কেবৰ বিৰুদ্ধে ঢকুৱাখনা ঘিলামৰা ছাত্ৰ সমাজৰ লগতে আছু, আটাছু ঢকুৱাখনা আঞ্চলিক সমিতিৰ তীব্র প্ৰতিবাদ…

কেবৰ বিৰুদ্ধে ঢকুৱাখনা ঘিলামৰা ছাত্ৰ সমাজৰ লগতে আছু, আটাছু ঢকুৱাখনা আঞ্চলিক সমিতিৰ তীব্র প্ৰতিবাদ…

ডিজিটেল সংবাদ, ঢকুৱাখনা: সমগ্ৰ ৰাজ্যৰ লগতে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ঢকুৱাখনাৰ ছাত্ৰ সমাজে শুকুৰবাৰে কঁপাই তুলিলে ঢকুৱাখনাৰ আকাশ বতাহ। ঢকুৱাখনা ছাত্ৰ সন্থাৰ আহ্বানত তথা ঢকুৱাখনা মহাবিদ্যালয় ছাত্ৰ সমাজৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী ৰেলীত অংশগ্ৰহণ কৰে ঢকুৱাখনাৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্র ছাত্ৰীয়ে।

দিনৰ ১১ বজাত ঢকুৱাখনা মহাবিদ্যালয়ৰ পৰা প্ৰতিবাদী ৰেলী আৰম্ভ কৰি ঢকুৱাখনা থানাৰ সন্মুখেৰে পাৰ হৈ পুনৰ মহাবিদ্যালয়লৈ ঘূৰি যায় ছাত্ৰ সকল। এই ৰেলীত প্ৰতিগৰাকী ছাত্ৰই আহ ঐ আহ ওলাই আহ… খেদ ঐ খেদ, বিদেশী খেদ আদি এই ধ্বনি দি কেব বাতিল কৰক, অসমত বাঙালীৰ অতপালি নচলিব, মোদী চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল হায় হায় আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে।

ইফালে দুপৰীয়া সদৌ তাই আহোম ছাত্ৰ সন্থাৰ ঢকুৱাখনা মহকুমা সমিতিয়ে ঢকুৱাখনা নগৰৰ মাজমজিয়াত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী সোনোৱালৰ প্ৰতিকৃতি দাহ কৰি নৰেন্দ্ৰ মোদী হুচিয়াৰ, নাগৰিকত্ব সংশোধনী বিল বাতিল হ'ব লাগিবই , আজি অসমীয়া জাগিছে, আহ ঐ আহ ওলাই আহ, নাগৰিকত্ব সংশোধনী বিল বাতিল হ'ব লাগিবই আদি বিভিন্ন শ্লগানেৰে পৰিবেশ উত্তাল কৰে।।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in