ডিএলএডৰ নামত আপুনিও দিছে নেকি এই জালত ভৰি! টকা দিয়ক ডিগ্ৰী লওঁক, চাওঁক চাঞ্চল্যকৰ VIDEO

ডিএলএডৰ নামত আপুনিও দিছে নেকি এই জালত ভৰি! টকা দিয়ক ডিগ্ৰী লওঁক, চাওঁক চাঞ্চল্যকৰ VIDEO

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ অসম চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ টেট পৰীক্ষাৰ বাবে ডি এল এড উত্তীৰ্ণ বা ইয়াত অধ্যয়ন কৰাৰ ৰিছিপ অনলাইনত আপলোড কৰাটো বাধ্যতামূলক কৰাৰ পাছতে কাহিলিপাৰা এছ চি ই আৰ টিয়ে ৰাজ্যৰ লাখ লাখ শিক্ষিত যুৱকক লৈ কি বেপাৰ চলাই আহিছিল সেয়া স্পষ্ট হৈ পৰিল। এইক্ষেত্ৰত ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে ঢকুৱাখনাৰ সোৱণশিৰি মাদাৰ টেৰেছা কলেজৰ অধ্যক্ষ আৰু কেৰাণীয়ে ২০১৭ চনৰ পৰা ডি এল এড ডিগ্ৰী দিয়াৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে নামভৰ্তি কৰা শিক্ষাৰ্থীসকলে।

এইবাৰ সোৱণশিৰি মাদাৰ টেৰেছাৰ অধ্যক্ষ গন্ধেশ্বৰ দলে আৰু কেৰাণী যুগেশ্বৰ পেগুৱে মেলিছিল এই দুৰ্নীতিৰ বেহা। ২০১৯ বৰ্ষত ১৫০ শৰো অধিক শিক্ষাৰ্থীক ডি এল এড ডিগ্ৰী প্ৰদান কৰাৰ নামত ৫০০০ হাজাৰ টকাৰ ঠাইত ৭৫০০ টকাৰ পৰা ১২০০০ লৈকে লৈ ৯ মাহতে ডি এল এড ডিগ্ৰী তথা বেকডেটত নামভৰ্তি প্ৰদানৰ ব্যৱস্থা কৰিছিল।

যেতিয়া চৰকাৰে ২০১৭ বছৰৰ পিছত দূৰৱৰ্তী ডি এল এড অবৈধ ঘোষণা কৰাৰ পিছত বিপাঙত পৰে শিক্ষাৰ্থীসকলে। সেয়েহে পইচা ঘূৰাই দিম বুলি কৈ ৪/ ৫ বাৰকৈ অধ্যক্ষই শিক্ষাৰ্থীসকলক কলেজত মাতি পঠিয়াইছিল যদিও প্ৰত্যকদিনাই পলায়ন কৰি ফুৰিছে লুণ্ঠনকাৰী অধ্যক্ষগৰাকী।

বৃহস্পতিবাৰে পুনৰ শিক্ষাৰ্থী সকলক মাতি পঠোৱাৰ পাছত কলেজত কাকো দেখা নাপায় সহস্ৰাধিক প্ৰতিবাদীয়ে, "গন্ধেশ্বৰ দলেক গ্ৰেপ্তাৰ কৰক, প্ৰাপ্য ধন ঘূৰাই দিয়ক, অতি শীৰ্ঘে গ্ৰেপ্তাৰ কৰক, ঢকুৱাখনা প্ৰশাসনে গ্ৰেপ্তাৰ কৰক…" ইত্যাদি শ্লোগান দিয়ে।

ক্ষোভিত পৰীক্ষাৰ্থীসকলে অধ্যক্ষক ফোন কৰাত" মই ডাইৰেক্টৰ লগত যোৱাকালি কথা পাতিছো বুলি কৈ তেখেতে জাননীখন জানে নেকি? মিনিষ্টাৰে জানে নেকি?" বুলি পৰীক্ষাৰ্থীকহে ওলোটাই প্ৰশ্ন কৰে। এগৰাকী মন্ত্ৰীক লৈ প্ৰশ্ন কৰাত শিক্ষাৰ্থীসকল বিমুৰত পৰিছে।

এতিয়া প্ৰশ্ন উত্থাপিত হৈছে শিক্ষামন্ত্ৰী তথা মহকুমা আৰু জিলা প্ৰশাসনে এইখন কলেজৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in