ঢকুৱাখনাত “সহযোগ অসম”ৰ কেঞ্চাৰ সজাগতা সভা সম্পন্ন…

ঢকুৱাখনাত “সহযোগ অসম”ৰ কেঞ্চাৰ সজাগতা সভা সম্পন্ন…

ডিজিটেল সংবাদ, ঢকুৱাখনা: অসমৰ এক অন‍্যতম বেচৰকাৰী স্বেস্থাসেৱী সংগঠন সহযোগ অসমৰ উদ্যোগত আজি। ঢকুৱাখনাত দূৰাৰোগ‍্য কেঞ্চাৰ সম্পৰ্কীয় এখন বিশেষ সজাগতা সভা অনুষ্ঠিত হয়।ঢকুৱাখনা কোঁৱৰ গাঁৱস্থ আইডিয়েল মিচন স্কুলৰ প্ৰাংগণত অনুষ্ঠিত সভাখনৰ আঁত ধৰে এন জি অ'টোৰ সমন্বয়ক পূৰৱী বৰুৱাই।

ঈশ্বৰ, কেঞ্চাৰ আৰু জীৱন শীৰ্ষক সভাখনত সমল ব্যক্তি হিচাপে বক্তব্য ৰাখে উত্তৰ লখিমপুৰৰ জ‍্যেষ্ঠ চিকিৎসক তথা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ হেমন্ত কুমাৰ দত্তই।ডাঃ দত্তই নিজৰ বক্তব্যত স্বাস্থ্য মানে কি ,তাক প্ৰাঞ্জল ভাষাত বৰ্ণনা কৰাৰ লগতে বৈদিক যুগৰ পৰা ভাৰতীয় সভ্যতা -সংস্কৃতি আৰু স্বাস্থ্য সচেতনতাৰ ইতিহাসৰ ওপৰত চমু আলোকপাত কৰে।

ধপাত আৰু মাদক দ্ৰব্যই কিদৰে মানুহৰ জীৱন ধ্বংস কৰে আৰু কিদৰে বিশাল সম্ভাৱনা নষ্ট কৰে তাৰো উদাহৰণ সহ ব্যাখ্যা কৰি ধপাত আৰু মাদক দ্ৰব্য ব্যৱহাৰৰ পৰা ৰাইজক আঁতৰত থাকিবলৈ আহ্বান জনায়।ইউৰোপীয় উপনিৱেশিকসকলে অসমীয়াক এই অভ্যাস কৰোৱা বুলিও ডাঃ দত্তই মন্তব্য কৰে।

সভাখনত ঢকুৱাখনা মহকুমাৰ সহকাৰী আয়ুক্ত কুলভূষণ পেগু, ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ‍্যাপক ইন্দিবৰ বুঢ়াগোহাঁঞি ,অৱসৰপ্ৰাপ্ত শিক্ষক দুলাল বৰুৱা, আইডিয়েল মিচন স্কুলৰ অধ্যক্ষ প্ৰণয় কোঁৱৰ, সহযোগ অসমৰ সঞ্জয় বৰুৱা, ইনু শৰ্মা, সাংবাদিক পৰাণ জ্যোতি বৰাই বক্তব্য ৰাখে।।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in