ঢকুৱাখনাৰ “শংকৰ মাধৱ ক্ষেত্ৰ”ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ “সীতা হৰণ বালি বধ” ভাওনা প্ৰদৰ্শন

ঢকুৱাখনাৰ “শংকৰ মাধৱ ক্ষেত্ৰ”ৰ শিশু ভাওনা সমাৰোহত দৰ্শকৰ ব্যাপক সমাগম, দ্বিতীয় দিনা যোৰহাটৰ “সীতা হৰণ বালি বধ” ভাওনা প্ৰদৰ্শন

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘ, অসমৰ ঢকুৱাখনা মাণ্ডলীক সমিতিৰ উদ্যোগত আৰু বালিগাঁও বুনিয়াদী সংঘৰ আতিথ্যত বৃহস্পতি বাৰৰ পৰা ঢকুৱাখনাৰ বালিগাঁৱৰ শংকৰ মাধৱ ক্ষেত্ৰত পাঁচদিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হোৱা ১৪ বছৰৰ অনুৰ্দ্ধৰ সদৌ অসম ভিত্তিত প্ৰতিযোগিতা মূলক শিশু ভাওনা সমাৰোহৰ শুকুৰবাৰে দ্বিতীয় দিন।

শুকুৰবাৰে সন্ধিয়া ৫.৩০ বজাত ভাওঁনা উদ্ধোধন কৰে মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ বৰবায়ন দেবেন ভূঞাই৷ ইয়াৰ পাছতে ৬.৩০ বজাৰ পৰা "সীতা হৰণ বলি বধ" ভাওঁনাখনি মঞ্চস্থ কৰে যোৰহাটৰ মঞ্জুলা কলা কেন্দ্ৰৰ শিল্পী সকলে। সহস্ৰাধিক দৰ্শকৰ সন্মুখত শিশু শিল্পী সকলে পৰিৱেশন কৰা ৰামায়ণৰ নাটকখনৰ পাছতে নিশা ৯.৩০ বজাত "বিপ্ৰদামোদৰ আখ্যা দন্ত বক্ৰৰ মুক্তিলাভ" নাটখনি পৰিৱেশন কৰিব ঢকুৱাখনা মাণ্ডলিক প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিল্পী সকলে।

ইফালে শনিবাৰে অৰ্থাৎ ১৮ জানুৱাৰী সন্ধিয়া ৫.৩০ বজাত ভাওঁনা উদ্ধোধন কৰিব ঢকুৱাখনা মহকুমাৰ অতিৰিক্ত কাৰ্যবাহী দণ্ডাধিশ কুল ভূষণ পেগুৱে৷ সন্ধিয়া ৬ বজাত শিৱসাগৰ শিশু শিল্পী সকলে পৰিৱেশ কৰিব ভাওঁনা "ধ্ৰুৱ চৰিত্ৰ" জোলাগাঁও "মনিকাঞ্চন" আৰু সন্ধিয়া ৯.৩০ বজাত "পাৰ্থ পৰাজয় বব্ৰুবাহনৰ পাতাল যাত্ৰা" নামৰ ভাওঁনাখনি পৰিৱেশ কৰিব ঢকুৱাখনা মাণ্ডলিক প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিল্পী সকলে৷

ঠিক একেইদৰে ১৯ জানুৱাৰীৰ সন্ধিয়া ৫.৩০ বজাত প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন সম্পাদক নৱ শইকীয়াই ভাওঁনা উদ্ধোধন কৰা পাছতে সন্ধিয়া ৬ বজাত "শ্ৰীশ্ৰী ৰামচন্দ্ৰৰ পৰাজয়" নামৰ ভাওঁনাখনি পৰিৱেশন কৰিব শিৱসাগৰ মাহিগাঁও ৰঘুমনি শিল্পী সমাজে আৰু সন্ধিয়া ৯.৩০ বজাত ঢকুৱাখনা সন্মিলিত সাংস্কৃতিক মঞ্চ শিল্পী সকলে পৰিৱেশ কৰা নাটখনি "সিন্ধু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গাৰোহণ"৷

২০ জানুৱাৰী সোমবাৰে অৰ্থাৎ শেষৰ দিনা সন্ধিয়া ৫.৩০ বজাত ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড° অমিয় কুমাৰ সন্দিকৈয়ে ভাওঁনা উদ্ধোধন কৰা পাছতে সন্ধিয়া ৬ বজা লগে লগে লখিমপুৰ পথালি পাহাৰ আঞ্চলিক জন্মোৎসৱ সমিতি শিল্পী সকলে "মৎস্য অৱতাৰ চাৰিবেদ উদ্ধাৰ" ভাওঁনাখনি পৰিৱেশন আৰু সন্ধিয়া ৯.৩০ বজাত বটাবিতৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ মুখ্য শৰণাচাৰ্য সভাপতি দেৱৰাম সূত আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰগতিশীল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শৰণৰ সদস্য পূৰ্ণকান্ত বড়া।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in