দিল্লীত কম ভেকচিনেশ্যনক লৈ প্ৰশ্ন কৰা কেন্দ্ৰীয় মন্ত্ৰীক উপ মুখ্যমন্ত্ৰীয়ে দিলে উত্তৰ…

দিল্লীত কম ভেকচিনেশ্যনক লৈ প্ৰশ্ন কৰা কেন্দ্ৰীয় মন্ত্ৰীক উপ মুখ্যমন্ত্ৰীয়ে দিলে উত্তৰ…

ডিজিটেল ডেস্কঃ দেশত নতুন কোভিড ভেকচিনেশ্যন নীতি প্ৰযোজ্য হোৱা প্ৰথমটো দিনত ৮৬ লাখ লোকক প্ৰদান কৰা হয় কোভি ভেকচিন। কিন্তু দিল্লীত এক লাখৰো কম লোকক টীকা প্ৰদান কৰা হৈছে । কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে দিল্লীত কম ভেকচিন প্ৰদান কৰাক লৈ দিল্লী চৰকাৰক তীব্ৰ সমালোচনা কৰে। ইয়াৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছদিয়াই।

উল্লেখ্য যে, কেন্দ্ৰীয় মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে টুইট কৰিছে- 'যি সময়ত দেশত এদিনত ৮৪ লক্ষাধিক লোকক কোভিড ভেকচিন দিয়া হৈছে, সেই সময়ত দিল্লীত কেৱল ৭৬২৫৯জন লোককহে ভেকচিন দিছে ৰাজ্য চৰকাৰে। দিল্লী চৰকাৰৰ তাত ১১ লাখৰো অধিক কোভিড ভেকচিন আছে। ইমান কম ভেকচিন প্ৰদানৰ কাৰণ কি?'

ইয়াৰ পাছত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ ছিছদিয়াই কয় যে, 'দৰদ্বীপ পুৰী জী, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক সকলো সময়তে সমালোচনা কৰা বাদ দি নৱপ্ৰজন্মক পৰ্যাপ্ত ভেকচিন উপলব্ধ কৰোৱাত ধ্যান দিয়ক। কেন্দ্ৰীয় চৰকাৰে ভেকচিনেশ্যন নীতি সলনি কৰি থকাৰ বাবেই দেশত ভেকচিনেশ্যনক লৈ সংকটৰ সৃষ্টি হৈছে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in