ঢকুৱাখনাত “অসম দৰ্শন” আঁচনিৰ  নামত ব্যাপক কেলেংকাৰী, প্ৰশাসনক দিলে অভিযোগ…

ঢকুৱাখনাত “অসম দৰ্শন” আঁচনিৰ  নামত ব্যাপক কেলেংকাৰী, প্ৰশাসনক দিলে অভিযোগ…

ডিজিটেল সংবাদ,  ঢকুৱাখনা :  ৰাজ্য চৰকাৰে আবণ্টন দিয়া  "অসম দৰ্শন" আঁচনিৰ  পুঁজিত ব্যাপক খেলিমেলিৰ অভিযোগ উঠিছে ঢকুৱাখনাত।  ঢকুৱাখনা ৰাজহ চক্ৰৰ অন্তৰ্গত পুথিখাতি গাঁৱৰ  ১নং বৰ নামঘৰ নিৰ্মাণৰ বিপৰীতে এই আঁচনিৰ আধাৰত আবণ্টিত মুঠ ২ লাখ ৫০ হাজাৰ  টকাৰ সমান্তৰালভাৱে গাঁওবাসী ৰাইজৰ ১৫ হাজাৰ টকা সমূলঞ্চে উদৰস্থ কৰিলে  মহানন্দ দাস নামৰ এগৰাকী ব্যক্তিয়ে।

বিগত দুবছৰ পূৰ্বে  চৰকাৰ প্ৰদত্ত বৰ নামঘৰ নিৰ্মাণৰ আঁচনি ৰূপায়নত  আগভাগ লৈ গাঁওখনৰে অৰ্থলোভী যুৱক মহানন্দ দাস নামৰ এজন যুৱকে। বৰ নামঘৰ নিৰ্মাণ সমিতিৰ সম্পাদকৰো পদ কৌশলেৰে দখল কৰি দাসে বিগত প্ৰায় দুবছৰ ধৰি নিৰ্মাণৰ নামত অব্যাহত ৰখা দায়িত্বহীন আচৰণে অতিষ্ঠ কৰিছে গঞা ৰাইজক। সভাপতি জিতৰাম দাস আৰু অন্য সদস্যগণৰ অজ্ঞাতে মইমতালি পূৰ্ণ ভাবে নামঘৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি বিগত ডেৰ  বছৰ ধৰি আধৰুৱাকৈ পেলাই ৰাখিছে  নিৰ্মাণ সমিতিৰ সম্পাদকৰূপী মহানন্দ  দাসে।

ৰাইজৰ স্পষ্ট অভিযোগ নামঘৰটোৰ পুৰণি খুঁটাকে ওপৰৰ প্ৰায় ৩ ফুট মান ওখকৈ নিৰ্মাণ কৰি নিম্ন মানৰ ৰুফ ট্ৰাছ লগাই কাম সামৰিলে দাসে। তাৰোপৰি নামঘৰটোৰ এটা খুঁটা নিৰ্মাণৰ বাবে নগদ ১০ হাজাৰ টকা   শুভাকাংক্ষীক ধৰ্মপ্ৰাণ ব্যক্তি দুলাল দত্তই  আৰু বিভিন্ন সময়ত ধনৰ প্ৰয়োজনীয়তা দেখুৱাই গাঁওৰ মহিলা সকলৰ সঞ্চিত পুঁজি ১৫ হাজাৰ টকা দাসে লৈ সকলো অপচয় আৰু আত্মহাত  কৰিলে। 

চৰকাৰী পুঁজি আৰু ব্যক্তিগত অৰ্থানুদান ব্যৱহাৰ কৰাৰ পাছতো  বিগত  প্ৰায় ডেৰটা বছৰে নামঘৰটোৰ নিৰ্মাণ সম্পূৰ্ণ নহ'ল। নামঘৰটোত ছালত নালাগিল টিনপাত , মজিয়া নহ'ল পকী। বাৰম্বাৰ এই অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰাৰ দাবী জনাই জনাই ৰাইজ ভাগৰিলে। পিছে গা নলৰিল মহানন্দ দাসৰ।  জেঠ মহীয়া নাম বৰষুণত তিতি লোৱাৰ পাছত ভদিয়া নাম লোৱাৰ প্ৰাকক্ষনত  এতিয়া গাঁৱৰ ৰাইজে কাষ চাপিছে  প্ৰশাসনৰ।

আবন্তিত  চৰকাৰী পুঁজিৰ বিপৰীতে নিৰ্মাণ নোহোৱা আৰু চৰকাৰী পুঁজি অপচয় কৰাৰ অভিযোগ তুলি বৃহস্পতি বাৰে ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে তদন্তৰ দাবী জনায় গোচৰ তৰিছে ভূক্তভোগী গঞাই।  ৰাইজে জনোৱা মতে যোৱা  ২৯ জুনত ৰাইজে মহকুমাধিপতি বৰুৱাক  এই দুৰ্নীতি অনিয়ম সন্দৰ্ভত অভিযোগ দিছিল। পিছে আজি  প্ৰায় দুটা মাহে একো সুদুত্তৰ নাপালে অভিযোগকাৰী ৰাইজে। 

 সেয়েহে বৃহস্পতি বাৰে পুনৰ ঢকুৱাখনা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক এই সন্দৰ্ভত ৰাজহুৱা অভিযোগ দাখিল কৰি তদন্তৰ জৰিয়তে ন্যায় প্ৰাপ্তিৰ  আশা কৰিছে।  আঞ্চলিক দল অসম গণ পৰিষদৰ সক্ৰিয় নেতা তথা অনুসূচীত জাতি পৰিষদৰ সদস্য হিচাবে কাৰ্যনিৰ্বাহ কৰি যোৱা দাসৰ বিৰুদ্ধে উত্থাপিত এনে বিত্তীয় অনিয়ম আৰু নিৰ্মাণ দুৰ্নীতিৰ গুৰুতৰ অভিযোগ সন্দৰ্ভত প্ৰশাসনীয় তদন্তই প্ৰকৃত তথ্য  পোহৰলৈ আনিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in