বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস…

বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানেৰে সামৰণি পৰিল বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯, ঢকুৱাখনাৰ ক্ৰীড়া প্ৰতিভাক উজ্জীৱিত কৰাৰ প্ৰয়াস…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ "ঢকুৱাখনাৰ গ্ৰাম্যাঞ্চলত লুকাই থকা ক্ৰীড়া প্ৰতিভা সমূহক উলিয়াই আনি উপযুক্ত প্ৰশিক্ষণৰ জ‌ড়িয়তে একোজনকৈ ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় খেলুৱৈৰ সৃষ্টি কৰাৰ মানসেৰে যি-১২ দিনীয়া বিধায়ক কাপ ক্ৰীড়া মহোৎসৱ-২০১৯ ঢকুৱাখনা প্ৰশাসনৰ উদ্যোগত আৰু ঢকুৱাখনা জিলা ক্ৰীড়া সন্থাৰ সহযোগত আয়োজন কৰা হৈছিল ইয়াৰ দ্বাৰা আমি সমষ্টিটোত এক ক্ৰীড়াৰ পৰিৱেশ গঢ়ি তোলাত সক্ষম হৈছোঁ। এইখন প্ৰতিযোগিতাত-বিভিন্ন খেলত-৩৭০০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ কথা।"-এই মন্তব্য ঢকুৱাখনাৰ বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলেৰ।

দেওবাৰে ঢকুৱাখনা চৰকাৰী মজলীয়া বিদ্যালয়ৰ খেলপথাৰত বিয়লি দুই বজাৰ পৰা আৰম্ভ হোৱা বিধায়ক কাপ গ্ৰাম্য ক্ৰীড়া মহোৎসৱৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী দলেয়ে-অহা বছৰ বগীনদী উন্নয়ন খণ্ডত উদ্ধোধনী আৰু ঢকুৱাখনাত সামৰণি অনুষ্ঠানেৰে আয়োজিত হ'ব লগা বিধায়ক কাপ গ্ৰাম্য ক্ৰীড়া মহোৎসৱ-২০২০ত এইবছৰতকৈ আৰু অধিক খেলুৱৈ, যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰি অনাগত দিনত ঢকুৱাখনা সমষ্টিৰ ক্ৰীড়া আন্তঃগাঠনি উন্নয়নৰ বাবে বগীনদী, ঘিলামৰা আৰু ঢকুৱাখনা উন্নয়ন খণ্ডত একোখনকৈ অত্যাধুনিক ক্ৰীড়া ষ্টেডিয়াম নিৰ্মাণ কৰাৰ আঁচনি ৰূপায়ন কৰা হ'ব বুলি কয়।

ঢকুৱাখনাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই আদৰণি ভাষণ প্ৰদান কৰা দেওবাৰৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণত ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী দলেয়ে এই সমষ্টি ভিত্তিক গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতাখন আয়োজনত বিভিন্ন দিশত সহযোগিতা আগবঢ়োৱা সকলোলৈকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে- "এই ক্ৰীড়া মহোৎসৱখনে আমাৰ ঢকুৱাখনাৰ গ্ৰাম্যাঞ্চলত থকা ক্ৰীড়া প্ৰতিভাসমূহক প্ৰদৰ্শন আৰু কৌশল বিকাশৰ এক সু-শৃংখলিত পৰিৱেশ দিয়াৰ লগতে ই অনাগত দিনত নতুন নতুন ক্ৰীড়া প্ৰতিভাক উন্নত প্ৰদৰ্শন আৰু অনুশীলনৰ বাবে অনুপ্ৰাণিত কৰিব।"

দেওবাৰৰ সামৰণি অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে উপস্থিত থাকে লখিমপুৰ জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া-নৰেন পাৱ, জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাই, ঢকুৱাখনাৰ মহকুমা আৰক্ষী বিষয়া মোহন লাল মিনা, ঢকুৱাখনাৰ কেইবাগৰাকীও সমাজকৰ্মী ক্ৰমে- পৰমানন্দ দলে, বসন্ত শইকীয়া, প্ৰদীপ চমুৱা, হেমেশ্বৰ পেগু, অধ্যাপক সেৱক চুতীয়া আদিয়ে। উল্লেখ্য যে, অনুষ্ঠানৰ লগত সংগতি ৰাখি হেমন্ত কুমাৰ বৰুৱাৰ সম্পাদনাত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ- "ক্ৰীড়া তৰংগ"ও দেওবাৰে উন্মোচন কৰা হয়।
আনহাতে ঢকুৱাখনাৰ এগৰাকী অন্যতম শিল্পী ৰাজকুমাৰ গগৈয়ে ৰচনা কৰা আৰু সুনীল দুৱৰাই সংগীত ব্যৱস্থাপনাৰে প্ৰস্তুত কৰা ক্ৰীড়া প্ৰতিযোগিতাখনৰ শীৰ্ষগীতটো দেওবাৰেও ঢকুৱাখনা বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এদল ছাত্ৰীয়ে পৰিৱেশন কৰে নৃত্যৰ মাজেৰে।

তদুপৰি-ঘিলামৰা, বগীনদী আৰু ঢকুৱাখনাৰ বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে সত্ৰীয়া নৃত্য, আধুনিক নৃত্য, শাৰীৰ ডিল, ইত্যাদি কৰি আকৰ্ষণীয় বৰ্ণিল সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি বিধায়ক কাপ গ্ৰাম্য ক্ৰীড়া মহোৎসৱ-২০১৯ৰ দেওবাৰৰ সামৰণি অনুষ্ঠান উপভোগ্য কৰি তোলে। এই ক্ৰীড়া প্ৰতিযোগিতাখনৰ অন্যতম আকৰ্ষণীয় খেল- ২১ বছৰ অনুৰ্ধৰ লৰাৰ ফুটবল খেলৰ ফাইনেলত- ঘিলামৰা উন্নয়ন খণ্ডৰ দল চূড়ান্ত বিজয়ী হয়। ঘিলামৰা উন্নয়ন খণ্ড দলে ঢকুৱাখনা নগৰ সমিতি ফুটবল দলক-১-০ গলত পৰাজিত কৰি চেম্পিয়ন হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in