অধ্যক্ষৰ অত্যাচাৰত ছাত্ৰৰ আত্মহত্যাক লৈ উত্তাল ঢকুৱাখনা মহাবিদ্যালয়

অধ্যক্ষৰ অত্যাচাৰত ছাত্ৰৰ আত্মহত্যাক লৈ উত্তাল ঢকুৱাখনা মহাবিদ্যালয়

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ ঢকুৱাখনা মহকুমাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ঢকুৱাখনা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ দুলেন চুতীয়াৰ আত্মহননৰ ঘটনাৰ কেন্দ্ৰ কৰি কালিৰে পৰা আৰম্ভ হোৱা ছাত্ৰ বিদ্ৰোহৰ ভয়ংকৰ ৰূপত আজিও জ্বলি উঠিল ঢকুৱাখনা। খবৰ অনুসৰি সহজ সৰল মনৰ ছাত্র দুলেন এগৰাকী ছাত্ৰীক জোকোৱাৰ মিছা অভিযোগত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ যোগানন্দ সূতে চৰিওৱাৰ লগতে মানসিক অত্যাচাৰ কৰাত লজ্জিত হৈ কালি ভাড়াঘৰলৈ আহি চিপলৈ আত্মহত্যা কৰে।

আত্মহত্যা কৰা ঘটনাৰ পোহৰলৈ অহাৰ পিছত পিঠিত পাঠ্য পুথিৰ বেগ লৈ আত্মহত্যা কৰা দুৰ্ভগীয়া ছাত্র জনে অধ্যক্ষলৈ ক্ষমা বিচাৰি লিখা এখন পত্ৰ উধাৰৰ পিছতেই মৃত্যুৰ ৰহস্য ভেদ হয়।এই খবৰৰ পিছতেই ক্ষোভিত ছাত্ৰই আৰম্ভ কৰে বিদ্যহৰ। ছাত্ৰজনৰ আত্মহত্যাৰ বাবে মহাবিদ্যালয়ৰ অধ্যক্ষ যোগানন্দ সূত ক জগৰীয়া কৰি নিশাৰ ভিতৰতে ক্ষোভিত ছাত্ৰ-ছাত্ৰীয়ে সমদল কৰি অধ্যক্ষৰ বাসগৃহ ঘেৰাও কৰে। যোগানন্দ সূত গ' বেক, হত্যাকাৰী যোগানন্দ সূত গ্ৰেপ্তাৰ কৰক আদি শ্ল'গানেৰে উত্তাল কৰে অধ্যক্ষৰ বাসগৃহ চৌহদ।

অধ্যক্ষৰ গৃহত দীৰ্ঘ সময় ধৰ্ণা দিয়াৰ পিছত আৰক্ষীয়ে ছাত্ৰসকলক উভতাই আনে যদিও নিশা ১০ বজাৰ পৰ্যন্ত ঢকুৱাখনা থানা ঘেৰাও কৰি অধ্যক্ষক গ্ৰেপ্তাৰৰ দাবী তুলি এখন এজাহাৰ দাখিল কৰে। ছাত্ৰ-ছাত্ৰীৰ প্ৰৱল দাবীক উপেক্ষা কৰি মহাবিদ্যালয়ৰ অধ্যক্ষ যোগানন্দ সূতক আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাত আজি পুনৰ বিদ্ৰোহ আৰম্ভ কৰে ছাত্ৰ-ছাত্ৰীসকলে।

মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে মহাবিদ্যালয়ত শ্ৰেণী বৰ্জন কৰি ৰাজপথলৈ ওলাই আহি ঢকুৱাখনা থানা ঘেৰাও কৰে। অসম আৰক্ষী হাই হাই,যোগানন্দ সূতক গ্ৰেপ্তাৰ কৰক আদি শ্ল গানেৰে উত্তাল কৰি তোলে।পিছত আৰক্ষী-প্ৰশাসনৰ দুৰ্বল স্থিতিত ক্ষোভিত হৈ ঘণ্টাৰ পিছত ঘণ্টা ধৰি ৰাজপথ বন্ধ কৰি ৰাখে ছাত্ৰ-ছাত্ৰী সকলে। ফলত একপ্ৰকাৰৰ জনজীৱন স্তব্ধ হৈ পৰে।

পিছত ঢকুৱাখনাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত অৰিন্দম বৰুৱাই মাইকযোগে একসপ্তাহ ভিতৰত তদন্ত কৰি দোষীক শাস্তি দিয়া হ'ব বুলি ঘোষণা কৰে যদিও শিক্ষাৰ্থীসকল অমান্তি হৈ পুনৰ -"মহকুমা প্ৰশাসন গ' বেক, অসম আৰক্ষী গ'বেক, যোগানন্দ সূতক গেপ্তাৰ কৰক ইত্যাদি শ্লোগান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰাত আৰক্ষী-চিআৰপিএফে প্ৰতিবাদী শিক্ষাৰ্থীসকলৰ ওপৰত লাঠিচালনা, কন্দুৱা গেছ প্ৰয়োগ কৰাৰ লগতে জলকীয়া বোমা নিক্ষেপ কৰি অত্যাচাৰ চলোৱাত ক্ষুব্ধ শিক্ষাৰ্থীসকলেও প্ৰত্যুত্তৰত শিলগুটি নিক্ষেপ কৰাত পৰিৱেশ জটিল হৈ পৰে।

প্ৰায় দুঘন্টাজুৰি ঢকুৱাখনা নগৰৰ পৰিৱেশ যুদ্ধক্ষেত্ৰসদৃশ হৈ পৰে। আৰক্ষী-প্ৰতিবাদকাৰীৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত বহুকেইজনলোক আহত হোৱাৰ লগতে ভালেমান গাড়ী-মটৰ ক্ষতিগ্ৰস্ত হয়। পৰিস্থিতিয়ে অধিক ভয়ংকৰ ৰূপ লোৱাত ঘটনাস্থলীত আহি উপস্থিত হয় লখিমপুৰ জিলাৰ উপায়ুক্ত ডঃ বি জীৱন আৰু আৰক্ষী অধীক্ষক সোধাকৰ সিং। উপায়ুক্ত ডঃ বি জীৱন আৰু আৰক্ষী অধীক্ষক সোধাকৰ সিং প্ৰতিবাদকাৰী ছাত্ৰৰে আলোচনাত মিলিত হৈ শীঘ্ৰে ইয়াৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। আশ্বাসৰ পিছতেহে পৰিস্থিতি শাম কাটে। ইফালে ঢকুৱাখনা মহকুমা প্ৰশাসনে পৰিস্থিতি জটিল দেখি ঢকুৱাখনাত ১৪৪ ধৰা জাৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in