৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই

৬০ কোটিৰ দেৱালেৰে ট্ৰাম্পৰ চকুৰ পৰা দৰিদ্ৰ ঢাকিছিল চৰকাৰে, পিছে দিল্লীত ঢাকিব নোৱাৰিলে ক্ষোভৰ জুই

ডিজিটেল ডেস্কঃ নাগৰিকত্ব সংশোধনী আইনক লৈ প্ৰথমে উত্তাল প্ৰতিবাদমুখৰ হৈছিল অসম। এই প্ৰতিবাদক বিৰোধী দল আৰু মাওবাদী শক্তিৰ দ্বাৰা প্ৰৰোচিত বুলি প্ৰচাৰ চলাই একেদিনাই ৫ জনকৈ কিশোৰ-যুৱকক হত্যা তথা বহুজনক বন্দী কৰি চৰকাৰে আন্দোলনটো অসমতে নিঃশেষ কৰিব খুজিছিল। কিন্তু চৰকাৰৰ এনে প্ৰচেষ্টা বুমেৰাং হ'ল। উত্তৰ-পূবৰ বিভিন্ন ৰাজ্য চৰকাৰে আনুষ্ঠানিকভাৱে ইয়াৰ প্ৰতিবাদ কৰাৰ লগতে সমগ্ৰ দেশলৈ ইয়াৰ প্ৰসাৰ ঘটাই নহয়, যোৱা ৩টা মাহ দেশৰ প্ৰধান প্ৰধান ৰাজ্যসমূহত নাগৰিকত্ব সংশোধনী আইনৰ দৰে দেশৰ নাগৰিকৰ ভৱিষ্যত অনিশ্চয়তাৰ মাজলৈ ঠেলি দিব পৰা এনে আইনখনৰ বিৰুদ্ধে তীব্ৰ গণ আন্দোলন অব্যাহত আছে।

আনহে নালাগে, দেশৰ ৰাজধানী দিল্লীৰ শ্বাহীন বাগ সম্প্ৰতি এই আন্দোলনৰ অভিকেন্দ্ৰ হৈ পৰিছে। মহাৰাষ্ট্ৰৰ পৰা পশ্চিম বংগলৈ, হায়দৰাবাদৰ পৰা অসমলৈ স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই অহা লাখ লাখ লোকৰ প্ৰতিবাদক লৈ অস্তিৰতা তথা অশ্বস্তিত পৰিবলগা হৈছে বীৰদৰ্পে আইন বলবৎ কৰা কেন্দ্ৰীয় চৰকাৰো।

এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ সবাতোকৈ ব্যতিব্যস্ত হয় মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে সপৰিয়ালে ভাৰত ভ্ৰমণ কৰাৰ সময়ছোৱাত। দেশৰ দৰিদ্ৰ ঢাকি ৰাখিবলৈ ৬০ কোটি টকীয়া ওখ দেৱাল নিৰ্মাণ কৰা চৰকাৰে ডোনাল্ড ট্ৰাম্পক দেশৰ জয় জয় ময় ময় অৱস্থা দেখুৱাবলৈ চেষ্টা কৰিলেও, অথবা ট্ৰাম্পৰ মুখেৰে মোডীয়ে গঢ়ি তোলা ভাৰতৰ ঐক্য বিশ্বৰ বাবে প্ৰেৰণা বুলি কোৱালেও এই ঐক্য যে বৰ্তমানৰ চৰকাৰৰ শাসনত ভাগি থানবান হৈছে, সেয়াও স্বয়ং ট্ৰাম্পে প্ৰত্যক্ষ কৰিবলগা হ'ল।

ট্ৰাম্পৰ ভ্ৰমণৰ সময়তে উত্তৰ পূব দিল্লীত সোমবাৰে যি পৰিস্থিতিৰ সৃষ্টি হ'ল, ইয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে কৌশল খটুৱাই যিমানেই দিল্লীৰ চৰকাৰলৈ দায় ঠেলিবলৈ চেষ্টা নকৰক কিয়, ৰাজ্যখনৰ আইন শৃংখলাৰ প্ৰত্যক্ষ দায়িত্ব কেন্দ্ৰৰ হাতত থকা অৱস্থাত কেনেকৈ এনে এক ভয়ংকৰ পৰিস্থিতি ট্ৰাম্পৰ ভ্ৰমণকালত সংঘটিত হ'ব পালে, তাৰ কোনো ব্যাখ্যা মাৰ্কিন চৰকাৰক দিল্লীৰ কেন্দ্ৰীয় চৰকাৰে দিব নোৱাৰিব।

