ঢকুৱাখনাত ৰেডক্ৰছ ছ’চাইটিৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত বিশেষ কৰ্মশালা… VIDEO

ঢকুৱাখনাত ৰেডক্ৰছ ছ’চাইটিৰ দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত বিশেষ কৰ্মশালা… VIDEO

ডিজিটেল সংবাদ, ঢকুৱাখনা: বিশ্বৰ বিভিন্ন দেশৰ দুৰ্দশাগ্ৰস্ত লোকৰ সহায়ৰ বাবে পৃথিৱীব্যাপী থকা ৰেডক্ৰছ ছ'চাইটিয়ে প্ৰায়ে দুৰ্যোগ প্ৰসমনৰ ওপৰত নানা সজাগতা মূলক কায্যসূচী হাতত লৈ আহিছে। বিশেষকৈ ইয়াৰ ৰাজ্যিক বা মহকুমা পৰ্যায়ৰ শাখা সমূহে এনে কাৰ্যসূচী সমূহ স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত ৰূপায়ন কৰি মানুহৰ মাজত অধিক সজাগতা বৃদ্ধি কৰিবলৈ সক্ষম হৈছে।

এইক্ষেত্ৰত ঢকুৱাখনা ৰেডক্ৰছ শাখায়ো বুধবাৰে ঢকুৱাখনা জাতীয় বিদ্যালয়ত আয়োজন কৰে দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত বিশেষ কাৰ্যসূচী। ঢকুৱাখনা ৰেডক্ৰছৰ সম্পাদক কুমুদ চন্দ্ৰ শৰ্মাৰ লগতে জাতীয় বিদ্যালয়ৰ অধ্যক্ষ চেনিৰাম বৰুৱা আৰু ঢকুৱাখনা অগ্নি নিবাৰ্পন শাখাৰ বিষয়াই অংশগ্ৰহণ কৰি শিক্ষাৰ্থী সকলক যিকোনো দুৰ্যোগত মুকাবিলা কৰাৰ কৌশল, অগ্নি নিবাৰ্পনৰ কৌশল তথা বিপদৰ সময়ত কৰিব লগা প্ৰাথমিক চিকিৎসাৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।

ৰেডক্ৰছ ঢকুৱাখনা শাখাৰ সভাপতি তথা ঢকুৱাখনাৰ মহকুমাধিপতি অৰিন্দম বৰুৱাই এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি ছাত্ৰ-ছাত্ৰী সকলক যিকোনো দুৰ্যোগৰ সৈতে কিদৰে মুকাবিলা কৰিব লাগিব তথা সেইসময়ত প্ৰতিজন মানুহৰ মানসিক স্থিতি কেনে হোৱা উচিত আদি বিষয়ত বিতংকৈ আলোচনা কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in