ঢকুৱাখনাত জিৰণি চৰা নিৰ্মাণত বিসংগতি, আঁচনিৰ অধিকাংশ ধন আত্মসাতৰ অভিযোগ শিঙিয়া পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে

ঢকুৱাখনাত জিৰণি চৰা নিৰ্মাণত বিসংগতি, আঁচনিৰ অধিকাংশ ধন আত্মসাতৰ অভিযোগ শিঙিয়া পঞ্চায়তৰ প্ৰতিনিধিৰ বিৰুদ্ধে

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঘাইপথৰ কাষত যাত্ৰীৰ জিৰণি চৰা নিৰ্মাণৰ নামত ঢকুৱাখনাত সংঘটিত হৈছে ব্যপক অনিয়ম। ঢকুৱাখনা উন্নয়ন খণ্ডৰ শিঙয়া পঞ্চায়তত সংঘটিত হৈছে এই কাণ্ড। পঞ্চায়তটোৰ অধীনৰ কচুৱনী তিনিআলিত চতুৰ্দশ বৃত্তিয় আয়োগৰ আঁচনিৰ অধিনত জিৰণি চৰা আৰু প্ৰসাৱগাৰ নির্মাণত ব্যাপক অনিয়ম কৰাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে।

অভিযোগ অনুসৰি পঞ্চায়ত সচিব নিতুল সোণোৱাল, সভানেত্রী কৰিশ্মা গগৈ, সংশ্লিষ্ট অভিযন্তা আৰু নিৰ্মান কমিটিৰ সভাপতি মৃগাংক লামুৰ দ্বাৰা এই গৃহ আৰু প্ৰসাৱগাৰ নিৰ্মাণত হৈছে দুৰ্নীতি। কাৰণ আঁচনিৰ অধিকাংশ ধন আত্মসাতৰ বাবেই এওঁলোকে আঁচনিৰ প্ৰাককলন মতে নিৰ্মাণ নকৰি তাত লগোৱা ইটা বোৰ পাঁচ ইঞ্চিৰ পৰিবৰ্তে তিনি ইঞ্চি অৰ্থাৎ থিয়কৈ লগোৱাই নহয় অতি নিম্ন মানৰ টিনপাত, ইটা, বালি আৰু চিমেণ্ট ব্যৱহাৰ কৰাৰ অভিযোগ উঠিছে।

এতিয়া ইয়াৰ বাবেই বৰষুণ পৰিলেই পকাৰ প্লাষ্টাৰ সমূহ এৰাই যোৱাটো নিশ্চিত হৈছে। উল্লেখযোগ্য যে, ১ লাখ ৮০ হাজাৰ টকা অনুমোদন দিয়া এই কামটোত মুঠতে ৫০ হাজাৰো টকা খৰচ নাই কৰা বুলি স্থানীয় ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে। এতিয়া এইদৰেই ঢকুৱাখনাৰ বিভিন্ন প্ৰান্তত প্ৰতিটো চৰকাৰী কামত এচাম দুৰ্নীতিগ্ৰস্ত প্ৰতিনিধি ঠিকাদৰে চৰকাৰী আঁচনি ৰূপায়নৰ নামত অবাধ লুণ্ঠনত বর্তী হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in