গুৱাহাটীৰ ভাড়াঘৰত জৰীপ চলাব আৰক্ষীয়ে! আৰক্ষী সঞ্চালক প্রধানৰ সৈতে মহানগৰীৰ নাগৰিক কমিটীৰ মত বিনিময় অনুষ্ঠান…

গুৱাহাটীৰ ভাড়াঘৰত জৰীপ চলাব আৰক্ষীয়ে! আৰক্ষী সঞ্চালক প্রধানৰ সৈতে মহানগৰীৰ নাগৰিক কমিটীৰ মত বিনিময় অনুষ্ঠান…

ডিজিটেল ডেস্কঃ আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক উন্নত কৰাৰ স্বাৰ্থত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই মঙলবাৰে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তৰ সহযোগত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে।

মহানগৰৰ বিভিন্ন আৰক্ষী থানাৰ অন্তৰ্গত নাগৰিক কমিটীসমূহৰ বিষয়ববীয়াৰ সৈতে আৰক্ষী সঞ্চালক প্রধান মহন্ত, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাকে ধৰি গাওঁৰক্ষীৰ বাহিনীৰ দায়িত্বত থকা শীৰ্ষ আৰক্ষী বিষয়া দিগন্ত বৰা আদি এক মতবিনিময় অনুষ্ঠানত মিলিত হয়।

এই অনুষ্ঠানত নাগৰিক কমিটীসমূহৰ পৰা আৰক্ষীক অধিক সক্ৰিয় আৰু জনমুখী কৰাৰ বাবে কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰি তাৰ পৰামৰ্শ গ্ৰহণ কৰাৰ লগতে আৰক্ষীক জনসাধাৰণৰ অধিক বিশ্বাসী কৰি তুলিবলৈ ল'ব লগা পদক্ষেপসমূহকলৈও এক অৰ্থবহ আলোচনা হয়।

এই মত বিনিময় অনুষ্ঠানত অংশ লৈ আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয়- জনসাধাৰণো আৰক্ষী। পোচাক নিপিন্ধা আৰক্ষী। একেদৰে পোচাক পিন্ধা আৰক্ষী সকলো জনসাধাৰণৰ মাজৰে এজন। অপৰাধ প্ৰতিৰোধ, শান্তি শৃংখলা বজাই ৰখাৰ উপৰিও এই ধৰণৰ নাগৰিক কমিটীসমূহৰ জৰিয়তে এক সুস্থ বাতাবৰণ গঢ়ি তোলাত তেওঁ গুৰুত্ব দি কয়- এই নাগৰিক কমিটীসমূহ সদায় ৰাজনৈতিক প্ৰভাৱৰ পৰা মুক্ত।

এই মত বিনিময় অনুষ্ঠানত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে প্ৰতিখন নাগৰিক কমিটীক তেওঁলোকৰ প্ৰধান দুটা সমস্যাৰ বিষয়ে ক'বলৈ আহ্বান জনায়। মতবিনিময় অনুষ্ঠানত অংশ লৈ মহানগৰীৰ থানাসমূহৰ অন্তৰ্গত নাগৰিক কমিটীসমূহে থানাসমূহত মানৱ সম্পদৰ অভাৱ, উপযুক্ত যান-বাহনৰ ব্যৱস্থা আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অনুৰোধ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক।

দুই-এজনে মহানগৰীৰ বিভিন্ন স্থানত মাদক দ্ৰব্যৰ ঘাটি, যান-বাহন নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু অধিক ক্ষীপ্ৰ ব্যৱস্থা ল'বৰ বাবে অনুৰোধ কৰাৰ লগতে এই ব্যৱস্থাই আৰক্ষী আৰু জনসাধাৰণক একেলগে কাম কৰা আৰু বিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰাত অৰিহণা যোগাব বুলি মন্তব্য কৰে।

