সুহৃদ আঁচনিক কেন্দ্ৰ কৰি ঢকুৱাখনাত ভুঁৱা প্ৰমাণপত্ৰৰ বেহা চিকিৎসকৰ, দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ নিৰ্দেশ মহকুমা প্ৰশাসনৰ…

সুহৃদ আঁচনিক কেন্দ্ৰ কৰি ঢকুৱাখনাত ভুঁৱা প্ৰমাণপত্ৰৰ বেহা চিকিৎসকৰ, দণ্ডাধীশ পৰ্য্যায়ৰ তদন্তৰ নিৰ্দেশ মহকুমা প্ৰশাসনৰ…

ডিজিটেল সংবাদ,ঢকুৱাখনা: অসম চৰকাৰে ৰাজ্যৰ বিধায়ক সকলৰ জৰিয়তে দুখীয়া পৰিয়ালৰ যুৱক-যুৱতী সকলৰ উচ্চ শিক্ষা আৰু চিকিৎসাজনিত সাহায্যৰ বাবে ৰূপায়ণ কৰা এখন আঁচনি
হ'ল সুহৃদ আ‍ঁচনি।এই আঁচনিৰ সুবিধা গ্ৰহণৰ বাবে ঢকুৱাখনা সমষ্টিৰ একাংশ লোকে বক্ৰ পথৰ আশ্ৰয় লোৱাৰ তথ্য পোহৰলৈ আহিছে। যাৰ বাবে ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই তদন্তৰ ব্যৱস্থা কৰিবলৈ বাধ্য হৈছে।

জানিব পৰা অনুসৰি বহু ব্যক্তিয়ে অসুখ নোহোৱাকৈয়ে চিকিৎকৰ পৰা অসুখ হোৱাৰ প্ৰমাণ পত্ৰ লৈ সুহৃদ আঁচনিৰ সুবিধা ল'বৰ বাবে আবেদন কৰিছে।আবেদনকাৰীৰ সংখ্যা ইমানেই বেছি হৈছে যাৰ ফলত প্ৰকৃত হিতাধিকাৰী বঞ্চিত হোৱাৰ উপক্ৰম হৈছে।

বিশেষ সুত্ৰৰ পৰা জানিব পৰা মতে এই সুবিধা লৈ ঢকুৱাখনাৰ কেইজনমান অৰ্থলোভী চিকিৎসকে ৩০০-৫০০টকা লৈ যধে মধে যিকোনো ব্যক্তিকে কোনো অসুখ নোহোৱাকৈ আৰু পৰীক্ষা-নিৰীক্ষা নকৰাকৈয়ে জটিল ৰোগত আক্ৰান্ত হোৱাৰ প্ৰমাণ পত্ৰ দিয়াৰ বেপাৰ চলাই আহিছে।

ঢকুৱাখনা চাৰিআলিৰ গান্ধী ময়দানৰ উত্তৰ দিশত থকা এখন চেম্বাৰত বহি বহি জনৈক দলে আৰু আন এজন চিকিৎসকে ৩০০-৫০০টকা লৈ এই প্ৰমাণ পত্ৰৰ বেহা অব্যাহত ৰখাৰ তথ্য-প্ৰমাণ পোহৰলৈ আহিছে।এনে অভিযোগৰ ভিত্তিত ঢকুৱাখনা মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই বুধবাৰে তেওঁৰ কাৰ্য্যালয়ৰ নিৰ্দেশ নং ডি এম ১/২০১৯/৭৯২৯,দিনাংক-৯-১০-২০১৯ মৰ্মে সহকাৰী আয়ুক্ত কুলভূষণ পেগুক সুহৃদ আঁচনিৰ (স্বাস্থ্য খণ্ড)সুবিধা ল'বৰ বাবে সংঘটিত হোৱা ভুঁৱা চিকিৎসা প্ৰমাণপত্ৰ আৰু চিকিৎসকৰ দ্বাৰা লুণ্ঠনৰ তদন্তৰ দায়িত্ব দি অহা ৩১অক্টোবৰৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে।

চৰকাৰী চিকিৎসকে চেম্বাৰত বহি কেইশমান টকাৰ বিনিময়ত ভুৱা প্ৰমাণপত্ৰৰ বেহা চলোৱা কাৰ্য্যৰ সমগ্ৰ ঢকুৱাখনাতে তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।আৰু ইফালে ৰাইজে নিৰপেক্ষ তদন্তৰ দাবী কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in