চেল্ফি উইথ ৰাণী এণ্ড ভৰত! ঢকুৱাখনাত সমৰ্থকৰ লাইন লাগিল অজ্ঞাতবাসত থকা ভৰত-ৰাণী নৰহক চাবলৈ, VIDEO

চেল্ফি উইথ ৰাণী এণ্ড ভৰত! ঢকুৱাখনাত সমৰ্থকৰ লাইন লাগিল অজ্ঞাতবাসত থকা ভৰত-ৰাণী নৰহক চাবলৈ, VIDEO

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ প্ৰিয়ংকা চোপ্ৰা বা বলিউডৰ আন কোনো ছেলীবেট্ৰি আহিলে গুৱাহাটী মহানগৰীত যি পৰিৱেশ হয় ঠিক তেনে এক পৰিৱেশেই শুকুৰবাৰে বিৰাজ কৰিলে ঢকুৱাখনাত। প্ৰিয়ংকা চোপ্ৰাৰ বাবে দীঘলীয়া অপেক্ষা আৰু আহি পোৱাৰ পাছত ক'ত থম… কি কৰিম, কি খুৱাম আদি এশ এটা কথাই যিদৰে অনুৰাগী বা আয়োজকক চিন্তিত কৰি তোলে ঠিক তেনে এই পৰিৱেশেই আপুনি কল্পনা কৰি ল'ব পাৰে। এতিয়া হয়তো প্ৰিয়ংকা চোপ্ৰাৰ দৰে কাৰোবাক পালে আপুনি যে অলপো সময় নুৰুৱাকৈ অভিনেত্ৰী গৰাকীৰ সৈতে চেল্ফি উঠিব সেইটো ১০০ শতাংশ সঁচা কথা। শুকুৰবাৰে ঢকুৱাখনাতো তেনেই এক সাদৃশ্য থকা দৃশ্য দেখা গ'ল।

পিছে ঢকুৱাখনালৈ প্ৰিয়ংকা বা তেনে কোনো নামী দামী অভিনেতা অভিনেত্ৰী অহা নাছিল। তাৰ পাছতো কিন্তু সেই একেই দৃশ্য। আচলতে অসম প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা শুকুৰবাৰে ঢকুৱাখনাত কা বিৰোধী আন্দোলনৰ অংশ স্বৰূপে "অস্তিত্ব ৰক্ষাৰ জনজাগৰণ যাত্ৰা" আয়োজন কৰা হৈছিল। আৰু এই কৰ্যসূচীত অংশ লবৰ বাবেই যোৱা ১০ বছৰে বিধানসভা নিৰ্বাচনত পৰাজয় বৰণ কৰি অজ্ঞাতবাসত থকা একালৰ প্ৰতাপী মন্ত্ৰী ভৰত নৰহ আৰু সাংসদ পত্নী ৰাণী নৰহ আহি উপস্থিত হলহি ঢকুৱাখনাত। আৰু এনে দুৰ্লভ নৰহ দম্পতিক অত বছৰৰ পাছত কাষতে পাই ঢকুৱাখনাৰ কংগ্ৰেছ কৰ্মী সকলে বাৰু কি দৰে মৰম নাযাচি থাকিব পাৰে।

সেয়ে কোনোৱে যদি গামোচা পিন্ধালে কোনোৱে আকৌ নানা এংগোলৰ পৰা ললে চেল্ফি। কাৰণ আনে হাজাৰ বদনাম গালেও ৰাণী-ভৰতেই এইসকলৰ বাবে প্ৰিয়ংকাতকৈ "হেভী" ছেলীবেট্ৰি। যি দৃশ্য দেখি প্ৰদেশ কংগ্ৰেছৰ কেইবাগৰাকী শীর্ষ বিষয়াৰো চকু থৰ হবলৈ বাধ্য হ'ল।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in