১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নে মৰণফাণ্ড , ৰাইজৰ প্ৰতিবাদ…

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ নে মৰণফাণ্ড , ৰাইজৰ প্ৰতিবাদ…

ডিজিটেল সংবাদ ,ঢকুৱাখনা :  দিনক দিনে  অতি ব্যস্ত  ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথটো  মৰণ ফাণ্ডলৈ পৰ্যবসিত হৈ আহিছে।  ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰণালয়ৰ নগাঁও সংমণ্ডলৰ  বেপৰোৱা ভূমিকা আৰু ৰাজ্য চৰকাৰৰ দায়িত্বহীন দৃষ্টিভংগীৰ পৰিণতিত লখিমপুৰ জিলাৰ চৰাইমৰীয়াৰ পৰা গোগামুখ পৰ্যন্ত এই পথ চোৱা  ভাগি চিগি মৰণ ফাণ্ডলৈ  পতিত হোৱাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰে সংঘবদ্ধ গণ প্ৰতিবাদ সাব্যস্ত  হয় ।

বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথ চোৱাৰ বগীনদীৰ  কদম  তিনিআলি অংশত কদম  তিনিআলি যুৱ সমাজৰ উদ্যোগত  ভুক্তভোগী নাগৰিকে বৰষুণকো আওকাণ কৰি  ৰাজপথলৈ ওলাই আহি বুধবাৰে সবল গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি জৰাজীৰ্ণ পথটো যাতায়তৰ উপযোগী কৰি নিৰ্মানও  মেৰামতিৰ দাবী জনায়।

বতৰৰ প্ৰতিকুলতাকো ‌নেওচি  পুৰুষ মহিলা সকলোৱে জীৱন সম্পত্তিৰ নিৰাপত্তা বিচাৰি যুৱ সমাজৰ নেতৃত্বত স্বতঃস্ফুট ভাবে আহি গণ প্ৰতিবাদত অংশগ্ৰহণ কৰে ।  পুৱা ১০ শতাধিক প্ৰতিবাদী ৰাইজ  ৰাজপথৰ ওপৰত অৱস্থান কৰি দাবী সম্বলিত বেনাৰ লৈ  সুদীর্ঘ সময় ধৰি পথত অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰে।

ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ  মূর্দাবাদ , ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰণফাণ্ড অৱস্থা আঁতৰ কৰি শীঘ্ৰে মেৰামতি কৰক , অসম চৰকাৰ হায় হায় , আমাৰ দাবী মানিবই লাগিব আদি শ্লোগান দি প্ৰতিবাদ থলী উত্তাল কৰি তোলে । প্ৰতিবাদী ৰাইজে অভিযোগ কৰা মতে  ঘাইপথ চোৱাৰ জৰাজীৰ্ণতাৰ বাবে ইতিমধ্যে বহু ভয়ংকৰ  দুৰ্ঘটনা সংঘটিত হৈছে আৰু স্কুলীয়া ছাত্ৰ ছাত্ৰী তথা পথচাৰী ৰাইজৰ জীৱনলৈ অশনি  সংকেত মাতি আনিছে । 

বিগত কেইবা মাহ ধৰি বিভাগৰ  অমনোযোগিতাৰ  পৰিণতিত ব্যৱহাৰৰ অনুপযোগী হৈ পৰা  ৰাষ্ট্ৰীয় ঘাইপথ  অংশ  বিভাগে  মেৰামতি নকৰাৰ অন্তৰালত শাসনাধিষ্ঠিত কেন্দ্ৰীয় আৰু ৰাজ্যৰ  গেৰুৱা  চৰকাৰক জগৰীয়া কৰি দায়িত্বহীন আখ্যা দি সবল প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদী ৰাইজে।

ৰাজহুৱা প্ৰতিবাদৰ নেতৃত্ব লোৱা  কদম তিনিআলি যুৱ সমাজে অতি শীঘ্ৰে জৰাজীৰ্ণ ঘাইপথ অংশ মেৰামতি নকৰিলে অনাগত দিনত ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ স্বাৰ্থত অধিক তীব্রতৰ  গণতান্ত্ৰিক আন্দোলন পাতনি মেলাৰ  সকীয়নী প্ৰদান কৰে ।  উল্লেখ্য যে সুদীর্ঘ সময় ধৰি অব্যাহত থকা গণ প্ৰতিবাদৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা বাধাগ্ৰস্ত হয় আৰু পাছত আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in