অৰ্থৱহ এই অনুষ্ঠানটোত আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই কয় যে, আৰক্ষীৰ সৈতে জনসাধাৰণে একেলগে কাম কৰিলে কি ধৰণে আৰক্ষীয়ে কাম কৰে তাৰ এক প্ৰত্যক্ষ আভাস ৰাইজে লাভ কৰাত সুবিধা হয়। ইয়াৰ ফলত আৰক্ষীৰ প্ৰতি থকা বহু ভ্ৰান্ত ধাৰণা ব্যৱহাৰিকভাৱে আঁতৰ কৰাত সফল হ'ব পাৰি বুলিও তেওঁ জনায়।

মহানগৰীত গঠন কৰা এই নাগৰিক কমিটীসমূহৰ সুবিধা-অসুবিধাসমূহৰ ওপৰতো তেওঁ আলোকপাত কৰি কয়- সকলোবোৰ সমস্যা একেদিনাই সমাধান কৰি দিব নোৱাৰি। কিন্তু যিবোৰ সমস্যা সমাধান কৰিব পাৰি তেনেবোৰ সমস্যা সমাধানৰ ক্ষেত্ৰত উমৈহতীয়া এই পদক্ষেপে সমাজখনৰ উপকাৰ সাধিব।

আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়াসকলৰ প্ৰতিও তেওঁ আহ্বান জনাই যে- সেৱাৰ মনোভাৱেৰে ৰাইজৰ প্ৰতি কিবা এটা কৰিবলৈ আপোনালোকো আগবাঢ়ি আহক। গুৱাহাটী জিলা পুথিভঁৰালত আয়োজিত এই অনুষ্ঠানৰ অন্তত সাংবাদিকৰ সৈতে হোৱা মুখামুখিত ভাস্কৰজ্যোতি মহন্তই জনাই যে,- মহানগৰীত আৰক্ষীয়ে এক জৰীপৰ কাৰ্যসূচীত হাতত ল'ব। নিৰ্বাচিত কেইখনমান থানাত ভাড়াঘৰত থকা লোকৰ সন্দৰ্ভত নিৰ্দিষ্ট প্ৰ-পত্ৰৰ জৰিয়তে এই জৰীপ চলাব বুলিও তেওঁ জানিব দিয়ে।

এই জৰীপ চলাওতে যাতে জনসাধাৰণৰ মাজলৈ ভুল বাৰ্তা নাযায়, তাৰ বাবে জৰীপৰ সময়ত স্থানীয় লোককো জৰীপ চলোৱা দলৰ অংশীদাৰ কৰি ল'ব বুলি সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালক প্রধানগৰাকীয়ে। এই জৰীপত ভাড়াঘৰত থকা লোকসকলৰ সন্দৰ্ভত সবিশেষ তথ্য সংগ্ৰহ কৰিব আৰক্ষীয়ে। কেতিয়াৰ পৰা তেওঁলোক আছে, কি কামত তেওঁলোক নিয়োজিত হৈ আছে এই সম্পৰ্কীয় তথ্য সংগ্ৰহ কৰিব ৰাইজৰ সহযোগত।

তিনি মাহৰ ভিতৰত যান-বাহন নিয়ন্ত্ৰণৰ বাবে স্বেচ্ছাসেৱক নিয়োগ আৰু ইয়াত সফলতা লাভ কৰিলে পৰৱৰ্তী সময়ত সেয়া মহানগৰীত যান-বাহন নিয়ন্ত্ৰণৰ বাবে এই ব্যৱস্থা কাৰ্যকৰী কৰাৰ কথাও চিন্তা চৰ্চা কৰিছে বুলি সংবাদমাধ্যমক কয় ভাস্কৰজ্যোতি মহন্তই।

শিশু আৰু মহিলাৰ ক্ষেত্ৰত সংঘটিত অপৰাধ প্ৰতিহতৰ বাবে অসম আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে। এই মত বিনিময় অনুষ্ঠানত যথেষ্ট সংখ্যক নাগৰিকে অংশ লৈ নাগৰিক কমিটীসমূহৰ জৰিয়তে তেওঁলোকে আগবঢ়োৱা সেৱাৰ কথাও উল্লেখ কৰিলে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in