হেলমেট পৰিধান নকৰাৰ বাবে ৰখোৱা ট্ৰেফিক আৰক্ষীক সুৰাসত্ত যুৱতীৰ প্ৰহাৰ… চাওঁক VIDEO

হেলমেট পৰিধান নকৰাৰ বাবে ৰখোৱা ট্ৰেফিক আৰক্ষীক সুৰাসত্ত যুৱতীৰ প্ৰহাৰ… চাওঁক VIDEO

ডিজিটেল ডেস্কঃ বাইক বা স্কুটী চলালে হেলমেট পৰিধান কৰাটো বাধ্যতামূলক। যান-বাহন আইনৰ লগতে নিজৰ সুৰক্ষাৰ বাবেও বাইক-স্কুটী চলোৱা সময়ত হেলমেট পৰিধান কৰাটো জৰুৰী। কিন্তু একাংশ লোকে এই নিয়ম উলংঘা কৰাৰ উপৰিও যান-বাহন আৰক্ষীয়ে যেতিয়া কিয় হেলমেট পৰিধান কৰা নাই বুলি প্ৰশ্ন কৰে তেতিয়া বাইক আৰোহীজনে আৰক্ষীজনক অভব্য আচৰণ কৰে।

এনে এক ঘটনা সংঘটিত হয় দিল্লীত। এখন স্কুটীত আৰোহীজনে হেলমেট পৰিধান নকৰাৰ বাবে যান-বাহন আৰক্ষীয়ে ৰখোৱাত তেওঁৰ সৈতে অভব্য আচৰণ কৰে স্কুটীখনৰ পাছত বহি থকা এগৰাকী যুৱতীয়ে।

দিল্লীৰ মায়াপুৰীত সংঘটিত হোৱা এই ঘটনাৰ এটা ভিডিঅ'ও বৰ্তমান অতিকৈ চৰ্চিত হৈছে। যান-বাহন আৰক্ষীজনে জনোৱা মতে, স্কুটীখনত থকা দুয়োগৰাকী লোক সেই সময়ত সুৰাসত্ত অৱস্থাত আছিল। আৰু যুৱতীগৰাকীয়ে আৰক্ষী জোৱানজনক প্ৰহাৰো কৰে। ইতিমধ্যে আৰক্ষী জোৱানজনে দুয়োৰে ওপৰত এক গোচৰ ৰুজু কৰা বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in