দিল্লীত হিংসাত্মক ঘটনা সংঘটিত এলেকাত উপস্থিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল…

দিল্লীত হিংসাত্মক ঘটনা সংঘটিত এলেকাত উপস্থিত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল…

ডিজিটেল ডেস্কঃ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে উত্তৰ-পূব দিল্লীৰ হিংসাত্মক ঘটা সংঘটিত হোৱা এলেকা ক্ৰমে ছীলমপুৰ আৰু মোজপুৰত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। তাৰ পূৰ্বে তেওঁ ছীলমপুৰ ডিচিপি কাৰ্যালয়ত উপস্থিত হৈ বিষয়াসকলৰ সৈতে মিলিত হয় এক বৈঠকত। এই বৈঠকত দিল্লী আৰক্ষীৰ বিশেষ আয়ুক্ত এছ এন শ্ৰীবাস্তৱসহ বহু কেইগৰাকী বিষয়া উপস্থিত থাকে।

বৈঠকৰ পাছত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকী মিলিত হয় স্থানীয় ৰাইজৰ সৈতে। তেওঁ এগৰাকী স্থানীয় মহিলাক কয় যে, 'আমাৰ এখন দেশ। আমি সকলোৱে মিলাপ্ৰীতিৰে থাকিব লাগে। সকলোৰে সৈতে একেলগে দেশখন আগবঢ়াই নিব লাগিব।'

ইফালে, অজিত ডোভালৰ সন্মুখত উপস্থিত কেইজনমান স্থানীয় লোকে কয়- 'আপুনি থাকিলে আমাৰ কোনো চিন্তা নাই। আপুনি আহিলে যেতিয়া আমি সাহস পাইছো।' ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে তেতিয়া কয় যে, এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণ কৰা হৈছে।

লগতে তেওঁ কয়-'যদি কোনো সমস্যা হয় তেন্তে আমাক জনাব। প্রধানমন্ত্ৰী মোডী আৰু গৃহ মন্ত্ৰী শ্বাহৰ নিৰ্দেশ মৰ্মেই আমি ইয়ালৈ আহিছো। আপোনালোকে চিন্তা কৰাৰ আৰু প্ৰয়োজন নাই। হিংসাত্মক ঘটনা সংঘটিত হোৱা এলেকাসমূহত মই উপস্থিত হৈছো। ৰাইজে একতা বিচাৰে, শান্তি বিচাৰে।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in