শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...

ঢকুৱাখনা কলেজত পথ সুৰক্ষা সম্পৰ্কীয় সংহত শৈক্ষিক সজাগতা অভিযানৰ সভা, “বেমাৰতকৈও দুৰ্ঘটনাত মৃত্যুৰ হাৰ বাঢ়িছে”-জিলা পৰিবহন বিষয়া সীতাৰাম দলে

95

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ “বৰ্তমান জনসংখ্যাৰ বিস্ফোৰণৰ সমান্তৰালকৈ কি গাঁও, নগৰ-চহৰ সকলোতে যান-বাহনৰ সংখ্যাও ব্যাপক হাৰত বৃদ্ধি পাইছে। ফলত যাতায়তৰ ক্ষেত্ৰত বিভিন্ন সমস্যাৰ উদ্ভৱ হৈছে। বিশেষকৈ য’তে ত’তে দুৰ্ঘটনা সংঘটিত হৈ বহু লোকৰ জীৱন, সম্পত্তি বিনাশ হৈছে। সেয়েহে সকলো শ্ৰেণীৰ লোকেই যান-বাহন আইন আৰু নিয়ম শৃংখলাবোৰ মানি চলাটো অতিশয় প্ৰয়োজনীয় হৈ পৰিছে। “-এই মন্তব্য লখিমপুৰ জিলাৰ পৰিবহন বিষয়া সীতাৰাম দলেৰ। শনিবাৰে ঢকুৱাখনা মহাবিদ্যালয়ৰ মুকলি মঞ্চত লখিমপুৰ জিলা পথ সুৰক্ষা সমিতি, লখিমপুৰ জিলা পৰিবহন বিষয়াৰ কাৰ্যালয়ৰ উদ্দোগত আৰু দীল স্বাধীন এয়াৰ এন জি অ’ লখিমপুৰৰ সহযোগত পথ সুৰক্ষা সম্পৰ্কীয় সংহত, শৈক্ষিক সজাগতা অভিযানৰ অংশৰূপে আয়োজিত-পথ সুৰক্ষা সজাগতা সভাত বক্তব্য ৰাখি জিলা পৰিবহন বিষয়াগৰাকীয়ে আৰু কয় যে-“বৰ্তমান দেশত বেমাৰ-আজাৰত যিমান লোকৰ মৃত্যু ঘটিছে যান-বাহন,পথ দুৰ্ঘটনাত তাতোকৈ বেছি লোকৰ মৃত্যু হৈছে।গতিকে প্ৰতিজন লোকেই নিজৰ জীৱনৰ সুৰক্ষাৰ বাবে যান-বাহন আইন আৰু নীতি-নিয়মবোৰ মানি চলাতো আটাইতকৈ জৰুৰী হৈ পৰিছে।”

আন্যহাতে এই সভাত বক্তব্য ৰাখি- লখিমপুৰ জিলা সহ পথ প্ৰদৰ্শক ৰাজীৱ জ্যোতি ভুঞাইও-যান-বাহন আইন আৰু নীতি-নিয়ম অমান্য কৰি যান-বাহন চলালে হ’ব পৰা ক্ষয় ক্ষতি আৰু ভৰিব লগা জৰিমণা সন্দৰ্ভতো ঢকুৱাখনা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক সাৱলীলভাৱে বুজাই দি সকলোকে যান-বাহন আইন,আৰু নীতি-নিয়ম মানি চলাৰ বাবে সজাগ হ’বলৈ আহ্বান জনাই।

ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যোগানন্দ্ৰ সূতে সঞ্চালনা কৰা সভাখনৰ আঁত ধৰে দীল স্বাধীন এয়াৰ এন জি অ’ৰ হেমন্ত বনিয়াই। ঢকুৱাখনা মহাবিদ্যালয়ৰ প্ৰায় পাঁচ শতাধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ এই পথ সজাগতা সভাখনত ঢকুৱাখনা স্বাস্থ্য খণ্ডৰ আঁচনি পৰিকল্পনা বিষয়া-বিষ্ণু চেতিয়া, শিক্ষক হেমন্ত কুমাৰ বৰুৱা, সাংবাদিক-ৰাজীৱ বৰুৱা, গোলাপ দাস, ঢকুৱাখনাৰ যুৱ ব্যৱসায়ী-বিজয় দত্ত ইত্যাদিয়েও অংশগ্ৰহণ কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি