সংস্কৃতি কেৱল কিতাপৰ পাততহে আছেঃ ঢকুৱাখনা গ্ৰন্থমেলাৰ অন্তৰংগ আলাপ অনুষ্ঠানত হোমেন বৰগোহাঞি…

সংস্কৃতি কেৱল কিতাপৰ পাততহে আছেঃ ঢকুৱাখনা গ্ৰন্থমেলাৰ অন্তৰংগ আলাপ অনুষ্ঠানত হোমেন বৰগোহাঞি…

ডিজিটেল সংবাদ,ঢকুৱাখনা: "আমাৰ বাল্যকালত গ্ৰন্থমেলা শব্দটোৰ লগত কাৰো পৰিচয় নাছিল।আজি ঢকুৱাখনাৰ নতুন প্ৰজন্মৰ গ্ৰন্থমেলাৰ সৈতে পৰিচয় ঘটিছে।ই মোৰ বাবে আটাইতকৈ সুখৰ খবৰ। এই যে পৃথীৱীখন অতি দ্ৰুতগতিৰে সলনি হৈ আহিছে,মানুহৰ জীৱনধাৰাও সলনি হৈছে।এতিয়া আমাৰ অসমীয়া সংস্কৃতি এতিয়া কেৱল কিতাপৰ পাততহে আছে,অসমীয়া মানুহৰ শৰীৰত আৰু সমাজত নাই।
এখন ভাল গ্ৰন্থ প্ৰকাশৰ বহুবছৰ পিছতহে তাৰ গুৰুত্ব বাঢ়ে।লগে লগে ইয়াৰ ফলাফল পোৱা নাযায়।"-এই মন্তব্য বিশিষ্ট সাহিত্যিক, সাংবাদিক-হোমেন বৰগোহাঞিৰ।

প্ৰথমবাৰৰ বাবে আয়োজিত ঢকুৱাখনা গ্ৰন্থমেলাৰ তৃতীয় দিনৰ কাৰ্যসূচী অনুসৰি ঢকুৱাখনা গ্ৰন্থমেলা উদযাপন সমিতিৰ সভাপতি ড০ গিৰীণ গগৈৰ সঞ্চালনাত অনুষ্ঠিত অন্তৰংগ আলাপ অনুষ্ঠানত ঢকুৱাখনাৰ সু-সন্তানৰূপে অংশগ্ৰহণ কৰি বৰগোহাঞিয়ে আৰু কয় যে-"১৮৮৪ চনত গুৱাহাটীত হোৱা প্ৰথম গ্ৰন্থমেলা সংস্কৃতিৰ পাতনি মেলাৰ পিছত আজি-২০২০'ত যে ঢকুৱাখনাত প্ৰথম গ্ৰন্থমেলা অনুষ্ঠিত হৈছে এইয়া অতি আশাব্যঞ্জক কথা।ঢকুৱাখনাৰ পুৰণি সুনাম আছে।বিট্ৰিছৰ আমোলতে ৰাজ্যৰ ভিতৰতে তৃতীয়খন মজলীয়া বিদ্যালয় প্ৰতিষ্ঠা হৈছিল।গতিকে মই এটা কথাই কম এই গ্ৰন্থমেলাই এসময়ত ৰাজ্যৰ সকলো গ্ৰন্থমেলাক চেৰ পেলাব"

