি.এম.পি.কে আৰু এম.এম.কেয়ে।ফলত যোৱা-৩ নৱেম্বৰত পুনৰ তৃতীয়টো ভাতৃ ঘাটী আক্ৰমণৰ ঘটনা সংঘটিত হ'বলৈ পালে। ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ সৈতে বিগত সময়ত ৰাজ্যিক পৰ্যায়ত কৰা মিত্ৰতাৰ বিপৰীতে ঢকুৱাখনা সমষ্টিত আকৌ সেই মিত্ৰ দললৈ যোৱা এসময়ৰ মিচিং জাতীয় সংগঠনৰ নেতাকে শত্ৰু জ্ঞান কৰি কৰা আক্ৰমণৰ বিষয়টো সৰ্বসাধাৰণ মিচিং ৰাইজ আৰু ঢকুৱাখনাৰ সচেতন মহলৰ বাবে এক নুবুজা সাঁথৰ হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in