ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ’লে তেওঁৰ কাষতে বহাৰ ইচ্ছা কাৰ…

ফাইল ফটো
ফাইল ফটো

ডিজিটেল ডেস্কঃ তিনি বছৰ পূৰ্বেই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰো বুলি কোৱাৰ পিছতো অৱশেষত কৰ্ণাটকৰ তুমকুৰ সংসদীয় সমষ্টিৰ পৰা লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ প্ৰস্তুতি চলাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াই। বৃহস্পতিবাৰে এই সন্দৰ্ভত তেওঁ সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কয় যে, তেওঁ সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লোৱাৰ কোনো পৰিকল্পনা কৰা নাই। লগতে তেওঁৰ দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ কোনো আকাংক্ষাও নাই বুলি ব্যক্ত কৰে।

আনহাতে কংগ্ৰেছে যদি ৰাষ্ট্ৰত চৰকাৰ গঠন কৰে, তেন্তে ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব নে চৰ্চা চলাৰ দৰে তেওঁ প্ৰধানমন্ত্ৰী হ'ব বুলি সোধা এক প্ৰশ্নৰ উত্তৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা জেডিএছৰ অধ্যক্ষগৰাকীয়ে কয়, 'যদি ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হয়, তেওঁ মই তেওঁৰ কাষত বহি সমৰ্থন আগবঢ়াম।'

উল্লেখ্য যে ২০১৯ৰ লোকসভা নিৰ্বাচনত কৰ্ণাটকৰ তুমকুৰ লোকসভা সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী জি ছ বছবৰাজৰ বিৰুদ্ধে জেডিএছ প্ৰাৰ্থীৰূপে নিৰ্বাচনত অৱতীৰ্ণ হ'ব এইচ ডি দেৱগৌড়া। ইফালে কেন্দ্ৰত ইপিএ চৰকাৰ গঠন হ'লে দেৱগৌড়া পুনৰ এবাৰ প্ৰধানমন্ত্ৰী পদৰ দাবীদাৰ হ'ব বুলি চৰ্চা চলিছে। আনকি তেওঁৰ পুত্ৰ তথা কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কুমাৰস্বামীয়েও পিতৃয়েই প্ৰধানমন্ত্ৰী হ'ব বুলি মন্তব্য কৰিছে।

দেৱগৌড়াই কয়, 'প্ৰধানমন্ত্ৰী কোন হ'ব সেয়া বিষয় নহয়, কিন্তু কেন্দ্ৰৰ পৰা মোডীক উফৰাই পেলাব লাগে। যদি তেনে নহয়, তেন্তে দেশৰ প্ৰকৃত বিকাশ স্তব্ধ হৈ ৰ'ব আৰু কেৱল পুঁজিপতিৰ শাসনলৈ ৰূপান্তৰিত হ'ব। যিকোনো কাৰণতে সেয়া হ'বলৈ দিব নালাগে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in