অশান্ত দিল্লীঃ নিহতৰ সংখ্যা ৩০ লৈ বৃদ্ধি…

অশান্ত দিল্লীঃ নিহতৰ সংখ্যা ৩০ লৈ বৃদ্ধি…

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰ নামত বিগত ৪ দিন ধৰি দিল্লীত সংঘটিত হৈ থকা হিংসাত্মক ঘটনাত নিহতৰ সংখ্যা ৩০ লৈ বৃদ্ধি পাইছে। বুধবাৰৰ নিশালৈকে নিহতৰ সংখ্যা ২৭ আছিল যদিও নিশা ২ গৰাকী আৰু বৃহস্পতিবাৰে পুৱা দিল্লীৰ চিকিৎসালয়ত এগৰাকী আৰক্ষী বিষয়া নিহত হোৱাত নিহতৰ সংখ্যা ৩০ লৈ বৃদ্ধি পাইছে।

ইফালে পূৰ্বতকৈ দিল্লীৰ পৰিস্থিতি কিছু উন্নত হৈছে যদিও নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি ৰাখিছে প্ৰশাসনে। দিল্লীৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অজিত ডোভালক দায়িত্ব অৰ্পণ কৰা পিছৰে পৰা বিষয়াগৰাকীয়ে দিল্লী প্ৰতিটো অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতি বুজ লোৱাও পৰিলক্ষিত হৈছে।

আনফালে উচতনিমূলক মন্তব্য দিয়া সকলৰ বিৰুদ্ধে কিধৰণৰ আইনী ব্যৱস্থা লোৱা হ'ব তাক লৈয়ো আজি দিল্লী উচ্চ ন্যায়ালয়ে ৰায় প্ৰদান কৰিব। উল্লেখ্য যে, বুধবাৰে উচতনিমূলক মন্তব্য দিয়া ৩ বিজেপি নেতাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in