দেউৰী স্বায়ত্ব শাসিত পৰিষদত দুৰ্নীতি: মুখ্য কাৰ্যবাহী-অধ্যক্ষ সহ ৭ পাৰিষদৰ বিৰুদ্ধে গোচৰ…

দেউৰী স্বায়ত্ব শাসিত পৰিষদত দুৰ্নীতি: মুখ্য কাৰ্যবাহী-অধ্যক্ষ সহ ৭ পাৰিষদৰ বিৰুদ্ধে গোচৰ…

ডিজিটেল সংবাদ, নাৰায়ণপুৰ: দেউৰী স্বায়ত্ত শাসিত পৰিষদ যেন ৰাইজৰ উন্নয়নৰ বাবে নহয় দেউৰী স্বায়ত্ব শাসিত পৰিষদ যেন আজি ৰূপান্তৰিত হৈছে দুৰ্নীতিৰ কাৰখানালৈ। এদিন চিঙা চেন্দেল পিন্ধা লোকে এতিয়া চলায় বিলাসী গাড়ী। বাস কৰে বিশাল অট্টালিকাত। পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী নাৰায়ণপুৰস্থিত মুখ্য কাৰ্যালয়লৈ আহে ব'হাগত কুলি অহাৰ দৰে। দেখা নাপায় সাধাৰণ দেউৰী ৰাইজে। এইজন মুখ্য কাৰ্যবাহীৰ নেতৃত্বতে গোগ্ৰাসে গিলিছে পৰিষদৰ উন্নয়নৰ ধন। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ খোদ দেউৰী ৰাইজৰ ।

অসমৰ অন্যতম ভূমিপুত্ৰ দেউৰী ৰাইজৰ সৰ্বাংগীণ উন্নয়ণ আৰু বিকাশৰ স্বাৰ্থত ৰাজ্য চৰকাৰে গঠন কৰি দিয়া স্বায়ত্ব শাসিত পৰিষদখনত সংঘটিত হৈ অহা ব্যাপক দুৰ্নীতি আৰু অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে জনগোষ্ঠীটোৰ একাংশ লোকে৷ বিজেপি নেতৃত্বাধীন বৰ্তমানৰ পৰিষদখনৰ কাৰ্যকালত প্ৰতিটো বিভাগত কাগজে কলমে উন্নয়ণৰ আচঁনি ৰূপায়ণ কৰি সমুদায় ধন পৰিষদখনৰ বিষয়ববীয়া আৰু কাৰ্যবাহী সদস্যসকলে উদৰস্থ কৰাৰ বহু অভিযোগ উত্থাপন হৈ থকাৰ সময়তে গুৱাহাটী উচ্চ ন্যায়ালয়ত পৰিষদখনৰ বৰ্তমানৰ মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰী, অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰীৰ উপাধ্যক্ষ সহ ৭ গৰাকী পাৰিষদৰ বিৰুদ্ধে দুনীতিৰ মোকদৰ্মা আৰম্ভ হৈছে ৷

পৰিষদখনৰ দুৰ্নীতিৰ বিৰুদ্ধে জনগোষ্ঠীটোৰে এগৰাকী অগ্ৰণী যুৱক দীপেন দেউৰীয়ে নাৰায়ণপুৰ থানাত তৰা গোচৰ নম্বৰ ১২৮/২২১ ইউএছ ১২০ (খ)৪৬৮ ৪০৯ ভাৰতীয় দণ্ডবিধিৰ অধীনত আৰক্ষীয়ে আজিকোপতি কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ পৰৱৰ্তী সময়ত দীপেন দেউৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল৷ যোৱা ১৬ নৱেম্বৰত ন্যায়ালয়ত উত্থাপন হোৱা গোচৰটোত আদালতে অহা ৭ ডিচেম্বৰৰ ভিতৰত নাৰায়ণপুৰ আৰক্ষীৰ পৰা কেচ ডায়েৰী বিচাৰিছে৷ নিয়ম অনুসৰি কেচ ডায়েৰী সম্পূৰ্ণ কৰাৰ পূৰ্বে গোচৰীয়া পক্ষৰ পৰা নাৰায়ণপুৰ আৰক্ষীয়ে তথ্য প্ৰমান সংগ্ৰহ কৰিব লগা প্ৰক্ৰিয়াটো সমাপন কৰিবলৈ নাৰায়ণপুৰ থানালৈ অহা গোচৰীয়া দীপেন দেউৰীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে নাৰায়ণপুৰ আৰক্ষীয়ে তেওঁৰ গোচৰটোৰ সম্পৰ্কত কেউজন অভিযুক্তক আটক কৰিব লাগিছিল যদিও আৰক্ষীয়ে বৰ্তমানেও কোনো পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হোৱা নাই ৷

