ঢকুৱাখনাৰ বিলমুখত অগ্নিকাণ্ড, শ্বট চাৰ্কিটৰ ফলত ২টা ঘৰ ভস্মীভূত, চাওক VIDEO

ঢকুৱাখনাৰ বিলমুখত অগ্নিকাণ্ড, শ্বট চাৰ্কিটৰ ফলত ২টা ঘৰ ভস্মীভূত, চাওক VIDEO

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এফালে বিহুৰ আনন্দ আৰু তাৰ মাজতে এক হৃদয় বিদাৰক ঘটনা ঘটিছে ঢকুৱাখনাত। ঢকুৱাখনাৰ বিলমুখত সোমবাৰে সংঘটিত হয় এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। এই ঘটনাত সম্পূৰ্ণৰূপে জাহ যায় দুটা পৰিয়ালৰ বাসগৃহ। বিলমুখৰ বাঁহবাৰী গাঁৱত বিদ্যুতৰ শ্বট চাৰ্কিটৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। সোৱণশিৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত উজনি বাঁহবাৰী মেদক গাঁৱৰ নিৰণ কামান আৰু বাঁহবাৰী মেদক গাঁৱৰ ওখ টাইডৰ গৃহকেইটা সম্পূৰ্ণৰূপে জুইত জাহ যায়।

সন্ধিয়া সময়ত সংঘটিত হোৱা দুইটা অগ্নিকাণ্ডত পৰিয়াল দুটাৰ কেইবালাখ টকাৰ সা-সম্পত্তি ভস্মীভূত হৈছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অতিকে দুৰ্গম এই অঞ্চলটোৰ বাট পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবেই এই স্থানলৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহন বহু পলমকৈহে আহি উপস্থিত হয়। কিন্তু সেই সময়লৈ ঘৰকেইটা সম্পূৰ্ণৰুপে জ্বলি শেষ হয়।

যাৰ বাবে পৰিয়াল দুটাই চকুৰ সন্মুখতে নিজ ঘৰখন জুইত শেষ হৈ যোৱা প্ৰত্যক্ষ কৰিব লগা হয়। ৰঙালীৰ আনন্দৰ মাজতে ঘটা এই ঘটনাই অঞ্চলজুৰি শোকৰ ছা পেলাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in