“বিশ্ব  স্তনপান সপ্তাহ”ৰ  সৈতে সংগতি ৰাখি সজাগতা সমদল, বাটৰ নাট পৰিৱেশন…

“বিশ্ব  স্তনপান সপ্তাহ”ৰ  সৈতে সংগতি ৰাখি সজাগতা সমদল, বাটৰ নাট পৰিৱেশন…

ডিজিটেল সংবাদ , ঢকুৱাখনা :  কেৱল আঁচনি ৰূপায়েনেৰে নহয় জনসজাগতা সৃষ্টিৰে  প্ৰতিগৰাকী নাগৰিকৰ মনস্তাত্বিক সংস্কাৰ সাধনেৰে  এখন সুস্থ সবল সমাজ গঢ়াৰ  নিৰন্তৰ প্ৰয়াস  অব্যাহত ৰাখি আহিছে ঢকুৱাখনা সংহত শিশু উন্নয়ন প্ৰকল্পই। তাৰেই অংশ হিচাবে শুকুৰবাৰে ঢকুৱাখনা নগৰত অনুষ্ঠিত কৰা হয় এক সজাগতা সমদল। ঢকুৱাখনা প্ৰকল্পৰ প্ৰকল্প বিষয়া জ্ঞান দীপ মহন্ত,  খণ্ড সমন্বয়ক  সত্যজিৎ সোণোৱাল,  পৰিসংখ্যা সহায়ক পংকজ চৌধুৰী,  পোষণ টিম,   গৰিষ্ঠ সংখ্যক  পৰিদৰ্শিকা, অংগনবাদী কৰ্মী, সহায়িকাৰ সহযোগত প্ৰকল্পৰ পৰা  শুকুৰবাৰে দুপৰীয়া সজাগতা  সমদল উলিওৱা হয়। 

"বিশ্ব  স্তন পান সপ্তাহ"ৰ  সতে সংগতি ৰাখি  উলিওৱা এই সজাগতা সমদলৰ উদ্ধোধন কৰে প্ৰকল্প বিষয়া জ্ঞান দীপ মহন্তই ।  হাতে হাতে সজাগতামূলক প্লে'কাৰ্ডলৈ  দুই শতাধিক  সমাজ কল্যান বিভাগৰ বিষয়া, কৰ্মচাৰী, কৰ্মী পৰিদৰ্শিকাই প্ৰকল্পৰ কাৰ্যালয়ৰ পৰা সমদল আৰম্ভ কৰি  ঢকুৱাখনা নগৰ এলেকা পৰিভ্ৰমণ কৰে। নগৰাঞ্চলত মাতৃ স্তন পান সন্দৰ্ভত শ্লোগান দি সজাগতা সৃষ্টি কৰি  সমদলকাৰী সকল উপস্থিত হয় ঢকুৱাখনা নগৰৰ গান্ধী ময়দান প্ৰাংগণত।  ময়দান প্ৰাংগণত কৰ্মী সহায়িকা সকলে "মাতৃ অমৃত" শীৰ্ষক এখন বাটৰ নাট পৰিবেশন কৰে।

মহকুমাধিপতি অৰিন্দম বৰুৱা উপস্থিত থকা বাটৰ নাট প্ৰদৰ্শনৰ পাছতে  সমাজ কল্যান বিভাগৰ বিষয়া কৰ্মচাৰী সকলে ঢকুৱাখনা নগৰৰ সাহাদেৱ প্ৰাথমিক বিদ্যালয়ত অঞ্চলটোৰ মাতৃ, পিতৃ আৰু নাগৰিক সকলৰ উপস্থিতিত এখন সজাগতা সভা অনুষ্ঠিত কৰি ১আগষ্টৰ পৰা ৭ আগষ্টলৈ উদযাপিত  স্তনপান সপ্তাহৰ বৰ্ণিল সামৰণি মাৰে। উল্লেখ্য যে শুকুৰবাৰে অনুষ্ঠিত এই সজাগতা সমদলৰ সমান্তৰাল ভাৱে প্ৰকল্পটোৰ অন্তৰ্গত  অংগনবাদী কেন্দ্ৰ সমূহত  একক ভাবে পহিলা আগষ্টৰ পৰা এই দিৱস পালন কৰি অহা হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in