চেষ্টা আৰু সাধনাই হৈছে সফলতাৰ মূল আধাৰঃ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকা, ঢকুৱাখনাত ৮৫৪ গৰাকী কৃতী শিক্ষাৰ্থীক নৱ দলেৰ সম্বৰ্ধনা

চেষ্টা আৰু সাধনাই হৈছে সফলতাৰ মূল আধাৰঃ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকা, ঢকুৱাখনাত ৮৫৪ গৰাকী কৃতী শিক্ষাৰ্থীক নৱ দলেৰ সম্বৰ্ধনা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ 'প্ৰজ্ঞাৰ সাধনাৰ বাট জটিল আৰু কঠিন। শ্ৰম আৰু সাধনাৰ বাহিৰে সফলতা লাভৰ কোনো গত্যন্তৰ নাই।'- এই মন্তব্য মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দিবাকৰ চন্দ্ৰ ডেকাৰ। অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়‌ন আৰু সাংস্কৃতিক মন্ত্ৰী তথা ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ বিশেষ উদ্যোগত আৰু স্বেচ্ছাসেৱী সংগঠন "ৰাইজ", ভাৰতীয় জনতা যুৱ মৰ্চা আৰু টি এম পিকেৰ সহযোগত ঢকুৱাখনাত আয়োজন কৰা বিশেষ অভিনন্দন অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকৰ আগত দিয়া ভাষণ প্ৰসংগত ড° ডেকাই এনেদৰে কয়।

নিজৰ মেধা আৰু কষ্টৰ বলত হাইস্কুল শিক্ষান্ত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত কৃতিত্ব অৰ্জন কৰিবলৈ সক্ষম হোৱা ঢকুৱাখনা সমষ্টিৰ অন্তৰ্গত কৃতী ছাত্ৰ-ছাত্ৰীসকলক অভিনন্দন জনাবলৈ নৱম বাৰৰ বাবে আয়োজন কৰা "অভিনন্দন অনুষ্ঠান-২০১৯"ত দিয়া ভাষণ প্ৰসংগত তেওঁ লগতে কয় যে, -জীৱন যুঁজত সফলতা আৰ্জিবলৈ হ'লে লাগিব সাধনা। অশেষ চেষ্টা আৰু সাধনাৰ জৰিয়তেহে জীৱন যুঁজত আগবাঢ়িব পাৰি। ছাত্ৰ-ছাত্ৰী সকলক জীৱন যুঁজৰ সফলতা লাভৰ কেতবোৰ সাৰুৱা মন্তব্য
দি তেওঁ লগতে কয় যে, কান্দোনে জীৱনলৈ সদায় বিফলতা আনে। সফলতাৰ বাবে লাগিব চেষ্টা আৰু কঠোৰ পৰিশ্ৰম। জীৱন যুঁজত কেতিয়াবা মানুহৰ পৰাজয় হব পাৰে। কিন্তু ইয়াৰ বাবে কন্দাৰ পৰিবৰ্তে অশেষ চেষ্টাৰ জৰিয়তে সফলতা আজুৰি আনিব লাগে।

তেওঁ লগতে আৰু কয় যে, আজিৰ শিক্ষাৰ্থীৰ মাজত যুক্তি আৰু নিজা বিচাৰ বিবেচনাৰ অভাৱ নাই। তথাপিও তেওঁলোক যাতে বিভ্ৰান্তিত পৰিব নালাগে তাৰ বাবে সাৱধান হ'ব লাগে। লগতে তেওঁ শিক্ষাই জ্ঞান আৰু জ্ঞানেই শক্তি বুলি উল্লেখ কৰি ছাত্ৰ-ছাত্ৰীসকলক মানসিকভাবে শক্তিশালী হ'বলৈ পৰামৰ্শ দিয়ে। দেশ আৰু দহৰ উপকাৰৰ বাবে জ্ঞান বিস্তাৰ কৰিব নোৱাৰিলে সেই জ্ঞানৰ কোনো অৰ্থ নাই বুলিও তেওঁ লগতে দোহাৰে।

