আৰম্ভ হ’ল দেউৰী সকলৰ বহাগ বিহুঃ উখল-মাখল পৰিবেশ

আৰম্ভ হ’ল দেউৰী সকলৰ বহাগ বিহুঃ উখল-মাখল পৰিবেশ

ডিজিটেল সংবাদ, নাৰায়ণপুৰঃ অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী বহাগ বিহুক লৈ উখল মাখল পৰিবেশে বিৰাজ কৰিছে ৰাজ্যখনৰ অন্যান্য অঞ্চলৰ লগতে নাৰায়ণপুৰৰ দেউৰী অধ্যুষিত অঞ্চল সমুহটো। পৰম্পৰা অনুসৰি ভূমিপুত্ৰ দেউৰী সকলে বহাগৰ প্ৰথম বুধবাৰে বিহুৰ উৰুকা আৰু বৃহস্পতিবাৰে বিহু উদযাপন কৰে।

নাৰায়ণপুৰৰ কিনাপথাৰ দেউৰী গাঁৱতো দেখিবলৈ পোৱা যায় সুন্দৰ পৰিৱেশ। ওৰে নিশা বোকা বিহু মাৰি মতলীয়া হৈ পৰিছে গাঁওখনৰ ডেকা গাভৰু সকল। গাঁৱৰ বৰপুজাৰীৰ ঘৰৰ চোতালত পুৱা পৰ্যন্ত বিহু মাৰি মতলীয়া হৈ পৰিছে সকলো।

ইয়াৰ পিছতে গাঁৱৰ অন্যান্য সকলৰ চোতালতো বোকা বিহু মাৰি সকলোৱে নদীত গা-পা ধুই নিজ নিজ ঘৰলৈ যাব। সন্ধিয়াৰ পৰা পুনৰ গাঁৱৰ প্ৰতিঘৰৰ চোতালত হুঁচৰি গোৱা আৰম্ভ কৰিব।

দেউৰী বিহুৰ আন এক পৰম্পৰা হ'ল ধৰ্মীয় সাজ পানী আৰু গাহৰি মাংস। যাক দেউৰী সকলে চুজে আৰু চুচু বুলি কয়। বৃহস্পতিবাৰে বিহুৰ দিনা পুৱাই চুবুৰীয়ে চুবুৰীয়ে গাহৰি মৰা আৰম্ভ কৰিছে তেওঁলোকে। এসপ্তাহ ধৰি চলিব লগা দেউৰী সকলৰ বিহু পৰৱৰ্তী বৃহস্পতিবাৰে সামৰণি পৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in