তেওঁ দুখ প্ৰকাশ কৰি লগতে কয় যে- পৰিষদখনৰ মুখ্য কাৰ্যাবাহী মাধৱ দেউৰী, অধ্যক্ষ বিষ্ণু কুমাৰ দেউৰী, উপাধ্যক্ষ অমৃতপ্ৰভা দেউৰী, উপ মুখ্য কাৰ্যবাহী সদস্য ভাস্কৰ দেউৰী আৰু কাৰ্যাবাহী সদস্য ধৰ্মেন্দ্ৰ দেউৰী, হেমন্ত দেউৰী আৰু বিনিতা দেউৰীয়ে ভুৱা আচঁনিৰ নামত ব্যাপক হাৰত দুৰ্নীতি সংঘটিত কৰি দেউৰী ৰাইজৰ উন্নয়ণৰ বাবে অহা ৰাজকোষৰ ধন আত্মস্যাৎ কৰিছে৷ গোচৰীয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে- উপ-মুখ্য কাৰ্যবাহী সদস্য ভাস্কৰ দেউৰীয়ে নিজৰ ভনীয়েক মুনমা দেউৰীৰ নামত এখন গাহৰি ফাৰ্ম খোলাৰ বাবদ পৰিষদৰ পৰা ১ লাখ টকা আদায় কৰিছিল ৷

স্বামী গুৱাহাটীৰ নুনমাটি ৰিফাইনেৰীৰ কৰ্মচাৰী হোৱাৰ বাবে গুৱাহাটীত থকা মুনমা দেউৰীয়ে গাহৰি ফাৰ্ম খোলা দেখুৱাই সমুদায় ধন ভাস্কৰ দেউৰীয়ে উদৰস্থ কৰে ৷ এইকথা সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছত মুনমা দেউৰীয়ে নটাৰী যোগেদি স্পষ্ট কৰে যে- তেওঁ পৰিষদৰ কোনো আচঁনিৰ সুবিধা বিচৰা নাছিল কিন্তু এদিন ভাতৃ ভাস্কৰ দেউৰীয়ে তেওঁক বেংকৰ একাউন্ট নম্বৰ আৰু এটিএম কাৰ্ডটো বিচাৰিছিল ৷ ভাতৃ ভাস্কৰ দেউৰীয়ে কাগজে কলমে ভনীয়েকক হিতাধিকাৰী সজাই লুন্ঠন কৰা বুলি স্বয়ং ভনীয়েক মুনমা দেউৰীয়ে নটাৰী জৰিয়তে নিজৰ ভাষ্য প্ৰদান কৰিছে ৷

সীমাহীন দুৰ্নীতিৰ এয়া মাথোঁ এটা উদাহৰণ হে বুলি কৈ দীপেন দেউৰীয়ে কয়- পৰিষদখনত বিগত দিনত সংঘটিত ব্যাপক দুৰ্নীতি সম্পৰ্কে তথ্য সহকাৰে ন্যায়ালয়ত প্ৰমান দিবলৈ সাজু হৈছে ৷ চৰকাৰক পৰিষদখনৰ দুৰ্নীতিৰ গোচৰত অভিযুক্তসকলক শীৰ্ঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰ খনে দুৰ্নীতিগ্ৰস্ত সকলক কৰায়ত্ব কৰি দৃষ্টান্তমুলক শাস্তি প্ৰদান কৰিলে চৰকাৰ খন দেউৰী ৰাইজৰ আস্থাভাজন হ'ব বুলি মন্তব্য কৰে ৷

উল্লেখ্য যে, নামে বেনামে অবাধ দুৰ্নীতি সংঘটিত কৰি কোটি কোটি টকা হৰলুকি কৰাৰ অভিযোগ উত্থাপন হোৱা মুখ্য কাৰ্যবাহী সদস্য মাধৱ দেউৰীক মুখ্য কাৰ্যালয়টোত লগ নাপায় দেউৰী ৰাইজে ৷ দুৰ্নীতিৰ অপৰাধত গুৱাহাটী উচ্চ ন্যায়ালয়ত পৰিষদ খনৰ বিৰুদ্ধে গোচৰ উত্থাপন হোৱাত গ্ৰেপ্তাৰৰ ভয়ত এতিয়া মুখ্য কাৰ্যবাহী গৰাকীৰ লগতে আন পাৰিষদ সকলো ভয়ত কম্পমান হৈ পৰিছে । এতিয়া প্ৰশ্ন হয় দুৰ্নীতি-অনিয়মৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা মুখ্য মন্ত্ৰী ড.হিমন্ত বিশ্ব শৰ্মাই এই সকল দুৰ্নীতিৰ চৰ্দাৰৰ বিৰুদ্ধে শাস্তিমূলক কিবা পদক্ষেপ গ্ৰহণ কৰিবলৈ সক্ষম হ'ব নে ??

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in