২৫০ টকাকৈ ফীজ লৈ মানুহক ঠগা ভণ্ডবাবাৰ কি হ’ল ঢকুৱাখনাত অৱস্থা…

২৫০ টকাকৈ ফীজ লৈ মানুহক ঠগা ভণ্ডবাবাৰ কি হ’ল ঢকুৱাখনাত অৱস্থা…

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ আপোনাৰ যদি বহু পুৰণি বেমাৰ আছে আপুনি তেতিয়াহলে বাবাৰ ওচৰলৈ আহক, বাবাই আপোনাৰ সকলো ভাল কৰি দিব। বহু নামি দামী চিকিৎসকে ভাল কৰিব নোৱাৰা বেমাৰ বাবাই নিমিষতে পানী জাৰি দি ঠিক কৰি পেলাব। মাথোঁ আপুনি বাবাৰ ওপৰত বিশ্বাস ৰাখি ২৫০ টকাৰ সৰু এটা মাননি আগবঢ়ালেই হল। এই কথাখিনি ঢকুৱাখনাৰ ঘিলামৰা অঞ্চলত কিছুদিনৰ আগত মানুহৰ মুখে মুখে প্ৰচাৰ হৈ যোৱা লগে লগে বাবাৰ চৰণত শৰণ লোৱা মানুহৰ সংখ্যা দিনক দিনে বৃদ্ধি পালে। পিছে এইজন বাবা কোন আপোনালোককতো চিনাকি কৰি দিয়াই নাই নহয়।

এইজন হল "ঐশ্বৰিক গুণ" থকা বুলি নিজকে দাবী কৰা শোণিতপুৰ জিলাৰ জামুকগুৰি হাতৰ হিতেশ্বৰ বৰা। যিসময়ত আধুনিক চিকিৎসা বিজ্ঞানেও বহু বেমাৰ চিকিৎসাৰ ক্ষেত্ৰৰ হাৰ মানিছে তেনে সময়ত এইগৰাকী ঢকুৱাখনা ঘিলামৰা অঞ্চলত আজিৰ পৰা এমাহ আগত হঠাৎ আর্ৱিভাব হোৱা বাবাই কিন্তু সকলো জটিল ৰোগ নিমিষতে পানী জাৰি ভাল কৰাৰ প্ৰচাৰ চলাইছিল এচাম অন্ধবিশ্বাসী মানুহৰ জৰিয়তে। জামুকগুৰি হাতৰ ইটাখোলাৰ এইগৰাকী বাবাই চিনাকিসূত্ৰে যোৱা ৬ মে'ত ঘিলামৰা মৰনৈৰ বিপিন ৰাজখোৱাৰ ঘৰত থিতাপি লৈ আৰম্ভ কৰিছিল বেজালিৰ জৰিয়তে চিকিৎসাৰ ব্যৱসায়।

পেৰেলাইছিছ, হাপানী, বাটবিষ, গেষ্টিকৰ লগতে বহু বেমাৰ নিমিষতে ঠিক কৰি দিয়াৰ প্ৰচাৰ চলোৱা এই ভণ্ড বাবাই প্ৰতিজন ৰোগীৰ পৰা সংগ্ৰহ কৰিছিল ২৫০ টকাকৈ। যোৱা কিছুদিনলৈ বাবাৰ ব্যৱসায় ভালকৈয়ে চলি আছিল। কিন্তু অন্ধবিশ্বাসী লোক সকলে যেতিয়া এমাহ চিকিৎসা কৰিও কোনো সুফল নাপালে তাৰ পাছতে মঙলবাৰে নিশা এচাম সচেতন লোকৰ জালত পৰিল এইগৰাকী ভণ্ড বাবা।

প্ৰথমে কৰঙা গাঁওৰক্ষী বাহিনীৰ সহযোগত যোৱা সচেতন লোক সকলে ভণ্ড হিতেশ্বৰ বৰাক এই চিকিৎসা বেপাৰ বন্ধ কৰিবলৈ দাবী জনাওঁতেই পৰিস্থিতি কিছু উত্তপ্ত হোৱাত ঘটনাস্থলীত ঘিলামৰা আৰক্ষী উপস্থিত হৈ ভণ্ড বাবাক আটক কৰে। আনহাতে ঘিলামৰা অঞ্চলৰ বিভিন্নজনে ভণ্ড বাবাৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰাত ঘিলামৰা আৰক্ষীয়ে পাছত গ্ৰেপ্তাৰ কৰে হিতেশ্বৰ বৰাক। উল্লেখ্য যে, ভণ্ড বাবা জনৰ পৰা আৰক্ষীয়ে নগদ ৪৯,২৩৪ টকা পোৱাৰ লগতে বহু নিচাজাতীয় সামগ্ৰী উদ্ধাৰ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in