শেহতীয়া খবৰ
বিদেশ ভ্ৰমণৰ বাবদ কিমান খৰচ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে...  •  তেজপুৰৰ বিহগুৰিত ৭০-৮০টা বনৰীয়া হাতীৰ জাকে নৃশংসভাৱে আক্ৰমণ কৰি হত্যা কৰিলে কৃষকক  •  উত্তৰ-পূব কেন্দ্ৰ প্ৰযুক্তি ব্যৱহাৰ আৰু প্ৰসাৰ সঞ্চালক ডঃ অৰুণ কুমাৰ শৰ্মাৰ আশাৰীকান্দিৰ টেৰাকোটা শিল্প পৰিদৰ্শন  •  কেবৰ প্ৰসংগত নকৰিলে মন্তব্য, মুখ্যমন্ত্ৰী সোণোৱালে ক'লে, ঋক বেদত কৈছে মা আদি গুৰু, এই পৃথিৱীত মাতৃয়েই সকলোতকৈ ডাঙৰ গুৰু  •  ছয় জনগোষ্ঠীক জনজাতিকৰণৰ বিৰোধীতাৰে কামপুৰত তীব্ৰ প্ৰতিবাদ, VIDEO  •  নলবাৰীত ৭টা পৰ্যায়ত মাৰাথন দৌৰ...  •  গভীৰ সংকটত জীয়াধলঃ বুকুত মৰুভূমি, এটা দশকত তিনিশ কোটিৰো অধিক ব্যয় জীয়াধল নিয়ন্ত্ৰণৰ নামত  •  ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিল উত্থাপন হ'লে অসম জ্বলিবঃ এবছু  •  কটন বিশ্ববিদ্যালয়ত ‘The Unquiet River: A Biography of the Brahmaputra’ উন্মোচন...  •  ওৰাঙত জনজাতীয় সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ জোঁৰ সমদল...

ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

70

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ “সন্ধি কেতিয়া কৰা হয়। যেতিয়া নিজৰ শক্তি-সামৰ্থ্য সবল হৈ থাকে। কিন্তু যেতিয়া নিজৰ স্থিতি দূৰ্বল হয় তেতিয়া সন্ধি কৰিবলৈ গলে নিজৰ সম্পদ আৰু অস্তিত্ব হেৰুৱাব লগা হয়।” এই মন্তব্য পশ্চিম মাছখোৱা অঞ্চলৰ অগপ নেতা তথা সমাজকৰ্মী-অতুল চুতীয়াৰ। সোমবাৰে সমগ্র ৰাজ্যৰ লগতে পশ্চিম মাছখোৱা অঞ্চলৰ ধেনুখনাত ধেমাজি জিলা অসম গণ পৰিষদৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আয়োজিত- আঞ্চলিক দল অগপৰ ৩৫ সংখ্যক প্ৰতিস্থা দিৱসত আমন্ত্ৰিত অতিথিৰূপে অংশগ্ৰহণ কৰি অগপ দলৰ একনিষ্ঠ অনুগামী চুতীয়াই ভাষণ প্ৰসংগত আৰু কয় যে- “আজি আঞ্চলিকতাবাদৰ বিপৰ্জয় ঘটিছে। নেতৃত্বৰ কিছু দূৰদৰ্শী চিন্তাৰ অভাৱৰ বাবে দলৰ পূৰ্বৰ নীতি আদৰ্শ জলাঞ্জলি দি বৰ্তমানৰ নেতৃস্থানীয় একাংশ নেতাই ব্যক্তি স্বাৰ্থক অধিক গুৰুত্ব দি দল পৰিচালনাৰ ব্যৱস্থা কৰাৰ বাবেই সোমবাৰে অগপৰ ভেটি দূৰ্বল হৈ পৰিল।এতিয়াৰ অৱস্থাত অগপ দলক জনমূখী কৰিবলৈ হ’লে প্ৰতিজন নেতাই আত্ম সমালোচনাৰে বাস্তৱ ভিত্তিক ইচ্ছু লৈ আগবাঢ়িব লাগিব।”

সোমবাৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি পুৱা-দলীয় পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, সতীৰ্থ সোঁৱৰণৰ পিছতে-শ্বহীদ পৰিয়াল আৰু দলৰ জ্যেষ্ঠ কৰ্মীসকলক সম্বৰ্ধনা জনোৱা হয়। দিনৰ ১১ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয় ধেমাজি জিলা অগপৰ সভাপতি লক্ষীধৰ শেনছোৱাৰ সভাপতিত্বত।

সভাখনি উদ্বোধন কৰি অগপৰ কেন্দ্ৰীয় সমিতিৰ সদস্য ড০ পৰমানন্দ সোণোৱালে-অসমৰ ভিতৰত ধেমাজি সমষ্টিৰ এতিয়াও অগপৰ অন্যতম দূৰ্গ হৈ আছে যদিও মিত্ৰতাৰ বাবে বিজেপি দলক ধেমাজিৰ আসনখন এৰি দিব লগা হোৱাটো পৰিতাপৰ কথা বুলি উল্লেখ কৰি অনাগত দিনত ধেমাজিত অগপৰ স্থিতি আৰু শক্তিশালী কৰিবলৈ হ’লে কেন্দ্ৰীয় নেতৃত্বই তৃণমূলৰ নেতা-কৰ্মীসকলৰ আৱেগক গুৰুত্ব দিব লাগিব বুলি কয়।

লগতে সোণোৱালে আৰু কয় যে- “বিজেপি দলে ‘এক দেশ এক কৰ’ নীতি গ্ৰহণ কৰাৰ দৰে ‘এক দেশ এক উন্নয়ন’ নীতি গ্ৰহণ কৰিব লাগে। আনহাতে অনাগত দিনত ধেমাজিৰ আসনখন অগপই অন্য কোনো দলৰ বাবে এৰি নিদিয়ে বুলিও কেন্দ্ৰীয় নেতৃত্বক অৱগত কৰে।

ইফালে সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি আমগুৰি সমষ্টিৰ বিধায়ক তথা অগপৰ সাধাৰণ সম্পাদক প্ৰদীপ হাজৰিকাই অসম আন্দোলনৰ মজিয়াৰ পৰা কি দৰে কি পৰিস্থিতিৰ মাজেৰে অগপ দলে আজি ৩৫ টা বছত ভৰি দিলে তাৰ বিস্তৃত ব্যাখা আগবঢ়াই কয় যে- “অগপই বিজেপিৰ সৈতে মিত্ৰতা কৰাত বহুতে সমালোচনা কৰিছে যদিও আমি আমাৰ জাতীয়তাবাদী ভাৱধাৰাৰ ক্ষেত্ৰত কোনো আপোচ কৰা নাই। আমাৰ আঞ্চলিকতাবাদী আদৰ্শৰ পৰিপন্থী মিত্ৰদলে গ্ৰহণ কৰা প্ৰতিটো সিদ্ধান্তৰে বিৰোধিতা কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম।”

ধেমাজি বিধানসভা সমষ্টিৰ বিভিন্ন আঞ্চলিকৰ কেইবা সহস্ৰাধিক অগপ দলৰ নেতা-কৰ্মীৰ সমাৱেশ ঘটা সভাখনত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অচ্যুত শইকীয়া, হাৰ্হি জিলা পৰিষদৰ সদস্যা টিটুমণি গোহাঁই চেতিয়া, প্ৰাক্তন জিলা পৰিষদৰ সদস্য-দুলাল দত্ত, দেৱ গগৈ, দেবেন দত্ত, ধেমাজি উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তুলন কোঁৱৰ, পশ্চিম মাছখোৱা মাণ্ডলিক অগপৰ সভাপতি নোমোল গগৈ, হাৰ্হি পঞ্চায়তৰ সভাপতি হেমচন্দ্ৰ টাইদ, অগপৰ জ্যেষ্ঠ নেতা সতীশ দাস, অসম যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ সম্পাদক সমুজ্বল চেতিয়াকে আদি কৰি বহু সংখ্যক দলীয় নেতা-কৰ্মী।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি