শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

ঢকুৱাখনাত ডঃ অমিয় কুমাৰ সন্দিকৈৰ প্ৰবন্ধ সংকলন “চিন্তা বিচিত্ৰা” উন্মোচন…

46

ডিজিটেল সংবাদ, ঢকুৱাখনা: লখিমপুৰ জিলাৰ এজন বিশিষ্ট শিক্ষাবিদ, নাট্যকৰ্মী, ৰাজনীতিক কমৰেড অমিয় কুমাৰ সন্দিকৈৰ জীৱনৰ বিভিন্ন অভিজ্ঞতা আৰু চিন্তা-দৰ্শনৰ প্ৰতিফলন ঘটা এমুঠি প্ৰবন্ধৰ সংকলন “চিন্তা বিচিত্ৰা” শনিবাৰে উন্মোচন কৰা হয় ঢকুৱাখনাত। ঘিলামৰাৰ বিশিষ্ট সমাজকৰ্মী-শিক্ষাবিদ ডিম্বেশ্বৰ চেতিয়াৰ সঞ্চালনাত শনিবাৰে বিয়লি ২ বজাত ঢকুৱাখনা চৰকাৰী মজলীয়াৰ প্ৰেক্ষাগৃহত প্ৰৱন্ধ সংকলনখনৰ উন্মোচন কৰে ঢকুৱাখনাৰ বিশিষ্ট লেখক-জ্যেষ্ঠ নাগৰিক জগদীশ গগৈয়ে।

আনহাতে এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত ঢকুৱাখনাৰ সুলেখক ডিম্বেশ্বৰ গগৈ, শিক্ষাবিদ দেৱেশ্বৰ দত্ত, ড০ চন্দ্ৰধৰ বৰুৱা, নন্দ চুতীয়াকে আদি কৰি বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকি অমিয় কুমাৰ সন্দিকৈৰ লেখাবোৰৰ সন্দৰ্ভত বক্তব্য ৰাখে। সভাত ঢকুৱাখনাৰ ভালে সংখ্যক সাহিত্যানুৰাগী ৰাইজো উপস্থিত থাকে। উল্লেখ্য যে, ইতিপূৰ্বে লেখক সন্দিকৈৰ “ত্ৰিধাৰা” নামৰ এটি নাট্য সংকলনো প্ৰকাশ পাইছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি