“ৰত্ন ভাণ্ডাৰ” আছে নেকি ঢকুৱাখনাত! উদ্ধাৰ হৈছে আহোম যুগৰ ৰূপৰ মুদ্ৰা

“ৰত্ন ভাণ্ডাৰ” আছে নেকি ঢকুৱাখনাত! উদ্ধাৰ হৈছে আহোম যুগৰ ৰূপৰ মুদ্ৰা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ বিশ্ব ইতিহাসত ৬ শ বছৰীয়া ৰাজত্বৰে এটা জাতিয়ে দীৰ্ঘদিনৰ ৰাজত্বৰ অভিলেখ সৃষ্টি কৰা আহোম স্বৰ্গদেউ সকলৰ ৰাজত্ব কালৰ মূল্যবান সামগ্ৰী আৰু স্মৃতিচিহ্নসমূহ এতিয়াও বিভিন্ন ঠাইত উদ্ধাৰ হয় মাজে সময়ে। কেইসপ্তাহমান পূৰ্বে শিৱসাগৰ জিলাৰ নাজিৰাত এটা বৃহৎ সুৰংগৰ সন্ধান ওলোৱাৰ পাছত যোৱা ১৯ নৱেম্বৰত ঢকুৱাখনাত মাটিৰ তলত আহোমৰ শাসন কালৰ ৰূপৰ মুদ্ৰা উদ্ধাৰ হোৱা ঘটনাই নতুন ৰত্ন ভাণ্ডাৰ থকাৰ ইংগিত বহন কৰিছে। ঘটনাৰ বিৱৰণী অনুসৰি ঢকুৱাখনা থানাৰ অন্তৰ্গত বাগিচা গাঁৱৰ সমল সন্দিকৈয়ে গাঁওখনৰ নামঘৰৰ দক্ষিণ দিশত থকা নিজৰ পথাৰৰ পৰা ঘৰৰ বাৰীলৈ ট্ৰেক্টৰেৰে মাটি আনিছিল।

ট্ৰেক্টৰত বেলচাৰে মাটি কাটি উঠাই থাকোতে শ্ৰমিকৰ বেলচাত লাগি এটা সৰু মাটিৰ টেকেলি সদৃশ পাত্ৰ ভাঙি যায়। শ্ৰমিক কেইজনে টেকেলিটোৰ ভিতৰৰ পৰা ওলোৱা মুদ্ৰাবোৰ চিনি নাপায় ওচৰৰ ছুমনিত মুগা পুহি থকা এজন ব্যক্তিক দেখাই। আৰু মানুহজনে সেইবোৰ ৰূপৰ মুদ্ৰা বুলি চিনাক্ত কৰে। উদ্ধাৰ হোৱা মুদ্ৰাখিনিৰ কিছুমান ১৬৫৭ চনৰ স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনৰ আৰু কিছুমান ১৬৬৭ চনৰ শিৱসিংহৰ ৰাজত্ব কালৰ বুলি স্পষ্ট কৰা হৈছে। মুদ্ৰাবোৰ মানৰ আক্ৰমণৰ সময়ত অঞ্চলতোৰ কোনো বাসিন্দাই উক্ত স্থানত পুতি থৈছিল বুলি অনুমান কৰা হৈছে।

ইতিমধ্যে সমগ্ৰ ঢকুৱাখনা আৰু লখিমপুৰ জিলাত এই খবৰ বিয়পি যোৱাৰ পাছত বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ সোঁত বৈছে অনেক লোকৰ। ইয়াৰ মাজতে পুৰণি মুদ্ৰাৰ ওপৰত বিশেষ গৱেষণা চলোৱা শিৱসাগৰ জিলাৰ মুদ্ৰা বিশেষজ্ঞ ডঃ নিৰূপম খনিকৰ ২১ নৱেম্বৰত উক্ত স্থানত উপস্থিত হৈ মুদ্ৰা সমূহ চোৱাৰ লগতে সমগ্ৰ ঠাইখিনি অধ্যয়ন কৰে। তেওঁ তাত সেইদিনা মুদ্ৰা উদ্ধাৰ কৰা সকলোৰে সাক্ষাৎকাৰ গ্ৰহণ কৰি এইয়া আহোম আৰু মোগল শাসক সকলৰ নামত জাৰী হোৱা বুলি জানিবলৈ দিছে।

ইফালে প্ৰথম অৱস্থাত ১৩ টা মুদ্ৰাহে তেওঁলোকে পাইছিল বুলি জনাইছিল যদিও শুকুৰবাৰে গঞা ৰাইজৰ ওচৰত থকা ৩৩ টা এনে মুদ্ৰা ঢকুৱাখনা মহকুমা প্ৰশাসনক গতাই দিয়ে। ইতিমধ্যে গুৱাহাটীৰ আমবাৰীস্থিত প্ৰত্নতত্ব বিভাগৰ দুগৰাকী বিষয়া কৰ্মচাৰীয়ে এই মুদ্ৰা সমূহ পৰ্যবেক্ষণ কৰি আচৰ্য প্ৰকাশ কৰি এইসমূহ সংৰক্ষণৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in