অন্যহাতে বিশিষ্ট সাহিত্যিক বৰগোহাঞিয়ে-নৱনীতা গগৈৰ-"ৰূপ-বৰ্ণম" আৰু চন্দ্ৰধৰ চমুৱাৰ-"চামৰাৰ জোতা" নামৰ দুখন কিতাপ উন্মোচন কৰাৰ লগতে ঢকুৱাখনাৰ বিভিন্নজনে কৰা অনেক প্ৰশ্নৰো উত্তৰ দি তেওঁ কয়-"জীৱনটো এটা মহা ভোজ,সুস্থ মানুহে জীৱনৰ ভোজ ভালকৈ খাব পাৰে আৰু অসুস্থ মানুহে জীৱনটো নষ্ট কৰে অবাবত।" এই অন্তৰংগ আলাপ অনুষ্ঠানত-ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ্ৰ সুত,অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ-ডিম্বেশ্বৰ গগৈ,বাসন্তী মৰাং,শিক্ষাবিদ-সৰ্বেশ্বৰ সূত বৰুৱাকে আদি কৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে বৃহস্পতিবাৰে তৃতীয় দিনাৰ পুৱাৰ কাৰ্যসূচী মতে-ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা অনুষ্ঠিত হয়।ইয়াৰ পিছতেই অন্তৰংগ আলাপ অনুষ্ঠান হয়।অন্যহাতে গ্ৰন্থমেলাৰ বাকৰিত পথিক নাট্য গোষ্ঠীৰ শিল্পী সকলে ড০ পংকজ বৰাৰ ৰচনা আৰু পৰিচালনাৰে "আন্ধাৰ আৰু মৰুভূমিৰ মাজেদি" নামৰ এখনি বাটৰ না‌ট মঞ্চস্থ কৰে।

ইয়াৰ পিছতে ৩ বজাৰ পৰা-কবি মৌচুমী গগৈ হাতীবৰুৱাৰ সঞ্চালনাত ঢকুৱাখনাৰ ন-পুৰণি লেখক-লেখিকাসকলৰ অন্তৰংগ আলাপ অনুষ্ঠান আয়োজিত হয়।পূজা গগৈয়ে আঁতধৰা এই অনুষ্ঠানত-ক্ৰমে-জুলি বৰুৱা,শৈলেন বৰুৱা,ঘনকান্ত বড়া,জয়চন্দ্ৰ হাজৰিকা, ড০ জিতু কুমাৰ চমুৱা,জ্যোতি নীলিমা গগৈ,ৰাজীৱ তামুলী,ৰাজীৱ বৰুৱা,জ্যোতিষ্মান দাস,বিদ্যাৱতী গগৈকে আদি কৰি প্ৰায় কুৰিগৰাকী ঢকুৱাখনাৰ স্থানীয় লেখক,কবি,গল্পকাৰ, উপন্যাসিকে অংশগ্ৰহণ কৰি-নিজে কিয় লেখে,লেখাৰ পটভূমি,লেখাৰ সুখানুভূতি ইত্যাদি প্ৰকাশ কৰে।সন্ধিয়া-৫ বজাৰ পৰা স্থানীয় প্ৰবীণ শিল্পীৰ সাংস্কৃতিক অনুষ্ঠান হয়।

শুকুৰবাৰে গ্ৰন্থমেলাৰ চতুৰ্থ দিনৰ কাৰ্যসূচী অনুসৰি-পুৱা ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কবিতা আবৃত্তিৰ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।ইয়াৰ পিছতে দিনৰ-১১.৩০ বজাত বিশিষ্ট লেখক ইছমাইল হোছেইনৰ সঞ্চালনাত-"অসমীয়া ভাষাৰ ভৱিষ্যত" শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনাচক্ৰ অনুষ্ঠিত হ'ব।

ইয়াত আলোচকৰূপে ভাগ ল'ব-ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড০ সত্যকাম বৰঠাকুৰ,উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী-ড০ অৰবিন্দ ৰাজখোৱা,আৰু বিশিষ্ট ভাষাবিদ,লেখক-ড০নাহেন্দ্ৰ পাদুনে।

ইফালে বিয়লি -২.৩০ বজাত অনুষ্ঠিত হ'ব-তেজুপুৰ জি,আই,এম,টি'ৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোহাঁইৰ সঞ্চালনাত- ছাত্ৰ-ছাত্ৰীৰ সৈতে এটি কেৰিয়াৰ সজাগতা অনুষ্ঠান।আৰু ৰাতিলৈ আয়োজিত হ'ব-মাজুলীৰ কণমানি কণ্ঠশিল্পী-তুলিকা শইকীয়াৰ সাংগীতিক অনুষ্ঠান।১১ জানুৱাৰীত ঢকুৱাখনা গ্ৰন্থমেলাৰ অন্ত পৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in