দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ…

দূৰদৰ্শনত ‘শ্ৰীমন্ত শংকৰদেৱ’ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধৰ দাবী শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনৰ…

ডিজিটেল সংবাদ, ওদালগুৰিঃ ৰাষ্ট্ৰীয় দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটীৰ পৰা সম্প্ৰচাৰিত হৈ থকা 'শ্ৰীমন্ত শংকৰদেৱ' নামৰ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক মিছনে। মিছনৰ প্ৰধান সম্পাদক প্ৰমোদ ৰাজবংশী স্বাক্ষৰিত এক প্ৰেছ বিবৃতিযোগে মিচনে কয় যে- ধাৰাবাহিকখনৰ বিগত খণ্ড কেইটাই মহাপুৰুষগৰাকীৰ ব্যক্তিত্ব, ধৰ্ম-দৰ্শনৰ লগতে অসমৰ সংস্কৃতিক চূড়ান্তভাৱে ভুলুণ্ঠিত কৰিছে।

সেয়েহে বিবৃতিযোগে মিচনে দাবী জনাই কয় যে- উক্ত ধাৰাবাহিকখনৰ সম্প্ৰচাৰ অতি শীঘ্ৰে বন্ধ কৰি পৰম গুৰুজনাৰ ব্যক্তিত্ব, সনাতন ধৰ্ম-দৰ্শন অটুত ৰখাৰ ব্যৱস্থাৰে অসমৰ ভক্তপ্ৰাণ ৰাইজক শংকাৰ পৰা মুক্ত কৰক। অন্যথা শ্ৰমন্ত শংকৰদেশ আন্তৰ্জাতিক মিচনে আইনৰ আশ্ৰয় ল'ব বুলিও হুংকাৰ প্ৰদান কৰে।

লগতে বিবৃতিটোত মিচনে কয় যে- জানিব পৰা মতে ধাৰাবাহিকখনৰ পৰিচালক বিজয় শৰ্মা আৰু পৃষ্ঠপোষক লক্ষ্মীনাৰায়ণ ভালাই এই ধাৰাবাহিকখনৰ ভুল-ক্ৰুটীসমূহ শুধৰাবলৈ মহাপুৰুষগৰাকীৰ আদৰ্শৰ সৈতে জড়িত এটি বৃহৎ অনুষ্ঠানৰ বিষয়াৰ লগতে এগৰাকী বিশিষ্ট সমালোচক সাহিত্যিক পণ্ডিতক দিল্লীলৈ আমন্ত্ৰণ কৰি নিছিল। কিন্তু উক্ত লোক কেইজনে ধাৰাবাহিকখন সম্পৰ্কে পৰিচালকক কিবা পৰামৰ্শ আগবঢ়াইছিল নে বুলিও মিচনে প্ৰশ্ন কৰে। ধাৰাবাহিকখন কোন কেইখন গুৰুচৰিতৰ আধাৰত নিৰ্মাণ কৰিলে, সেয়া ৰাজহুৱাভাৱে স্পষ্ট কৰিবলৈ মিচনে অনুৰোধ জনায়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in