ৰোগীয়া মাতৃৰ বাবে হুইলচেয়াৰ বিচৰাত মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা বৈমানিকক ৩ মাহৰ বাবে নিলম্বন…

ৰোগীয়া মাতৃৰ বাবে হুইলচেয়াৰ বিচৰাত মহিলা যাত্ৰীক দুৰ্ব্যৱহাৰ কৰা বৈমানিকক ৩ মাহৰ বাবে নিলম্বন…

ডিজিটেল ডেস্কঃ ইণ্ডিগ'ৰ এজন বৈমানিকক ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েশ্যন চমুকৈ ডিজিচিএ-য়ে এগৰাকী মহিলাক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগত ৩ মাহৰ বাবে নিলম্বন কৰিছে। ৰোগী মাতৃৰ বাবে হুইলচেয়াৰ বিচৰাৰ বাবেই বৈমানিকজনে মহিলা যাত্ৰীগৰাকীক জে'ললৈ প্ৰেৰণ কৰাৰ ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন হৈছে।

দৰাচলতে, সুপ্ৰিয়া উন্নী নায়ৰ এগৰাকী মহিলা যাত্ৰীয়ে বাংগালুৰু বিমান বন্দৰত বিমান অৱতৰণৰ পাছত ৭৫বছৰীয়া ৰোগীয়া মাতৃৰ বাবে বিচাৰিছিল এখন হুইলচেয়াৰ। কিন্তু বৈমানিকগৰাকীয়ে মহিলাগৰাকীক দুৰ্ব্যৱহাৰ কৰাৰ লগতে জে'ললৈ প্ৰেৰণ কৰাৰো ভাবুকি দিয়া বুলি তেওঁ অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে টুইটাৰযোগে এই সমগ্ৰ ঘটনাৰ সন্দৰ্ভত জনায়।

উল্লেখ্য যে, সুপ্ৰিয়াৰ এই টুইটটোৰ পাছত কেন্দ্ৰীয় মন্ত্ৰীহৰদ্বীপ সিঙেও কৰে এক টুইট। টুইটটোত কেন্দ্ৰীয়মন্ত্ৰীগৰাকীয়ে লিখিছে- 'মই সুপ্ৰিয়াউন্নী নায়ৰক বৈমানিকে দুৰ্ব্যৱহাৰ কৰাৰ এটা টুইট দেখিছো। মই মোৰ কাৰ্যালয়কইণ্ডিগ'ৰ সৈতে এই সন্দৰ্ভত কথা পাতিবলৈ কৈছিো। ইণ্ডিগ'ই জনাইছে যে, ডিজিচিএৰ তদন্তসম্পূৰ্ণ নোহাৱা পৰ্যন্ত বৈমানিকজনক কৰ্তব্যৰ পৰা আঁতৰাই ৰখা হৈছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in