বান্তৌ গাঁৱত ঢকুৱাখনা আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৫ সংখ্যক বাৰ্ষিক অধিৱেশন, শংকৰোৎসৱৰ সামৰণি…

বান্তৌ গাঁৱত ঢকুৱাখনা আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৫ সংখ্যক বাৰ্ষিক অধিৱেশন, শংকৰোৎসৱৰ সামৰণি…

ডিজিটেল সংবাদ, ঢকুৱাখনা: 'শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা কেইবাশ বছৰৰ আগতে বৈষ্ণৱ মাৰ্গেৰে জাতিভেদহীন সংস্কাৰী অসমীয়া সমাজ গঢ়ি থৈ গৈছিল সেই সমাজ আজি থান বান হৈ পৰাৰ বাবেই সমাজত এক বিশৃংখল পৰিৱেশে বিৰাজ কৰিছে।বৰ্তমানৰ উঠি অহা প্ৰজন্মক যদি সৰুৰে পৰাই শংকৰদেৱে দেখুৱাই থৈ যোৱা সংস্কাৰী নীতি-নিয়মৰ মাজেৰে গঢ়ি তুলিব পৰা যায় তেনে পুনৰ অসম ভুমিত বা ভাৰত ভুমিত শান্তিয়ে বিৰাজ কৰিব।"-এই বক্তব্য ধেমাজি জিলা শাখাৰ প্ৰচাৰক নিতুল বৰুৱাৰ।

১ নং বান্টৌ প্ৰাথমিক শাখাৰ আতিথ্যত কালিৰে পৰা দুদিনীয়া কাৰ্যসুচীৰে আয়োজিত ঢকুৱাখনা আঞ্চলিক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৫ সংখ্যক বাৰ্ষিক অধিবেশন আৰু ৫৭১ সংখ্যক শংকৰোৎসৱৰ আজিৰ মুকলি সভাত নিৰ্দিষ্ট বক্তাৰূপে অংশগ্ৰহণ কৰি বৰুৱাই আৰু কয় যে-"উঠি অহা প্ৰজন্মক আমি অভিভাৱক সকলে সৰুৰে পৰাই সামাজিক দায়বদ্ধতা,সংস্কাৰেৰে সুশিক্ষিত কৰি তুলিব পাৰিলেহে ভৱিষ্যতে এখন সুন্দৰ সমাজ আমি পাম।"

উল্লেখ্য যে-প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি-শিশু,যুৱ- আই মাতৃ সমাৰোহ, বছৰৰ শেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হোৱাৰ পিছতে স্মৃতি গ্ৰন্থ উন্মোচন কৰে-ঢকুৱাখনা শাখা সাহিত্য সভাৰ সভাপতি তোলন দত্তই।ইয়াৰ পিছতেই-সাহিত্য প্ৰতিযোগিতা, সাংস্কৃতিক প্ৰতিযোগিতা,প্ৰতিনিধি সভা,নাম প্ৰসংগ আৰু ৰাতিলৈ অখণ্ড নাম কীৰ্ত্তন চলে।

অন্যহাতে দেওবাৰে দ্বিতীয় তথা অন্তিম দিনা পুৱা শৰাই প্ৰতিষ্ঠাৰ পিছতে ধৰ্ম ধৰ্জ্বা উত্তোলন কৰে ঢকুৱাখনা আঞ্চলিক শাখাৰ সভাপতি নৰ ফুকনে।পুৱা -৯.৩০ বজাত ভাগৱত শোভাযাত্ৰা উলিওৱা হয় বিনাৰাম গগৈ আৰু দীপক গগৈৰ নেতৃত্বত। ইফালে দিনৰ ১১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয়।

ঢকুৱাখনা জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সম্পাদক প্ৰাঞ্জল প্ৰতিম ফুকনে উদ্বোধন কৰা মুকলি সভাত বিশিষ্ট অতিথি ৰূপে-মুলৰ প্ৰাক্তন সদস্য দৱ কুমাৰ গগৈ,ঢকুৱাখনা আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি পূৰ্ণানন্দ গগৈ, ঢকুৱাখনা জিলা শাখাৰ প্ৰাক্তন সম্পাদক- লোকনাথ বৰুৱা, দিলীপ গগৈ,সুৰজিৎ বৰপাত্ৰ গোহাঁই, সমাজকৰ্মী ভূৱন চমুৱা, আৰু নিত্যানন্দ গগৈকে আদি কৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰি বক্তব্য ৰাখি শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু শংকৰদেৱৰ ধৰ্মীয় দৰ্শনৰ ওপৰত বিস্তৃত ব্যাখা আগবঢ়াই বুলি আদৰণি সমিতিৰ সভাপতি-বুদ্ধেশ্বৰ ফুকনে জানিবলৈ দিয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in