ঢকুৱাখনা গ্ৰন্থমেলাত ছাত্ৰ-ছাত্ৰীৰ উখল-মাখল পৰিৱেশ, ১২ জানুৱাৰীলৈকে চলিব গ্ৰন্থমেলা

ঢকুৱাখনা গ্ৰন্থমেলাত ছাত্ৰ-ছাত্ৰীৰ উখল-মাখল পৰিৱেশ, ১২ জানুৱাৰীলৈকে চলিব গ্ৰন্থমেলা

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ "ভাষা এটা জীয়াই ৰাখিবলৈ হ'লে সেই ভাষাটো হৃদয়ত ধাৰণ কৰিব লাগিব প্ৰতিজন লোকে। তেতিয়াহে জীয়াই থাকিব ভাষাটোৰ কালিকা। নিভাজ অসমীয়া ভাষা বৰ্তি আছে চহা মানুহৰ সমাজতহে।"-এই বক্তব্য বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনৰ। ঢকুৱাখনা গ্ৰন্থমেলাৰ চতুৰ্থ দিনা- বিশিষ্ট লেখক শিৱ প্ৰসাদ গগৈয়ে উদ্ধোধন কৰা "অসমীয়া ভাষাৰ ভৱিষ্যত" শীৰ্ষক আলোচনা চক্ৰত মুখ্য আলোচকৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইনে অসমীয়া ভাষাৰ বৰ্তমান কিদৰে সংকট আহিছে, কেনেকৈ দুৰৱস্থাৰ সন্মুখীন হৈছে ভাষটো সেই কথাও বিস্তৃতভাৱে ব্যাখা আগবঢ়ায়।

তেওঁ আৰু কয় যে-"অসমীয়া ভাষা জীয়াই থাকিবলৈ হ'লে অসমৰ সকলো স্থানীয় ভাষাৰ প্ৰতি অসমীয়াভাষীসকলে সন্মান প্ৰদৰ্শন কৰিব লাগিব। সকলো-জাতি-জনগোষ্ঠীৰ ভাষাক গুৰুত্ব দিব লাগিব।কাৰণ বিভিন্ন জাতি-জনজাতিৰ লোকেহে বেছিকৈ অসমীয়া ভাষা ব্যৱহাৰ কৰে। অসমীয়া ভাষাৰ ব্যৱহাৰ গ্ৰাম্যাঞ্চলতহে অধিক হয়।"এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰি অন্য এজন আলোচক বিশিষ্ট লেখক অধ্যাপক-ড০ অৰবিন্দ ৰাজখোৱাই কয় যে-"অসমীয়া ভাষা বুলিলে এক নিৰ্দিষ্ট ৰূপ নাই। ঠাইভেদে ইয়াৰ ৰূপ বেলেগ বেলেগ। অসম যিহেতু এক বহুভাষিক অঞ্চল।গতিকে অসমীয়া ভাষাৰ এটা নিৰ্দিষ্টৰূপক সকলোৱেই শুদ্ধকৈ কব লাগিব বুলি জাপি দিব নোৱাৰি।"

লগতে ড০ ৰাজখোৱাই-অসমীয়া ভাষাৰ ভৱিষ্যত সন্দৰ্ভত কেতবোৰ আশংকা প্ৰকাশ কৰি আৰু কয়-সময়ৰ আহ্বানত অসমীয়া ভাষাৰ বিবৰ্তন আৰু পৰিবৰ্তন মানি ল'বই লাগিব। কাৰণ অসমীয়া ভাষাটো বিশ্বভাষা হ'ব পৰাকৈ প্ৰয়োজনীয় বিভিন্ন ক্ষেত্ৰৰ প্ৰয়োজনীয় কিতাপেৰে চহকী হোৱা নাই এতিয়াও। ইয়াৰ বাবে অসমীয়া সাহিত্যিত বহু কাম কৰিবলগীয়া আছে। এই ক্ষেত্ৰত অসম সাহিত্য সভা আগবাঢ়ি অহা উচিত।" ঢকুৱাখনা গ্ৰন্থমেলা-২০২০'ৰ চতুৰ্থ দিনাৰ পুৱাৰ ভাগত ছাত্ৰ-ছাত্ৰীসকলৰ দুটা শাখাত কবিতা আবৃত্তি প্ৰতিযোগিতা আয়োজন কৰা হয়। ইয়াৰ পিছতেই অনুষ্ঠিত হয় আলোচনাচক্ৰ-"অসমীয়া ভাষাৰ ভৱিষ্যত"।

আনহাতে বিয়লি-৩.৩০ বজাৰ পৰা শিক্ষাৰ্থীক কেন্দ্ৰ কৰি কেৰিয়াৰ গাইড সম্পৰ্কীয় এক অনুষ্ঠান আয়োজন কৰা হয়। এই অনুষ্ঠানত অসমৰ বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা প্ৰীতিমা কৌশিক বৰুৱাই ঢকুৱাখনাৰ শিক্ষাৰ্থীক পৰামৰ্শ প্ৰদান কৰে। সন্ধিয়া ৫ বজাৰ পৰা আৰম্ভ হোৱা মাজুলীৰ উদীয়মান কণ্ঠশিল্পী তুলিকা শইকীয়াৰ সংগীতানুষ্ঠানে গ্ৰন্থমেলাৰ বাকৰিত উপস্থিত সকলোকে আপ্লুত কৰে।

শনিবাৰে 'ঢকুৱাখনা গ্ৰন্থমেলা-২০২০' সামৰণি হোৱাৰ কথা আছিল যদিও গ্ৰন্থমেলাৰ বিপণীবোৰৰ লগতে ৰাইজৰ ব্যাপক আগ্ৰহৰ বাবে ১২ জানুৱাৰীলৈ এদিন বৃদ্ধি কৰা হৈছে বুলি ঢকুৱাখনা গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি ডঃ গিৰিন গগৈয়ে সংবাদ মাধ্যমক জানিবলৈ দিছে। শনিবাৰে পঞ্চম দিনৰ কাৰ্যসূচী অনুসৰি-দিনৰ ১১ বজাৰ পৰা গ্ৰন্থ মেলা উদযাপন সমিতিৰ সভাপতি ড০ গিৰণ গগৈৰ সঞ্চালনাত মুকলি সভা অনুষ্ঠিত হ'ব। মৰিঢল মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ কযল গগৈয়ে উদ্ধোধন কৰিব লগা মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে-ঢকুৱাখনা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক-সেৱক চন্দ্ৰ চুতীয়া আৰু ঘিলামৰা আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-ড০ কেশৱ হাজৰিকাই, বিশিষ্ট অতিথিৰূপে-মৰিঢল মহাবিদ্যালয়ৰ অধ্যাপিকা-ড০পূৰৱী দুৱৰা আৰু গোগামুখৰ বিশিষ্ট লেখক পূৰ্ণ কুমাৰ চিন্তেই, আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট শিক্ষাবিদ-অমিয় কুমাৰ সন্দিকৈ, ৰাজ্যৰ বিশিষ্ট সমাজ সংগঠক-ড০ পদ্মপাণি, নৰ্থবেংক কলেজৰ সহকাৰী অধ্যাপক-শোভ দাস আৰু ঢকুৱাখনা নগৰ সমিতিৰ সভানেত্ৰী-মীনা হাজৰিকাই আৰু সন্মানীয় অতিথিৰূপে-ঢকুৱাখনাৰ চক্ৰ বিষয়া চৈয়দ ৱাচবীৰ ছোৱানীয়ে অংশগ্ৰহণ কৰাৰ কথা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in