বৰছিং বে’লৈ আৰক্ষী সঞ্চালক প্ৰধান আৰু কাৰ্বি পৰিষদৰ ১ লাখকৈ পুৰস্কাৰ..

বৰছিং বে’লৈ আৰক্ষী সঞ্চালক প্ৰধান আৰু কাৰ্বি পৰিষদৰ ১ লাখকৈ পুৰস্কাৰ..

বৰছিং বে'লৈ আৰক্ষী সঞ্চালক প্ৰধান আৰু কাৰ্বি পৰিষদৰ ১ লাখকৈ পুৰস্কাৰ..

ডিজিটেল ডেস্কঃ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই পুৰস্কৃত কৰিলে গৃহৰক্ষী জোৱান বৰছিং বে'ক। ড্ৰাগছ সৰবৰাহকাৰীৰ প্ৰলোভনক অগ্ৰাহ্য কৰি সততা আৰু নিষ্ঠাৰে এখন যাত্ৰীবাহী বাছৰ পৰা কেবাকোটী টকা মূল্যৰ ড্ৰাগছ জব্দ কৰা কাৰ্বি আংলং জিলাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে'ক বুধবাৰে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই এক লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰাৰ উপৰিও এখন প্ৰশংসা পত্ৰ প্ৰদান কৰে।

আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই গৃহৰক্ষী জোৱান বে'ৰ সততা আৰু কৰ্তব্যনিষ্ঠাৰ ভূযসী লপ্ৰশংসা কৰাৰ উপৰি জোৱানজনৰ এনে কাৰ্য্যই সমগ্ৰ বিভাগটোকে গৌৰৱান্বিত কৰা বুলি মন্তব্য কৰে। সঞ্চালকপ্ৰধানগৰাকীয়ে ভৱিষ্যতেওঁ এনেধৰণৰ সততা আৰু দৃঢ়তাৰে তেওঁ কৰ্তব্যত আত্মনিয়োগ কৰি যাব বুলি আশা প্ৰকাশ কৰে।

ইপালে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ ৭০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে অনুষ্ঠিত হোৱা দিনজোৰা বিশেষ কাৰ্যসূচীতো কাৰ্বিপৰিষদৰ তৰফৰ পৰা এইগৰাকী সত গৃহৰক্ষী জোৱানক এক লাখ টকাৰ আৰ্থিক পুৰস্কাৰ প্ৰদান কৰে। গৃহৰক্ষী জোৱানজনৰ হৈ এই পুৰস্কাৰ গ্ৰহণ কৰে আৰক্ষী অধীক্ষক পুস্পৰাজ সিঙে।

উল্লেখ্য যে, কাৰ্বি আংলং জিলাৰ ডিলাই থানাত নিয়োজিত গৃহৰক্ষী জোৱান বৰছিং বে'ই ২১ জুনৰ নিশা এখন যাত্ৰীবাহী বাছত তালাচী চলাই ইঞ্জিনত লুকুৱাই অনা তিনি কিলোগ্ৰাম ড্ৰাগছ জব্দ কৰিছিল। ড্ৰাগছ জব্দ কৰাৰ সময়ত বাছখনৰ চালকে গৃহৰক্ষী জোৱান বে'কধনৰ টোপোলা উপঢৌকন হিচাপে আগবঢ়াইছিল যদিও তেওঁ সেই প্ৰলোভন অগ্ৰাহ্য কৰি গ্ৰাগছখিনি জদ্ব কৰিছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in