২৪ বছৰৰ পাছত সম্পূৰ্ণ মিছিং ভাষাত প্ৰদৰ্শিত হব ৰাসঃ ঢকুৱাখনাৰ মাতমৰাত মাজ নিশালৈ ভগৱান শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা উদযাপনৰ ব্যাপক প্ৰস্তুতি…

২৪ বছৰৰ পাছত সম্পূৰ্ণ মিছিং ভাষাত প্ৰদৰ্শিত হব ৰাসঃ ঢকুৱাখনাৰ মাতমৰাত মাজ নিশালৈ ভগৱান শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলা উদযাপনৰ ব্যাপক প্ৰস্তুতি…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ফুলে ফলে জাতিষ্কাৰ এই বৃন্দাবন। সকলোৰে মুখত হাঁহি, সকলোৰে মনত অপাৰ আনন্দ। কাৰণ তেওঁলোকৰ মাজত আছে তেওঁলোকৰ প্ৰাণৰো আপোন কলীয়া কানাই। তেওঁলোকৰ দুখ ভাগৰ সকলো এই জগৰত ঈশ্বৰ কানাইয়েই পাহৰাই দিছে সেয়ে বৃন্দাবন শুৱনি কৰি তেওঁলোক মাথো আনন্দ উল্লাষত ব্যস্ত।

মাজে সময়ে কোনো অপশক্তিয়ে বৃন্দাবনত ৰং চৰোৱা গোপিনী-গোপবালক আৰু কলীয়া কানাইক আক্ৰমণৰ বাবে চেষ্টা কৰে যদিও সকলোতে মাথো কানাই ৰূপী শ্ৰীকৃষ্ণৰে জয় হয়। হয়, এনেবোৰ ভগৱান শ্ৰীকৃষ্ণৰ লীলাকে ৰাসৰ মাজেৰে ৰাইজৰ আগত দেখাবলৈ এতিয়া ৰাজ্যৰ চাৰিওফালে চলিছে ৰাসৰ ব্যাপক প্ৰস্তুতি। এইক্ষেত্ৰতবৃহত্তৰ অসমীয়া জাতিটোৰ অনবদ্য অংশ স্বৰূপ মিচিং জনগোষ্ঠীৰ লোকসকলো পিছপৰি ৰোৱা নাই। বিশেষকৈ ঢকুৱাখনাৰ মাতমৰাবাসী ৰাইজে সুদীৰ্ঘ ২৪ বছৰৰ পাছত এইবাৰ পুনৰ সম্পূৰ্ণ মিছিং ভাষাত আয়োজন কৰিছে ৰাস মহোৎসৱ।

"কিকিৰি দৃৰবৃ মজাৰ অপেঃ"ৰ উদ্যোগত আৰু নৈপৰীয়া মাতমৰাবাসীৰ সহযোগত স্থানীয় এচ ডি পি মহাবিদ্যালয় প্ৰাংগনত ১৩ আৰু ১৪ নৱেম্বৰত দুদিনীয়া কাৰ্য্যসূচীৰে উদযাপন কৰিব লগীয়া ভগৱান শ্ৰীশ্ৰী কৃষ্ণ ৰাসলীলাৰ ব্যাপক প্ৰস্তুতি চলাইছে উদ্যোক্তা সকলে। বানপানীৰ বাবে এনে গৌৰৱোজ্জল সংস্কৃতিক বাদ দিব লগা হোৱাৰ পাছত সম্পূৰ্ণ ২৪ বছৰৰ পিছত মাতমৰা বাসীয়ে আকৌ অতিথিক আদৰিবলৈ ককাঁলত টঙালি বান্ধিছে৷

"কিকিৰি দৃৰবৃ মজাৰ অপেঃ"ৰ লগতে মাতমৰা ৰাইজ এতিয়া দূপৰ নিশালৈ মাতমৰা লইদ কমপ্লেক্সত ব্যস্ত হৈছে আখৰাত৷ এমাহজোৰা অনুশীলনৰ অন্তত সমগ্ৰ অঞ্চললৈ এতিয়া সেয়ে মথুৰা বৃন্দাবন সদৃশ পৰিবেশ নমাই আনিব পৰিছে উদ্যোক্তা সকলে।

উদযাপন সমিতিৰ সভাপতি নৱকুমাৰ দলে আৰু সম্পাদক ভৱেশ দলেই জনোৱা মতে এইবাৰ দৰ্শকক পৰম্পৰা অক্ষুন্ন ৰাখি কিছু চমক দিয়াৰো ব্যৱস্থা কৰিব। ৰাসত স্হানীয় শিল্পীৰ লগতে আমন্ত্ৰিত শিল্পী মিচিং স্বায়ত্ত্ব শাসিত পৰিষদৰ মুখ্যকাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু মিচিং বোলছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰী ডেলিনা পেগুৱে অভিনয় কৰিব বুলি লগতে জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in