২৯ বছৰ ধৰি নিৰৱে প্ৰকৃতি সুৰক্ষা আন্দোলন, ৯৪ টা বিভিন্ন প্ৰজাতিৰ কাছক জীৱন দান…

২৯ বছৰ ধৰি নিৰৱে প্ৰকৃতি সুৰক্ষা আন্দোলন, ৯৪ টা বিভিন্ন প্ৰজাতিৰ কাছক জীৱন দান…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনাৰ মাজ-জালভাৰীৰ এজন সচেতন প্ৰকৃতিবিদ, নাম তেওঁৰ অতুল চন্দ্ৰ শৰ্মা। শৰ্মাই যোৱা ২৯ বছৰে নিৰৱে কাম কৰি আহিছে কাছ সংৰক্ষণৰ ক্ষেত্ৰত।বৰ্তমালৈকে ৯৪ টা সৰু বৰ বিভিন্ন প্ৰজাতিৰ কাছ অতুল চন্দ্ৰ শৰ্মাই দানসূত্ৰে লাভ কৰি ঢকুৱাখনাৰ বিভিন্ন ঠাইৰ নদীত এৰি দি আহিছে।

বুধবাৰেও ব্ৰহ্ম পুৱাতে তেওঁ দান হিচাবে লাভ কৰা বৰ কাছ ৰাইজৰ সহযোগত ভাটি জালভাৰীৰে বৈ যোৱা চাড়িকৰীয়া নদীত এৰি দিয়ে। উল্লেখ্য যে-১৯৯০ চনৰ পৰাই বৈদিক সমাজৰ বিভিন্ন ৰীতি-নীতি, সংস্কাৰ আৰু ধৰ্মীয় অনুষ্ঠানত পুৰোহিত হিচাবে কাম কৰি অহা অতুল চন্দ্ৰ শৰ্মাই বিভিন্ন ব্যক্তিৰ পৰা বিগত সময়ত দান সূত্ৰে লাভ কৰা সৰু বৰ কাছ ৯৩ টা কাছক এই পৰ্যন্ত মুকলি কৰি দিছে ঢকুৱাখনাৰ চাৰিকড়িয়া,দাংধৰা,চামপৰা,কঢ়া,খেৰকটা,বলাহী ইত্যাদি নদীত।

এইজন ব্ৰাহ্মণ পুৰোহিতে বিলুপ্তপ্ৰায় কাছ সংৰক্ষণৰ বাবে অকলেই সজাগতা সৃষ্টিৰো প্ৰয়াস চলাই আহিছে বিভিন্ন সময়ত। অতুল চন্দ্ৰ শৰ্মাই কিছু আক্ষেপেৰে কয় যে-"মই এই কাম কৰাৰ বাবে আমাৰে একাংশই তাচ্ছিল্যহে কৰে-বৰ মহান উলাইছে বুলি। আগতে মনত দুখ পাইছিলোঁ,কিন্তু মই সেইবোৰ কথাক আজিকালি কৰ্ণপাত নকৰোঁ। কোনেও সহযোগিতা নকৰিলেও যেতিয়ালৈকে দেহাই আঁঁতে তেতিয়ালৈকে এই কাম কৰি যাম। মানুহে গ্ৰহ দোষ,কালৰ দোষ খণ্ডাৱলৈ দান দিয়া কাছবোৰ মই নদী মাতৃক দান দিও।"

কাছ নধৰিবলৈ, ভক্ষণ নকৰিবলৈ সকলোকে আহ্বান জনাই শৰ্মাই কয় যে-"কাছ হৈছে পানী পৰিস্কাৰ কৰা এবিধ গুৰুত্বপূৰ্ণ জীৱ যিবোৰ বৰ্তমান সময়ত দিনকদিনে পৃথিৱীৰ পৰা বিভিন্ন কাৰণত হ্ৰাস পায় আহিছে আৰু এনেদৰে হ'লে এদিন পৃথিৱীৰ পৰা ই বিলুপ্তি হবলৈ বেছি দিন নালাগিব।

সেয়েহে লুপ্তপায় কাছ সংৰক্ষণৰ ব্যৱস্থা সকলোৱে কৰিব লাগে। লগতে তেওঁ সকলোকে অনুৰোধ কৰি কয় যে লুপ্তপায় কাছবোৰ কোনেও যাতে হত্যা কৰি ভক্ষণ নকৰে।" অতুল চন্দ্ৰ শৰ্মাৰ এই কাৰ্যত ঢকুৱাখনা মেগামিক্স প্ৰকৃতি সংঘইও সহযোগিতা আগবঢ়াই আহিছে বিভিন্ন সময়ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in