ড° ডেকাই অভিনন্দন অনুষ্ঠানসমূহ ৰাইজৰ আৰ্শীবাদৰ অনুষ্ঠান বুলি অভিহিত কৰে। ইফালে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ্থী সকলৰ জীৱন যাত্ৰাৰ আৰম্ভণি বুলি উল্লেখ কৰি বিশিষ্ট গৱেষক গৰাকীয়ে লগতে কয়-এইয়া মাত্ৰ আৰম্ভণি। গোটেই জীৱনটোৱেই আমি অধ্যয়নত ব্ৰতী হ'ব লাগিব। আজি দেশৰ শিক্ষাবিদ, চিকিৎসক আৰু বিজ্ঞানী সকল এসময়ত ছাত্ৰ আছিল। এইদৰেই হৈছিল জীৱন যুঁজৰ আৰম্ভণি। তেওঁলোকে তেতিয়াও অধ্যয়ন কৰিছিল এতিয়াও অধ্যয়নত ব্ৰতী হৈ আছে। আনহাতে বিশিষ্ট শিক্ষাবিদ গৰাকীয়ে আগন্তুক ২০ বছৰত দেশৰ সামগ্ৰিক বিকাশৰ স্বাৰ্থত বৰ্তমান শিক্ষা ব্যৱস্থাৰ পৰিবৰ্তনেৰে বহুমুখী শিক্ষা ব্যৱস্থাৰ পোষকতা কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নতুন শিক্ষানীতিৰ খচৰা খনৰ প্ৰসংগ উল্লেখ কৰে।

আগন্তুক সময়ত দেশত বলবত কৰিব বিচৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নতুন শিক্ষা নীতিয়ে বিচাৰে দেশত বহুমুখী শিক্ষা ব্যৱস্থাৰ। যাৰ জৰিয়তে এগৰাকী শিল্পীয়ে সাধনাৰ জৰিয়তে নিজৰ শিল্প প্ৰতিভাক বহু ওপৰলৈ লৈ যাব পাৰিব। একেদৰে এই নীতিয়ে শিক্ষাৰ্থী সকলৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰতো সমানে গুৰুত্ব দিব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে, ঢকুৱাখনাৰ কেন্দ্ৰীয় প্ৰেক্ষাগৃহত ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত আদৰণি ভাষণ পাঠ কৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক সেৱক চন্দ্ৰ চুতীয়াই। অনুষ্ঠানত অংশ লৈ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা ঢকুৱাখনা মহকুমাৰ আৰক্ষী বিষয়া মোহন লাল মীনাই ইচ্ছা, চেষ্টা আৰু নিষ্ঠাক মূলমন্ত্ৰ হিচাপে লৈ আগবাঢ়িলে ছাত্ৰ ছাত্ৰীসকলে নিৰ্দিষ্ট লক্ষ্যত উপনীত হ'ব পাৰে বুলি মন্তব্য কৰে।

অনুষ্ঠানত লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনা মহকুমাৰ মহকুমাধিপতি অৰিন্দম বৰুৱা, মহকুমাৰ নির্বাচনী বিষয়া কাকুমণি শইকীয়া, সহকাৰী আয়ুক্ত কুলভূষণ পেগু, সমাজকৰ্মী পৰমানন্দ দলে, ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ডঃ গিৰিন গগৈ, টি এম পি কেৰ সাধাৰণ সম্পাদক পদ্মলুচণ দলে প্ৰমুখ্যে কৰি বহুকেইজন গণ্য-মান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শনিবাৰৰ সম্বৰ্ধনা অনুষ্ঠানত মন্ত্ৰী তথা ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেই ২০১৯ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ(বিজ্ঞান) চূড়ান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে প্ৰথম স্থান দখল কৰি ঢকুৱাখনা সমষ্টিলৈ গৌৰৱ কঢ়িয়াই অনা বিতোপন আৰান্ধৰাৰ লগতে চলিত বৰ্ষত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ঢকুৱাখনা সমষ্টিৰ ৮৫৪ গৰাকী কৃতী শিক্ষাৰ্থীক একোখনকৈ গামোচা মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জনাই সকলোৰে ভবিষ্যত জীৱনৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

তেওঁ নিজৰ চমু ভাষণত সমস্যাৰে জৰ্জৰিত ঢকুৱাখনা সমষ্টিৰ উন্নয়নৰ প্ৰতিগৰাকী কৃতি ছাত্ৰ ছাত্ৰীয়েই আগবাঢ়ি আহিব লাগিব বুলি উল্লেখ কৰি নিষ্ঠা আৰু একাগ্ৰতাৰে নিজৰ অধ্যয়নত ব্ৰর্তী হ'বলৈ আহ্বান জনায়। ইয়াৰ লগতে সমবৰ্ধিত কৃতী শিক্ষার্থীসকলক সমাজৰ লগতে অভিভাৱকৰ প্ৰতি সমান দায়বদ্ধ হ'বলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in