মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা

মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ এফালে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ শ্লোগান আৰু আনফালে দুৰ্নীতিৰ মুক্ত বজাৰ। এইয়াই হৈছে ৰাজ্য প্ৰশাসনৰ বাস্তৱ ছবি। অসম চৰকাৰৰ মন্ত্ৰী নৱ দলেৰ বিয়াগোম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ সম্প্ৰতি ঢকুৱাখনাত সোণৰ কণী পৰা হাঁহত পৰিণত হৈছে। মন্ত্ৰী গৰাকীৰ গৃহ সমষ্টি হোৱা বাবেই নানা অভিলাসী আঁচনি ঢকুৱাখনাৰ বিভিন্ন স্থানত চলিছে যদিও এই সকলোতে একাংশ বিষয়া ঠিকাদাৰ অবাধ লুণ্ঠনৰাজ চলিছে। তাতোকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে, খোদ মন্ত্ৰী গৰাকীৰ গৃহ পঞ্চায়ততে ইটোৰ পাছত সিটো চৰকাৰী আঁচনিত অনিয়ম হোৱাৰ ব্যাপক অভিযোগ উত্থাপিত হৈছে।

কেইদিনমান পূৰ্বে মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত সংঘতিত হোৱা "ই লাইব্ৰেৰী" নিৰ্মাণ অনিয়মৰ কথা সংবাদ মাধ্যমত প্ৰকাশ পোৱা পাছত পুনৰ মাতমৰা পঞ্চায়তত কৃষি বান্ধ নিৰ্মাণ কেলেংকাৰীৰ তথ্য পোহৰলৈ আহিছে। কাৰ্যক্ষেত্ৰত সম্পূৰ্ণৰূপে প্ৰহসনত পৰিণত হোৱা এমজিএনৰেগা আঁচনিৰ অধীনত দুগৰাকী শাসকীয় দলৰ ঠিকাদাৰে ন্যূনতম কাম কৰিয়েই মাতমৰাত ২০ লাখ টকীয়া এটা কৃষি বান্ধৰ আঁচনিৰ পৰা ৮.৮০ লাখ টকা উলিয়াই নিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে।

মাতমৰা পঞ্চায়তৰ বাঘচুক আৰু কবচুক অঞ্চলৰ ৰাইজৰ অভিযোগ অনুসৰি বাঘচুক ই এন দিৰ পৰা কবচুক গাঁৱলৈ এটা ২০ লাখ টকাৰ কৃষি বান্ধৰ কাম দুই এগাড়ী মাটি পেলাই জয়ন্ত দলে আৰু চিদানন্দ দলে নামৰ দুই ঠিকাদাৰে ৮.৮০ লাখ টকা উলিয়াই নিয়ে। ঢকুৱাখনা ব্ল'কৰ খণ্ড উন্নয়ন বিষয়া গৰাকীৰ দুৰ্বলতা তথা দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰক নিয়ন্ত্ৰণ কৰিব নোৱাৰা স্বভাৱৰ বাবেই এই ঠিকাদাৰ দুগৰাকীৰ ওপৰত এইপৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপিত হৈছে। কিন্তু ইমানৰ পাছতো ২০১৭-১৮ বৰ্ষৰ বাবে লখিমপুৰ জিলা পৰিষদৰ অনুমোদিত এই বৃহৎ ধনৰ কামটো ইমান দিনে পৰি আছিল যদিও শেহতীয়াকৈ গাঁও দুখনৰ একাংশ ৰাইজে ঢকুৱাখনা ব্লকত এই আঁচনিতো অহা ৩০ জুনত বন্ধ হব বুলি জানিব পাৰি পুনৰ কিছু পৰিমাণে কাম কৰিবলৈ লৈছে। কিন্তু বাঘচুকৰ বৰ্তমান কাম কৰিবলৈ লোৱা মানুহখিনিয়ে এতিয়া পুনৰ আঁচনিত উল্লেখ থকা পৰিবৰ্তে নিজ ইচ্ছামতে এই বান্ধতো বনাবলৈ লোৱাত কবচুকৰ একাংশ ৰাইজ ক্ষুণ্ণ হৈ পৰিছে।

কাৰণ কিছুমান পূৰ্বে পুনৰ নিৰ্মাণ কৰিবলৈ লোৱা কামটো কবচুকৰ পৰা গাঁওখনৰ দুজনমান যুৱকে ট্ৰেক্টৰে মাটি পেলাই কৰি আহিছিল যদিও বাঘচুকৰ ফালৰ পৰা কাম কৰা ঠিকাদাৰ কেইগৰাকীয়ে অন্য ফালেহে বান্ধতো লৈ যাব বিচৰাত আঁচনিখন ধোঁৱাছাংত উঠাৰ উপক্ৰম হৈছে। লক্ষণীয় বিষয় এয়ে যে, পথাৰলৈ গৰু নিয়া এটা বাটৰ ওপৰতে দুই এগাড়ী মাটি পেলাই পূৰ্বৰ ঠিকাদাৰ দুজনে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ দৰে বৰ্তমান কাম কৰা একাংশয়ো বাকী ১২ লাখ টকা কেইহাজাৰ মান টকা খৰচ কৰি আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ কৰিছে যদিও এইক্ষেত্ৰত ঢকুৱাখনা মহকুমা প্ৰশাসনক এই কামটোত চকু দিবলৈ সচেতন মহলে দাবী উত্থাপন কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in