শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

হ’ব নেকি মেঘালয়ৰ মন্ত্ৰীসভাৰ সালসলনি…

ডিজিটেল ডেস্কঃ মেঘালয়ৰ শাসনত থকা এমডিএ-পিপিইৰ বিৰুদ্ধে ভ্ৰষ্টাচাৰৰ যি অভিযোগ বিজেপিয়ে উত্থাপন কৰিছে, সেই অভিযোগ যদি সঁচা প্ৰমাণিত হয় তেন্তে কনৰাড ছাংমা চৰকাৰৰ বাবে ই এক ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব। ভ্ৰষ্টাচাৰৰ উপৰিও মন্ত্ৰীসভাৰ সালসলনিৰ বাবে দাবী কৰা হৈছে। এই দাবী এমডিএ চৰকাৰে আঢ়ৈ বছৰ কাৰ্যকাল সম্পন্ন কৰাৰ ওপৰত ভত্তি কৰি কৰা হৈছে।

ইফালে, এই সময়চোৱাত বিজেপি বিধায়ক এ এল হেক আৰু সানবোৰ ছুল্লাইয়ে এই মন্ত্ৰীসভাৰ ৰদবদলৰ সন্দৰ্ভত দলটোৰ কেন্দ্ৰীয় নেতৃত্বই নিৰ্দেশ দিব বুলি অপেক্ষা কৰি আছে আৰু হেকে লগতে কয় যে, ৰাইজ আৰু দলে আঢ়ৈ বছৰত তেওঁ কি কি কাম কৰিছে সেয়া নিৰ্ণয় কৰিব।

এমডিএ চৰকাৰে আঢ়ৈ বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰাৰ লগতে মন্ত্ৰীসভাৰ সালসলনিত হেকৰ স্থানত ছুল্লাইৰ নাম সলনি কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে চলিত বৰ্ষৰ ফেব্ৰুৱাৰীত মন্ত্ৰীসভাৰ সালসলনি কৰা হৈছিল। এই সময়ত মুখ্যমন্ত্ৰী কনৰাড ছাংমাই তেওঁৰ ভাতৃ জেমছ কে ছাংমাক ৰাজ্যখনৰ গৃহ মন্ত্ৰী পদৰ পৰা আঁতৰাই দিছিল। কিয়নো তেওঁক লৈ আনবোৰ সতীৰ্থ মন্ত্ৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল।  

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি