দীপাৱলীয়ে সৃষ্টি কৰা পৰিৱেশ প্ৰদূষণৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন ঢকুৱাখনাত

দীপাৱলীয়ে সৃষ্টি কৰা পৰিৱেশ প্ৰদূষণৰ ওপৰত বাটৰ নাট প্ৰদৰ্শন ঢকুৱাখনাত

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক ড৹ পংকজ বৰাৰ প্ৰযোজনা, ৰচনা আৰু পৰিচালনাৰে পথিক নাট্যগোষ্ঠীৰ দ্বাৰা বুধবাৰে ঢকুৱাখনা চাৰিআলিত এখনি বাটৰ নাট মঞ্চস্হ কৰা হয়। "আন্ধাৰ আৰু মৰুভূমিৰ সাধু" নামৰ বাটৰ নাটখনি কণ কণ শিক্ষাৰ্থীসকলে অতি সুন্দৰকৈ পৰিবেশন কৰে।

কেইবা শতাধিক দৰ্শকৰ সন্মুখত নাটকখনৰ যোগেদি দেৱালীত উচ্চ প্ৰাৱল্যৰ ফটকা ফুটুওৱা, বায়ু প্ৰদূষণ, গছ-গছনি ধ্বংস কৰা, প্লাষ্টিকৰ অপকাৰিতাৰ বিষয়ে দাঙি ধৰা হয়। বিশেষকৈ উচ্চ প্ৰাৱল্যৰ ব'ম ফুটুওৱাৰ ফলত পক্ষীকুলৰ অৱস্থাৰ বিষয়ে নাটকখনত প্ৰদৰ্শন কৰা হয়। দেৱালীৰ নামত কোটি কোটি টকা অপচয় হোৱাৰ লগতে বায়ুমণ্ডল প্ৰদূষিত হৈ মানৱ সমাজ ভয়াবহ পৰিস্থিতিৰ সন্মুখীন হৈছে।

ভৱিষ্যত প্ৰজন্মই এখন বহনশীল, সেউজীয়া, নিৰ্মল বায়ুৰে ভৰা পৃথিবীৰ পৰা বঞ্চিত হ'ব। উৎসৱ উদযাপনৰ নামত ধুনীয়া ধৰণীখনৰ অনিষ্ট কৰাটো জীৱ শ্ৰেষ্ঠ মানুহৰ বাবে উচিতনে? পংকজ বৰাৰ নাটকখনে সেই কথাকেই প্ৰতিপন্ন কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in