দৰঙৰ দেওমৰনৈৰ পাতিদৰং পোটাপুখুৰী পথাৰত উদ্ধাৰ দুটা মৃতদেহ…

দৰঙৰ দেওমৰনৈৰ পাতিদৰং পোটাপুখুৰী পথাৰত উদ্ধাৰ দুটা মৃতদেহ…

ডিজিটেল সংবাদ, মঙলদৈঃ দৰঙৰ দেওমৰনৈৰ পাতিদৰং পোটাপুখুৰী পথাৰত শুকুৰবাৰে ৰাতিপুৱা দুটাকৈ মৃতদেহ উদ্ধাৰ হয় ৷ স্হানীয় লোকে প্ৰত্যক্ষ কৰে মৃতদেহ দুটা৷ তাৰপাছতে খবৰ দিয়ে আৰক্ষীক। খবৰ লাভ কৰিয়েই ঘটনাস্থলীত উপস্থিত হৈছে পাথৰিঘাট আৰক্ষী চকীৰ আৰক্ষী৷

ইফালে, মৃতদেহ দুটা পাতিদৰং গাঁৱৰ হেমন্ত শৰ্মা আৰু দিজু ৰাজবংশী ডেকাৰ বুলি চিনাক্ত কৰা হয়৷ যুৱক দুজন বিগত তিনি দিনৰ পৰা সন্ধানহীন হৈ আছিল৷ যুৱক দুজনৰ মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। আৰক্ষীয়ে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in