ডোনাল্ড ট্ৰাম্পৰ পত্নীয়ে কেজৰিৱালে উন্নয়ন ঘটোৱা চৰকাৰী বিদ্যালয়, বিশ্ববিদ্যালয় পৰিদৰ্শনৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী কেজৰিৱালক কৌশলপূৰ্ণভাৱে আঁতৰাই ৰখা হ'ল। ইয়াৰ উদ্দেশ্য আছিল শৈক্ষিক ক্ষেত্ৰৰ এই চমৎকাৰী উন্নয়নৰ কৃতিত্ব কেন্দ্ৰীয় চৰকাৰে নিজেই লোৱাটো। সেই ক্ষেত্ৰত হয়তো প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ সফলো হ'ল। কিন্তু সেই একেইগৰাকী গৃহমন্ত্ৰীৰ তত্বাৱধানত থকা দিল্লীৰ আইন শৃংখলাৰ ভয়াবহ অৱনতিৰ খবৰ ট্ৰাম্পৰ পৰা অমিত শ্বাহে কিদৰে লুকুৱাই ৰাখিব সেই লৈ এতিয়া বিভিন্ন প্ৰশ্ন ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় স্তৰত উত্থাপিত হৈছে।

প্ৰতিবাদকাৰীৰ ওপৰত অব্যাহত ৰখা কঠোৰ দমনেই যে সোমবাৰৰ পৰিস্থিতিৰ বাবে প্ৰধানতঃ দায়ী তাৰ ইংগিত ইতিপূৰ্বে উচ্চতম ন্যায়ালয়ে দিছিল। সোমবাৰৰ ঘটনাৰ প্ৰাকক্ষণত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ দীপক গুপ্তাই কৈছিল- গণতন্ত্ৰত বিৰোধ প্ৰদৰ্শনৰ স্বাধীনতা থকা উচিত। আমাৰ সংবিধানে আমাক সেই অধিকাৰ প্ৰদান কৰে আৰু এয়া সকলোতকৈ মহত্বপূৰ্ণ অধিকাৰ। তেওঁ কয়, 'বিৰোধিতা অবিহনে গণতন্ত্ৰৰ অস্তিত্বই মূল্যহীন।'

ন্যায়াধীশ গুপ্তাই কৈছিল যে কোনো এজন ব্যক্তিয়ে যেতিয়ালৈকে আইন উলংঘা নকৰে অথবা হিংসাৰ বাবে প্ৰৰোচিত নকৰে, তেতিয়ালৈকে শাসনাধিষ্ঠিত নেতা বা অন্য লোকৰ বিচাৰধাৰৰ বিৰোধিতা কৰাৰ তেওঁৰ সম্পূৰ্ণ অধিকাৰ থাকে। সোমবাৰে উচ্চতম ন্যায়ালয় বাৰ এছ'চিয়েশ্যনৰ দ্বাৰা আয়োজিত এক অনুষ্ঠানত 'গণতন্ত্ৰ আৰু বিৰোধিতা' বিষয়ত ভাষণ দি এই মন্তব্য কৰিছিল ন্যায়াধীশ দীপক গুপ্তাই।

তেওঁ কৈছিল, 'মই ন্যায়ালয়ৰ সমালোচনাক আদৰণি জনাও। কিয়নো যেতিয়া সমালোচনা হয়, তেতিয়া সংশোধন সম্ভৱ হয়। আমি আত্ম সমালোচনাও কৰা উচিত। আমি যেতিয়া আত্ম সমালোচনা কৰো, তেতিয়া আমি উপলব্ধি কৰিব পাৰো যে আমাৰ মাজত কি সংশোধন কৰিবলৈ আছে।'

ন্যায়াধীশগৰাকীয়ে পুনৰ কৈছিল, 'গণতন্ত্ৰত যদি কোনোৱে কাৰ্যপালিকা, ন্যায়পালিকা, শাসকীয় নেতা অথবা সশস্ত্ৰ বাহিনীৰ সমালোচনা কৰে, তেন্তে তেওঁক দেশ বিৰোধী বুলি ক'ব পৰা নাযায়। আমাৰ সংবিধানে প্ৰত্যেকজন নাগৰিককে চৰকাৰৰ বিৰুদ্ধে প্ৰশ্ন কৰাৰ অধিকাৰ দিয়ে। এই অধিকাৰ কাঢ়ি ল'ব নোৱাৰি। যদি আমি সেয়া কৰো, তেন্তে এয়া আমাৰ গণতন্ত্ৰৰ বাবেই বিপজ্জনক হ'ব।' দেশৰ প্ৰগতিৰ বাবে অৰ্থনৈতিক অধিকাৰৰ লগতে নাগৰিকৰ অধিকাৰো সুৰক্ষিত কৰাটো অতি জৰুৰী বুলি মন্তব্য কৰে ন্যায়াধীশ দীপক গুপ্তাই।

আনহাতে ন্যায়াধীশ দীপক গুপ্তাই কৈছিল যে সংখ্যাগৰিষ্ঠতাৰ শাসন গণতন্ত্ৰৰ এক অভিন্ন অংগ। কিন্তু ক্ষমতাত অধিষ্ঠিত সকলে যদি তেওঁলোক সকলো লোককে প্ৰতিনিধিত্ব কৰে বুলি দাবী কৰে, তেন্তে সেয়া সম্পূৰ্ণ ৰূপে সঁচা নহয়। প্ৰত্যেকজন জনতাৰ ইচ্ছাক তেওঁলোকে প্ৰতিনিধিত্ব কৰা বুলি কেতিয়াও দাবী কৰিব নোৱাৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in