SI কেলেংকাৰীঃ অসম আৰক্ষীৰ সংবাদমেল…

SI কেলেংকাৰীঃ অসম আৰক্ষীৰ সংবাদমেল…
  • SI কেলেংকাৰীৰ সন্দৰ্ভত অসম আৰক্ষীৰ সংবাদমেল।
  • সংবাদমেলত উপস্থিত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত।
  • উপস্থিত আছে জি পি সিং আৰু চি আই ডিৰ মহাপৰিদৰ্শক সুৰেন্দ্ৰ কুমাৰ।
  • অনিয়মেৰে অনুষ্ঠিত কৰা এই পৰীক্ষা বাতিল কৰাত সফল হৈছে অসম আৰক্ষী।
  • দুৰ্নীতিৰ পূৰ্বেই পৰীক্ষা বন্ধ কৰাটো ভাল হৈছে বুলি কয় সংবাদমেলত।
  • তদন্ত প্ৰক্ৰিয়াত সকলো অপৰাধী জালত পৰিব বুলি উল্লেখ কৰে তেওঁ।
  • ৫টা গোচৰ ৰুজু হৈছে বিভিন্ন জিলাত।
  • গুৱাহাটী, কাৰ্বি আংলং, লখিমপুৰ, নলবাৰী আৰু ডিব্ৰুগড়।
  • চি আই ডিয়ে ৪গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে।
  • গুৱাহাটী আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিছে ৯জনক।
  • গ্ৰেপ্তাৰ কৰাসকলৰ চলি আছে।
  • তিনিচুকীয়াত গ্ৰেপ্তাৰ কৰা জয়দ্বীপ বৰুৱাক কোভিড পজিটিভ পোৱা গৈছে।
  • দিবন ডেকাই কৰ পৰা প্ৰশ্নকাকত পালে সেই সন্দৰ্ভত তদন্ত চলি আছে।
  • হোটেল ভাৰ্গৱৰ পৰা জ্বলাই দিয়া ফ্লেস্ক আৰুন নগদ ধন উদ্ধাৰ কৰা হৈছে।
  • প্ৰায় ৫ লাখ ৫০হাজাৰ ধন জব্দ কৰা হৈছে।
  • সেই ধনৰ পৰা উতস কি সেই কথা কব পৰা নাই হোটেল ভাৰ্গৱে।
  • জব্দ কৰা হৈছে ডাফ্ট আৰু ধনৰ ৰচিদো।
  • প্ৰদীপ কুমাৰক গোচৰ দিবলৈ কৈছিল আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই।
  • কিবা তথ্য থাকিলে আৰক্ষীক জনাবলৈ আহ্বান।
  • খবৰ দিয়োটাজনৰ পৰিচয় গোপনে ৰাখি নিৰপত্তায়ো দিব আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in