ঢকুৱাখনাৰ ৩ মিচিং জাতীয় সংগঠনৰ দাবী দিৱস পালন…

ঢকুৱাখনাৰ ৩ মিচিং জাতীয় সংগঠনৰ দাবী দিৱস পালন…

ডিজিটেল সংবাদ,ঢকুৱাখনা : অসমৰ দ্বিতীয় বৃহৎ ভৈয়াম জনগোষ্ঠী মিচিং সকলৰ সুকীয়া প্ৰশাসনিক ব্যৱস্থা "মিচিং স্বায়ত্ব শাসিত পৰিষদ"ক ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪(২) ৰ অন্তৰ্ভুক্ত কৰি ষষ্ঠ অনুসূচীৰ স্বীকৃতি প্ৰদান কৰা , ৰাজ্যখনৰ মিচিং জনগোষ্ঠীৰ অধ্যুষিত অঞ্চলত অৱস্থিত প্ৰাথমিক শিক্ষানুষ্ঠান সমূহত মিচিং ভাষাক মাতৃভাষা হিচাবে প্ৰৱৰ্তন কৰা , মিচিং ভূমিপুত্ৰ সকলৰ স্বকীয় কৃষি ভিত্তিক উৎসৱ আলি আয়েঃ লৃগাংৰ দিনা ৰাজ্যিক বন্ধ ঘোষণা কৰা , ভাৰতীয় সংবিধানত সন্নিবিষ্ট থকা "মিৰি" শব্দৰ বিলুপ্তি ঘটাই তাৰ পৰিৱৰ্তে "মিছিং" শব্দটো লিপিবদ্ধ কৰা, নামনি সোৱণশিৰী বৃহৎ জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণৰ ফলত নামনি অংশত পৰিব পৰা বিধ্বংসী প্ৰভাৱৰ সবল প্ৰতিৰোধ ব্যৱস্থা কাৰ্যকৰী নকৰা পৰ্যন্ত নদীবান্ধৰ কাম বন্ধ ৰখা আদি বহুকেইটা গুৰুত্বপূৰ্ণ দাবীৰ সমৰ্থনত বুধবাৰে দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন দাবী পত্ৰ প্ৰেৰণ কৰা হয়।

মিচিং জনগোষ্ঠীৰ তিনি জাতীয় সংগঠনৰ উদ্যোগত বুধবাৰে "দাবী দিৱস"ৰ সতে সংগতি ৰাখি মহকুমাধিপতিৰ জৰিয়তে এই দাবী পত্ৰ প্ৰেৰণ কৰে ঢকুৱাখনা জিলা মিচিং ছাত্ৰ সন্থা , মিচিং সংগ্ৰাম সমিতি আৰু মিচিং মহিলা সমিতিয়ে। কোভিডৰ ভয়াবহতাৰ পৰিপ্ৰেক্ষিতত সামাজিক ব্যৱধান আৰু প্রতিৰোধ ব্যৱস্থা গ্ৰহণ কৰি কেৱল প্ৰতীকী ৰূপত "দাবী দিৱস"টো বুধবাৰে পালন কৰে তিনি জাতীয় সংগঠনে। বিয়লি ঢকুৱাখনা জিলা টি এম পি কেৰ সভাপতি ব্ৰিগেন দলে , সম্পাদক ভূপেন দলে , এম এম কেৰ সভাপতি দীপেন দলে , সম্পাদক মোহন পেগু , টি এম এম কেৰ সভানেত্ৰী নিৰু লাগাচু ,সম্পাদিকা কাশ্মিৰীকা দলেয়ে ঢকুৱাখনাৰ মহকুমাধিপতিৰ কাৰ্যালয়ত উপস্থিত হৈ মহকুমাধিপতি গুৰনেইল সিঙৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এখন ১৭ দফীয়া দাবী পত্ৰ প্ৰেৰণ কৰি শীঘ্ৰে জাতীয় সংগঠন প্ৰেৰিত দাবী সমূহ কাৰ্যকৰী কৰাৰ আহ্বান জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in