ঢকুৱাখনা-ধেমাজি সীমান্তত জীয়াঢল-কুমটীয়াৰ বানত প্লাৱিত প্ৰায় ১০ খনকৈ গাঁও…

ঢকুৱাখনা-ধেমাজি সীমান্তত  জীয়াঢল-কুমটীয়াৰ বানত প্লাৱিত প্ৰায় ১০ খনকৈ গাঁও…

ডিজিটেল সংবাদ,ঢকুৱাখনাঃ ৰাজ্যত কেইবাদিনো ধৰি নেৰা-নেপেৰা বৰষুণ দিয়াৰ ফলত ঢকুৱাখনা আৰু ধেমাজিৰ সীমান্তৱতী বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰিছে। জীয়াঢল আৰু কুমতিয়া নদীয়ে আজি পাছ দিন ধৰি বিভিন্ন অঞ্চল প্লাবিত কৰিছে।

ঢকুৱাখনা বিধান সভা সমষ্টিৰ সোৱণশিৰীৰ ৰাজহচক্ৰৰ অন্তৰ্গত-কৈৱত গাঁও, ন-পাম, বেটনিহুলা , খনা আৰু ৰটোৱা আৰু ধেমাজি জিলাৰ গোগামুখ ৰাজহ চক্ৰৰ- বৰদৈ, চুতীয়াকাৰী ,ফুলবাৰী, গৰিগাঁও,বেৰভঙাকে আদি কৰি প্ৰায় ১০ খন গাঁৱৰ ৰাইজ বানৰ কবলত পৰি জলা-কলা খাইছে।সোৱণশিৰি ৰাজহ চক্ৰৰ অধিনৰ বাংক্লেং অঞ্চলৰ যাতায়ত যোগাযোগ এতিয়াও বিচ্ছিন্ন হৈ আছে।

গড়কাপ্তানি পথৰ চিগা অংশত প্ৰশাসনে নাঁঁৱৰ ব্যৱস্থা কৰিছিল যদিও পানী বঢ়াৰ বাবে চৰকাৰী নাঁও বন্ধ কৰি দিয়া হৈছে। ইফালে ঠিকাদাৰ গোষ্ঠীয়ে চিগা অংশত নিৰ্মাণ কৰা বাঁহৰ দলংখনো আধৰুৱাকৈ এৰাত যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে ৰাইজৰ। বিভিন্ন অঞ্চলৰ বৰ্নাত্যৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে থকা-খোৱাৰ বাবে।

বিশেষকৈ বিশুদ্ধ খোৱা পানীৰ অভাৱ ,আৰু পশুধনৰ খাদ্য অভাৱে সমস্যা জটিল কৰি তুলিছে অঞ্চলবোৰত। ঘৰৰ ভিতৰত একাঠু একাঠু পানী, ঘৰৰ ভিতৰত চাং পাতি জীৱন অতিবাহিত কৰিব লগা হৈছে বৰ্নাত্যই। এই ক্ষেত্ৰত প্ৰশাসনে পৰ্যাপ্ত সাহায্যৰ কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি বিভিন্ন প্ৰান্তৰ বানপীড়িতই ক্ষোভ ব্যক্ত কৰে।।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in