নাৰায়ণপুৰত সদৌ দেউৰী ছাত্র সন্থাৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

নাৰায়ণপুৰত সদৌ দেউৰী ছাত্র সন্থাৰ কৃৰ্তী ছাত্ৰ-ছাত্ৰীক অভিনন্দন

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ সদৌ দেউৰী ছাত্র সন্থাৰ নাৰয়ণপুৰ আঞ্চলিক সমিতিয়ে শনিবাৰে সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনাই। এই উপলক্ষে নাৰায়ণপুৰস্থিত দেউৰী স্বায়ত্ব শাসিত পৰিষদৰ অতিথিশালা চৌহদত পুৱাৰ ভাগত গছপুলি ৰোপণ, স্মৃতি তৰ্পণৰ পিছতে নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সভাপতি প্ৰফুল্ল দেউৰীয়ে পতাকা উত্তোলন কৰে।

দিনৰ ১২ বজাৰ পৰা অতিথিশালাৰ সভা কক্ষত এখন বিশেষ সভা অনুষ্ঠিত হয়। নাৰায়ণপুৰ আঞ্চলিক সমিতিৰ সম্পাদক ভাস্কৰ দেউৰীয়ে আতঁ ধৰা সভাখন উদ্বোধন কৰে দেউৰী স্বায়ত্ব পৰিষদৰ অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰীয়ে। সদৌ দেউৰী ছাত্ৰ সন্থাৰ সভাপতি প্ৰবীণ কুমাৰ দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত মুখ্য বক্তা হিচাপে জ্যেষ্ঠ সাংবাদিক কুমুদ শইকীয়াই অংশগ্ৰহণ কৰাৰ বিপৰীতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ অসম দেউৰী সন্মিলনৰ সম্পাদক মিত্ৰ কুমাৰ দেউৰী, নাৰায়ণপুৰ প্ৰেছ ক্লাবৰ সম্পাদক দিপান্ত কাকতি, সদৌ দেউৰী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সম্পাদক লক্ষ্মণ দেউৰী, সাংবাদিক গজেন হাজৰিকাই।

উক্ত সভাতে সদ্য ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বিভিন্ন বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা দেউৰী জনগোষ্ঠীৰ ডেৰকুৰি ছাত্ৰ-ছাত্ৰীক গামোচা, অভিনন্দন পত্ৰ আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জনাই। উল্লেখ্য যে, উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত বৰদেউৰী জনজাতি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা লেটাৰ মাৰ্কসহ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা শাৰীৰিক ভাবে সক্ষম ছাত্র ধনপিলেছ দেউৰীক সদৌ দেউৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা তিনি হাজাৰ টকা সাহাৰ্য হিচাপে আগবঢ়োৱাৰ লগতে ভবিষ্যতে সহায় কৰাৰ কথা ঘোষণা কৰে।

আনহাতে উক্ত ছাত্র গৰাকীক কিনাপথাৰ দেউৰী গাঁও নিবাসী অমৃতপ্ৰভা দেউৰীয়ে এহেজাৰ টকা সাহাৰ্য হিচাপে আগবঢ়াই ছাত্র জনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। সভাখনত বহু কেইবাগৰাকীও কৃৰ্তীমানৰ লগতে অভিভাৱকে বক্তব্য প্ৰদান কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in