ঢকুৱাখানা থানাৰ চৌহদত পৰম্পৰা অনুসৰি পুৱা জ্বলিল মেজি…

ঢকুৱাখানা থানাৰ চৌহদত পৰম্পৰা অনুসৰি পুৱা জ্বলিল মেজি…

ডিজিটেল ডেস্কঃ হেঁপাহৰ ভোগালীক আদৰি ৰাজ্যবাসীয়ে উৰুকাৰ নিশা লগে ভাগে এসাজ খাই আনন্দ ফূৰ্তিত মতলীয়া হৈছে। যি সময়ত সকলোৱে ভোগালীৰ ভোগ আৰু সুখ লয়, সেই সময়ত আৰক্ষীৰ লোক সকলে পৰিয়াল-স্বজনৰ পৰা আঁতৰত থাকি দায়িত্ব পালন কৰিব লগা হয়।

আৰক্ষীৰো থাকে নিজা এখন পৃথিৱী, থাকে ঘৰ-সংসাৰ। ব্যস্ততাৰ মাজতেই তেওঁলোকেও উদযাপন কৰিব পাৰে এনে উৎসৱ। ঢকুৱাখানাত মাঘৰ বিহুৰ দিনা দেখা পোৱা গ'ল ব্যতিক্ৰম দৃশ্য। ঢকুৱাখানা থানাৰ আৰক্ষীৰ বিষয়াসকলে লগ হৈ থানাৰ চৌহদতে আয়োজন কৰিলে ভোগালীৰ ভোজ-ভাত।

নঁৰা আনি চৌহদৰ মাজতে সাজিলে ভেলাঘৰ। কৰ্তব্যৰ সমান্তৰালভাৱে চলিল উৰুকাৰ ভোজ-ভাতৰ আয়োজন। আৰু পুৱা পৰম্পৰা অনুসৰি থানাৰ চৌহদতে সজা মেজিৰ জুইৰ উত্তাপ ল'লে আৰক্ষীয়ে। থানাত কৰ্মৰত এজন কনিষ্ঠবলে জানিবলৈ দিয়া মতে, থানাখনৰ লোকসকলৰ লগতে দুই এক অতিথিও আহিল এই ভোজ-ভাতলৈ।

ব্যস্ততাৰ মাজতো আৰক্ষীয়ে এনে পৰম্পৰাৰে মেজি আৰু ভেলাঘৰৰ পৰিৱেশৰ মাজত নিজকে কিছু হ'লেও সজীৱ কৰিলে। উল্লেখযোগ্য যে, অসম আৰক্ষীত কৰ্মৰত লোকসকলৰ এনে কিছু ব্যতিক্ৰমী চিন্তা-চৰ্চাই তেওঁলোকৰ মানসিক চাঁপৰ মাজত থকাৰ পৰা কিছু হ'লেও মুক্ত হোৱাৰ অৱকাশ দিব।

শিৱসাগৰ থানাতো আৰক্ষীয়ে মেজিৰ ভোজ-ভাত আয়োজন কৰে। যি সময়ত আৰক্ষী উৎসৱৰ সময়বোৰ নিজৰ বাবে অলপ সময় উলিয়াবলৈ সক্ষম নহয়, সেই সময়ত আৰক্ষীৰ মাজলৈ অহা স্বতস্ফূৰ্ত এই পৰিৱৰ্তনে এক ইতিবাচক বাৰ্তা প্ৰেৰণ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in